‘মোৰ ফালৰ পৰা ভুল বুজাবুজি আছিল’; অৰিজিৎ সিঙৰ সৈতে হোৱা কাজিয়াক লৈ ভুল স্বীকাৰ ছলমান খানৰ

অৰিজিৎ সিঙৰ সৈতে হোৱা কাজিয়াক লৈ ভুল স্বীকাৰ ছলমান খানৰ

বিগ বছ ১৯ৰ শেহতীয়া উইকেণ্ড কা ভাৰ খণ্ডটোত হাঁহি, নষ্টালজিয়া আৰু আন্তৰিক কথোপকথন দেখা গৈছিল। আয়োজক ছলমান খানে নিজৰ ধেমেলীয়া শৈলীৰে দৰ্শকক মনোৰঞ্জন দিয়াৰ লগতে গায়ক অৰিজিৎ সিঙৰ সৈতে থকা পুৰণি ভুল বুজাবুজি দূৰ কৰে।

এই খণ্ডটোত বিশেষ অতিথি হিচাপে আহি কমেডিয়ান ৰবি গুপ্তাই নিজৰ হাস্যৰসময়ী শৈলীৰে পৰিৱেশটো লঘু কৰি তুলিছিল। ছলমানক লগ পোৱাৰ লগে লগে ৰবিয়ে ধেমালিতে ক’লে, “তোমাক লগ পাই অলপ ভয় খাইছিলো।”

অভিনেতা গৰাকীয়ে কিয় বুলি প্ৰশ্ন কৰাত ৰবিয়ে হাঁহি হাঁহি উত্তৰ দিলে, “কাৰণ মোৰ চেহেৰাটো অৰিজিৎ সিঙৰ দৰে।”

সেই কথাত হাঁহি হাঁহি ছলমানে কয় যে, “অৰিজিৎ আৰু মই বহুত ভাল বন্ধু। ভুল বুজাবুজি মোৰ ফালৰ পৰা আছিল। পিছত তেওঁ আনকি মোৰ বাবে গান গাইছিল।তেওঁ টাইগাৰ ছবিখনত গান গোৱাৰ লগতে এতিয়া গালৱানটো গান গাইছে।”

এই বিতৰ্ক ২০১৪ চনৰ পৰাই আৰম্ভ হৈছিল, যেতিয়া ছলমান খানে এটা এৱাৰ্ড শ্ব’ ত চেন্দেল পিন্ধি মঞ্চলৈ যোৱা অৰিজিৎ সিঙে বঁটা ল’বলৈ যোৱাত ইতিকিং কৰিছিল।

ছলমান খানে ধেমালিতে মন্তব্য কৰিলে, “আপুনি শুই আছিল নেকি?” অৰিজিতে লঘু মনেৰে উত্তৰ দিলে, “আপোনালোকে মোক শোৱাই দিলে।” ছলমান খানৰ এই ধেমালিটো অৰিজিতৰ ভাল নালাগিল।

২০১৬ চনত অৰিজিতে ছ’চিয়েল মিডিয়াত ছলমান খানৰ ওচৰত ক্ষমা খুজিছিল আৰু তেওঁৰ গীত চুলতান ছবিখনত ৰখাৰ বাবে অনুৰোধ জনাইছিল।

লগতে পঢ়ক: মহাভাৰতৰ ‘কৰ্ণ’ খ্যাত পংকজ ধীৰ আৰু নাই; ৬৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

বিগ বছৰ প্ৰতিটো ছিজনত বৃদ্ধি হয় ছলমান খানৰ মাচুল; ১টা খণ্ডৰ বাবে…

বিগ বছৰ প্ৰতিটো ছিজনত বৃদ্ধি হয় ছলমান খানৰ মাচুল

বিগ বছ দেশৰ প্ৰিয় ৰিয়েলিটি শ্ব’ সমূহৰ ভিতৰত এটা।যাক বছৰ বছৰ ধৰি দেশবাসীয়ে জনপ্ৰিয় কৰি তুলিছে। প্ৰথম অৱস্থাত ইয়াক আৰ্শ্বদ ৱাৰ্ছি, শিল্পা শ্বেট্টী, অমিতাভ বচ্চন আৰু ফাৰাহ খানে হ’ষ্ট কৰিছে।

কিন্তু বিগ বছ ৪ৰ পৰা ছলমান খানে ইমানেই চৰ্চা লাভ কৰিলে যে আজিলৈকে তেওঁয়েই ঘোষক হিচাপে আছে।শ্ব’টোত ছলমান খানৰ ব্যাপক চাহিদা আছে।এতিয়া চাহিদা ইমানেই বাঢ়ি গৈছে যে ছলমান খানে প্ৰতিটো ছিজনতে তেওঁৰ মাচুল বৃদ্ধি কৰিছে।

ছলমান খানে ২০১০ চনৰ পৰা বিগ বছৰ ঘোষক হিচাপে আছে।বিগ বছ ১৪ আহি পোৱাৰ সময়লৈকে ছলমান খানে কেইবা শতাংশও মাচুল বৃদ্ধি কৰিছিল। এই ছিজনৰ বাবে তেওঁ প্ৰতিটো খণ্ডৰ বাবে ২০ কোটি টকা লয়।

আৰু সেই মাছুল বৃদ্ধি এতিয়া বৰ্তমান চলি থকা বিগ বছ ১৯ ৰ বাবে ছলমান খানে ১৫০ কোটি টকা মাচুল লাভ কৰিছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: ইউটিউবৰ বিৰুদ্ধে ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ এহাজাৰ দাখিল; ৪ কোটি টকাৰ ক্ষতিপূৰণৰ দাবী

‘ছলমান খান গুণ্ডা…পৰিয়ালৰ মানুহো স্বাভাৱিক নহয়’; ছলমান খানৰ বিৰুদ্ধে পৰিচালকৰ বিস্ফোৰক মন্তব্য

ছলমান খানৰ বিৰুদ্ধে পৰিচালকৰ বিস্ফোৰক মন্তব্য

১৫ বছৰীয়া ছুপাৰহিট ছবি ‘দবাংগ’ৰ পৰিচালক অভিনৱ কাশ্যপে ছলমান খানক পুনৰ আক্ৰমণ চলাইছে।এক সাক্ষাৎকাৰত তেওঁ কয় যে ‘দবাং’ৰ আগতে ছলমানে নিজৰ ভাবমূর্তি সলনি কৰাৰ প্রয়োজন আছিল৷

সেই সময়ত তেওঁ ‘ৱাণ্টেড’ আৰু ‘তেৰে নাম’ আদি ছবিৰ বাবে পৰিচিত আছিল,যাৰ বাবেই মানুহে তেওঁক ‘খিঙখিঙিয়া’ আৰু ‘উদ্ভণ্ড’ বুলি মানি লৈছিল।অভিনৱে কয় যে ছলমানে ‘দবাংগ’ কৰি সেই ভাবমূর্তিৰ পৰা ওলাই আহিব বিচাৰিছিল৷

অভিনৱ কাশ্যপে জনোৱা মতে, তেওঁ প্ৰথমে আৰবাজ খানৰ সৈতে যোগাযোগ কৰিছিল। আৰবাজে নিজেই ছবিখনৰ নায়ক হ’ব বিচাৰিছিল যদিও পিছত তেওঁ ছবিখন প্ৰযোজনা কৰাৰ সিদ্ধান্ত লয়।

অভিনৱে যেতিয়া গম পালে যে ‘দবাং’ত ছলমান নায়ক হ’ব, তেওঁ ক’লে যে সেই সময়ত (২০০৮ চনৰ আশে-পাশে) ছলমানৰ ভাবমূর্তি আছিল ৰাস্তাৰ ৰোমিঅ’ৰ দৰে৷ মানুহে তেওঁক ‘টাৱেল ডান্স’ আৰু ‘দীৱানে আছিক’ৰ দৰে চৰিত্ৰৰ সৈতে চাবলৈ মন কৰিছিল।

অভিনৱ কাশ্যপে ইয়াতেই ক্ষান্ত নাথাকিল, তেওঁ কেৱল ছলমানৰ ভাবমূর্তিয়েই নহয়, বৰঞ্চ তেওঁৰ পৰিয়ালৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।

তেওঁ ক’লে, ‘মই বিশ্বাস কৰোঁ যে ছলমান আৰু তেওঁৰ পৰিয়ালটো সাধাৰণ মানুহ নহয়।তেওঁ এজন প্ৰমাণিত অপৰাধী।’

‘তেওঁ জামিনত বাহিৰত আছে আৰু এজন অপৰাধী সদায় অপৰাধীয়েই।তেওঁ দাবী কৰে যে তেওঁ ছলমানৰ সৈতে জড়িত বহু গোপন কথাও জানে।’

অভিনৱে লগতে কয় যে ছলমান খানৰ অভিনয়ৰ প্ৰতি কোনো আগ্ৰহ নাই।’যোৱা ২৫ বছৰে ছলমানে কেৱল নামৰ বাবেই অভিনয় কৰি আহিছে।’

‘তেওঁ কেৱল অনুকূলতা দেখুৱাবলৈহে চেটলৈ আহে।তেওঁৰ মনোযোগ অভিনয়ৰ ওপৰত নহয়, চেলিব্ৰিটি শক্তিৰ ওপৰতহে।আচলতে তেওঁ এটা গুণ্ডা।

তেওঁৰ সকলো বক্তব্য ইতিমধ্যে ছ’চিয়েল মিডিয়া ভাইৰেল হৈ পৰিছে,যিটোৱে ছলমানৰ অনুৰাগীক বহুত ক্ষুব্ধ কৰি তুলিছে।  

লগতে পঢ়ক: দিশা পাটানীৰ ঘৰত গুলীচালনা কৰা দুয়োজন অভিযুক্তক এনকাউন্টাৰ…

‘না সঁচা প্ৰেম হ’ল, না কিবা আধৰুৱা হৈ থাকিল…’; প্ৰেম জীৱনক লৈ প্ৰথমবাৰলৈ মুখখুলিলে ছলমান খানে

প্ৰেম জীৱনক লৈ প্ৰথমবাৰলৈ মুখখুলিলে ছলমান খানে

ছলমান খানৰ বিগ বছ ১৯ আৰম্ভ হৈছে। দেওবাৰে অনুষ্ঠানটোৰ প্ৰিমিয়াৰ হৈছিল। অভিনেতা গৰাকীৰ শ্ব’ৰ প্ৰিমিয়াৰ প্ৰতিবাৰেই অসাধাৰণ হয়।

শ্ব’টোত ছলমানে প্ৰতিযোগীসকলৰ সৈতে তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বিষয়ে কথা পাতি থকা দেখা গৈছিল। তাৰ মাজতে অভিনেতা গৰাকীয়ে নিজৰ প্ৰেম জীৱনৰ কথাও ক’লে।এই কথা শুনি সকলোৱে স্তম্ভিত হৈ পৰিল।

এগৰাকী প্ৰতিযোগীয়ে ছলমানক প্ৰশ্ন কৰিছিল যে, ছাৰ, প্ৰকৃত প্ৰেম সদায় অসম্পূৰ্ণ হৈ থাকে নেকি? যাৰ উত্তৰত ছলমানে কয়-‘সঁচা প্ৰেম, মই নাজানো, কাৰণ এতিয়াও হোৱা নাই।না মোৰ প্ৰকৃত প্ৰেম হৈছে না কিবা আধৰুৱা হৈ আছে’।

উল্লেখ্য যে ছলমান খানে বহু অভিনেত্ৰীক ডেটিং কৰিছিল।বহু যুৱতীৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছে ছলমান খানে।ছমী আলী, সংগীতা বিজলানী, ঐশ্বৰ্য ৰায় কেটৰিনা কাঈফকে ধৰি বহু অভিনেত্ৰীক ডেটিং কৰিছিলে।

সংগীতা বিজলানী আৰু ছলমানৰ বিয়াও থিক হৈছিল। দুয়োৰে বিয়াৰ কাৰ্ডবোৰো ছপা হৈছিল যদিও তাৰ পিছত অভিনেত্ৰীগৰাকীয়ে এই বিবাহ ভাঙি দিছিল।

লগতে পঢ়ক: গোবিন্দ আৰু সুনীতা আহুজাৰ বিবাহ বিচ্ছেদক লৈ মুখ খুলিলে কন্যা টিনা আহুজাই …

নিশ্চিত হ’ল বিগ বছ হাউছৰ অতিথিৰ নাম… নিৰ্মাতাই মুকলি কৰিলে প্ৰমো

নিশ্চিত হ’ল বিগ বছ হাউছৰ অতিথিসকলৰ নাম

বিগ বছ দেশৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় শ্ব’ । শীঘ্ৰেই এই শ্ব’টোৱে টিভি আৰু অ’টিটি প্লেটফৰ্মতো টোকৰ মাৰিব । ছলমান খানক হোষ্ট হিচাপে দেখা যাব যদিও শ্ব’টোত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক লৈ অনুৰাগীৰ মাজত যথেষ্ট উৎকণ্ঠা দেখা গৈছে । ইফালে, শ্ব’টোৰ নিৰ্মাতাসকলে প্ৰায় ৪ জন প্ৰতিযোগীক নিশ্চিত কৰিছে । আচলতে ছ’চিয়েল মিডিয়াত মেকাৰসকলে ২টা প্ৰমো মুকলি কৰিছে, য’ত ৪জন প্ৰতিযোগীৰ নাম প্ৰকাশ পাইছে ।

২৪ আগষ্টত প্ৰিমিয়াৰ হ’ব বিগ বছৰ । এই শ্ব’টোৰ বাবে অনুৰাগীয়ে বহুদিনৰ পৰা অপেক্ষা কৰি আছে । শ্ব’ আৰম্ভ হোৱাৰ আগতেই অনুৰাগীয়ে বিগ বছ হাউচৰ অতিথিসকলৰ নাম অনুমান কৰিবলৈ আৰম্ভ কৰিছিল । কিন্তু, কোনো নাম প্ৰকাশ কৰা নাছিল নিৰ্মাতাসকলে । অৱশ্যে এতিয়া শ্ব’টোৰ তিনিটা প্ৰমো মুকলি হৈছে, য’ত আৱাজ দৰবাৰ, নাগমা মিৰাজকাৰ, অমল মালিক, গৌৰৱ খান্নাৰ দৰে শিল্পীৰ নাম ওলাইছে ।

যদিও মেকাৰসকলে প্ৰমোটোত কাৰো মুখ প্ৰকাশ কৰা নাই, কিন্তু চেহেৰাৰ বাবে এই নামবোৰ অনুমান কৰাটো একেবাৰেই কঠিন নাছিল ।

প্ৰমোটোত প্ৰথম নাম আহে আৱাজ দৰবাৰ আৰু নাগমা মিৰাজকাৰৰ । দুয়োজনে ছ’চিয়েল মিডিয়াত নিজৰ এক ডাঙৰ পৰিচয় গঢ়ি তুলিছে, অনুৰাগীয়ে তেওঁলোকৰ কেমিষ্ট্ৰী বহুত ভাল পাইছে । অৱশ্যে দুয়োৰে সম্পৰ্কত থকাৰ খবৰ ওলাই আছে, এতিয়া এই গোপন কথাও শ্ব’টোত প্ৰকাশ পাব ।

শ্ব’টোৰ দ্বিতীয় আৰু তৃতীয় প্ৰমোত টিভিৰ বিখ্যাত ব্যক্তিত্ব গৌৰৱ খান্নাৰ নাম আহে । ইয়াৰ পিছতে বিখ্যাত গায়ক তথা সংগীত জগতৰ সুৰকাৰ অমল মালিকৰ নাম প্ৰকাশ পাই ।

এতিয়ালৈকে শ্ব’টোৰ প্ৰমোত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ মুখ ব্লাৰ কৰি দিয়া হৈছে । টিভিৰ কালাৰছ চেনেলত নিশা ১০.৩০ বজাত আৰু অ’টিটি প্লেটফৰ্ম জিঅ’ হটষ্টাৰত নিশা ৯ বজাত বিগ বছৰ প্ৰিমিয়াৰ চাব পাৰিব ।

লগতে পঢ়ক : ছলমান খানৰ অনুষ্ঠানত এন্ট্ৰি মাৰিব নেকি বক্সিং কিংবদন্তি মাইক টাইছন আৰু WWE ষ্টাৰ আণ্ডাৰটেকাৰে…?

মুম্বাইত বৰষুণৰ বিধ্বংসী ৰূপ ! বন্ধ হ’ল বিগ বছ ১৯ৰ শ্বুটিং

বন্ধ হ’ল বিগ বছ ১৯ৰ শ্বুটিং

মুম্বাইত বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । প্ৰৱল বৰষুণে জনজীৱনত প্ৰভাৱ পেলোৱাৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ কামো বন্ধ হৈ পৰিছে । এই অবিৰত বৰষুণৰ ফলত কেতিয়াও ৰৈ নোযোৱা মহানগৰীৰ গতিও স্তব্ধ হৈ পৰিছে । ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱো বলিউডৰ শ্বুটিঙৰ ওপৰত পৰিছে । বহু প্ৰত্যাশিত ৰিয়েলিটি শ্ব’ বিগ বছ ১৯ৰ শ্বুটিং বন্ধ হৈ পৰিছে ।

বিবৃতি প্ৰকাশ টীমৰ-

পূৰ্বে প্ৰকাশ পোৱা খবৰ অনুসৰি মঙলবাৰে বিগ বছ হাউচ সংবাদ মাধ্যমৰ বাবে মুকলি হোৱা কথা আছিল । কিন্তু মহানগৰীৰ বহু অঞ্চলত বৰষুণ আৰু পানী জমা হোৱাৰ বাবে মঙলবাৰে পুৱা জিঅ’ হটষ্টাৰৰ দলে এই অনুষ্ঠান বাতিল কৰে ।

দলটোৱে কয় যে, “মহানগৰত হোৱা প্ৰচণ্ড বৰষুণ আৰু পানী জমা হোৱাৰ বাবে বিগ বছ হাউচ ভ্ৰমণ আৰু আনুষংগিক সকলো কাম এতিয়াৰ বাবে বন্ধ কৰি দিয়া হৈছে । আপোনালোকৰ অসুবিধাৰ বাবে আমি ক্ষমা বিচাৰিছো । বৰষুণৰ পৰিস্থিতি অনুসৰি আমি আপোনালোকক অধিক তথ্য দিম ।”

ঘূৰাই পঠিওৱা হ’ল সংবাদ মাধ্যমৰ ব্যক্তিক-

জানিব পৰা মতে, দিল্লীৰ পৰা অহা সাংবাদিকসকলক সময়মতে নমোৱা হৈছিল যাতে তেওঁলোকে যাত্ৰাত কোনো সমস্যাৰ সন্মুখীন নহয় । ইতিমধ্যে মুম্বাইত উপস্থিত হোৱা সাংবাদিকসকলক উভতাই পঠোৱা হৈছিল যাতে তেওঁলোক ইয়াত আবদ্ধ হৈ নাথাকে, কিয়নো বহু বিমান পলম হৈছিল বা বাতিল হৈছিল । এতিয়া দলটোৱে নতুন তাৰিখ নিৰ্ধাৰণৰ কাম কৰি আছে যাতে দৰ্শকে প্ৰতি বছৰে ৰাইজৰ মাজত উত্তেজনা আৰু কৌতুহল জগাই তোলা বিগ বছৰ ঘৰটোৰ আভাস পাব পাৰে ।

প্ৰচণ্ড বৰষুণত শ্বুটিং-

বিগ বছ ১৯ৰ মিডিয়া ইভেণ্টৰ বাহিৰে মুম্বাইৰ আন আন শ্বুটিং স্থলীৰ ওপৰত বিশেষ প্ৰভাৱ পৰা নাই । জানিব পৰা মতে প্ৰায় সকলো শ্বুটিং চলি আছে, কেৱল সকলোৱে অধিক সতৰ্ক হৈ আছে । ফিল্ম চিটিৰ গলিসমূহো পানীত বুৰ গৈছে যদিও অভিনেতা আৰু দলৰ সদস্যসকলে পানীত খোজ কাঢ়ি নিজৰ কামত লাগিছে ।

শীঘ্ৰে আৰম্ভ হ’ব বিগ বছ-

জনা গৈছে যে ২৪ আগষ্টৰ পৰা প্ৰিমিয়াৰ হ’ব বিগ বছ ১৯ । এইবাৰ দৰ্শকক আশা কৰাতকৈ অধিক ৰাজনৈতিক পৰিৱেশৰ প্ৰতিশ্ৰুতি দিয়া হৈছে । ইতিমধ্যে ৰাজনৈতিক চেটআপত নিজৰ পৰিচয় দিছে ছলমান খানে । নতুন ঘৰটোৰ আভাসো দেখুৱাবলৈ গৈ আছিল যদিও এতিয়া বৰষুণৰ বাবে অনুৰাগীসকলে অলপ বেছি সময় অপেক্ষা কৰিব লাগিব ।

লগতে পঢ়ক : স্বাধীনতা দিৱসৰ দিনাই ঘোষণা কৰা হ’ল ছানী দেউলৰ ‘বৰ্ডাৰ ২’ ৰ মুক্তিৰ তাৰিখ

ছলমান খানৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে; পুনৰ চৰ্চাত ২৭ বছৰীয়া কৃষ্ণ হৰিণ চিকাৰৰ ঘটনা

ছলমান খানৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে

সোমবাৰে ৰাজস্থান উচ্চ ন্যায়ালয়ে ব্লেকবাক তথা কৃষ্ণ হৰিণ চিকাৰৰ গোচৰৰ শুনানিৰ বাবে নতুন তাৰিখ নিৰ্ধাৰণ কৰিছে । কৃষ্ণ হৰিণ চিকাৰৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে দাখিল কৰা ছলমান খানৰ আবেদনৰ শুনানিৰ বাবে এই তাৰিখ দিয়া হৈছে । এতিয়া ২২ ছেপ্টেম্বৰত এই আবেদনৰ শুনানি গ্ৰহণ কৰিব ৰাজস্থান উচ্চ ন্যায়ালয়ে ।

ছলমানৰ আবেদনৰ শুনানি-

প্ৰকাশিত এক তথ্য অনুসৰি ছলমান খানৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ মনোজ কুমাৰ গাৰ্গে । ছেইফ আলী খান, টাবু, সোণালী বেন্দ্ৰে, নীলম আৰু এজন স্থানীয় বাসিন্দা দূষ্যন্ত সিংকে ধৰি সহ-অভিযুক্তক দোষমুক্ত কৰাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ অনুমতিৰ বিৰুদ্ধে তেওঁ শুনানি গ্ৰহণ কৰিব । বিচাৰ আদালতে ২০১৮ চনৰ ৫ এপ্ৰিলত ছলমানক কৃষ্ণ হৰিণ চিকাৰৰ গোচৰত দোষী সাব্যস্ত কৰাৰ লগতে পাঁচ বছৰৰ কাৰাদণ্ডও প্ৰদান কৰে ।

ছেইফ আলী খান আৰু অন্যান্য অভিনেতাক দোষমুক্ত-

১৯৯৮ চনত ‘হাম সাথ সাথ হেই’ ছবিৰ শ্বুটিংৰ সময়ত ছলমান খানৰ বিৰুদ্ধে যোধপুৰ জিলাৰ কংকনী গাঁৱত দুটা কৃষ্ণ হৰিণ চিকাৰৰ অভিযোগ উত্থাপন হৈছিল । এই গোচৰত ছালমান খানক দোষী সাব্যস্ত কৰা হৈছিল । আনহাতে ছেইফ আলী খান, সোণালী বেন্দ্ৰে, টাবু, নীলমক দোষমুক্ত কৰা হয় । নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ ছলমান খানে আবেদন দাখিল কৰে । আনহাতে ৰাজ্য চৰকাৰে বাকী অভিনেতাসকলক দোষমুক্ত কৰাৰ বিৰুদ্ধে আবেদনৰ অনুমতি বিচাৰি আবেদন দাখিল কৰিছে ।

লগতে পঢ়ক : ‘উদয়পুৰ ফাইলছ’ৰ মুক্তি স্থগিত ৰাখিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ…

৫৯ বছৰ বয়সত বিবাহপাশত আবদ্ধ হ’ব ছলমান খান! বিশেষ পোষ্টৰে দিলে ইংগিত

বিবাহপাশত আবদ্ধ হ’ব ছলমান খান!

দবাং অভিনেতা ছলমান খান বলীউড উদ্যোগৰ মোস্ট এলিজিবল ব্যাচেলৰ হয়।তেওঁ কেতিয়া আৰু কাক বিয়া কৰাব, এই প্ৰশ্নৰ উত্তৰ জানিবলৈ আগ্ৰহী অনুৰাগীসকল।

এতিয়া ছলমান খানৰ শেহতীয়া ছ’চিয়েল মিডিয়া পোষ্টে পুনৰ তেওঁৰ বিবাহৰ খবৰক লৈ চৰ্চা আৰম্ভ হৈছে।  

চৰ্চাত ছলমানৰ পোষ্ট

আচলতে ছলমান খানে নিজৰ ভিনিহিয়েক তথা চলচ্চিত্ৰ প্ৰযোজক অতুল অগ্নিহোত্ৰীৰ জন্মদিনৰ উপলক্ষে এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে।

তেওঁ বিশেষ বাৰ্তা লিখি ভনিহিয়েকৰ জন্মদিনৰ শুভেচ্ছা জনাইছে। পোষ্টটোত ছলমানে অতুল অগ্নিহোত্ৰীৰ বাবে এটা মৰমলগা বাৰ্তা লিখিছে।

কিন্তু এই পোষ্টটো ভাইৰেল হোৱাৰ পিছত অনুৰাগীসকলে অনুভৱ কৰিছে যে ছুপাৰষ্টাৰগৰাকীয়ে নিজৰ বিবাহৰ বিষয়ে এটা ইংগিত দিছে।

পোষ্টটোত কি লিখিছিলে ছলমানে?

ছলমান খানে অতুল অগ্নিহোত্ৰী আৰু ভগ্নী আলভিৰা খানৰ এখন থ্ৰ’বেক ফটো শ্বেয়াৰ কৰিছে। ফটোখনত অতুল অগ্নিহোত্ৰীয়ে আলভিৰা খানৰ কান্ধত মূৰ থৈ আৰামত শুই থকা দেখা গৈছে।

ভগ্নী আৰু ভিনিহিয়েকৰ ফটোখনৰ লগতে ছলমানে কেপচনত লিখিছে –জন্মদিনৰ শুভেচ্ছা অতুল, মোৰ BIL মানে মোৰ Brother in low । মোৰ ভগ্নীৰ যত্ন লোৱাৰ বাবে ধন্যবাদ। ‘মই আপোনাক ভাল পাওঁ।

তুমি শ্ৰেষ্ঠ স্বামী আৰু পিতৃ।আপুনি সেইজন ব্যক্তিয়েই হৈ থাকিব পাৰিব নে, যিজনক প্ৰথম দিনটোৰ পৰা মই জানো। এদিন ময়ো এনে এজন ব্যক্তি হয়, যেনেকোৱা এতিয়া আপুনি হয়।

ছলমানৰ শেষৰ শাৰীটো দেখি মানুহ বিমোৰত পৰিছে। অনুৰাগীয়ে জল্পনা-কল্পনা কৰিছে যে দবাং খানে নিজৰ বিবাহৰ বিষয়ে হয়টো কোনো ইংগিত দিছে।

লগতে পঢ়ক: Special Ops 2 ৰ বাবে অধিক অপেক্ষা কৰিব লাগিব অনুৰাগী; সলনি হ’ল মুক্তিৰ তাৰিখ

ছলমান খানৰ নিৰাপত্তাত আসোঁৱাহ; ভাইজানৰ  গেলেক্সিত সোমাল অচিনাক্ত মহিলা

ছলমান খানৰ নিৰাপত্তা

ছলমান খানৰ নিৰাপত্তাক লৈ পুনৰ খেলিমেলি হোৱাৰ খবৰ পোৱা গৈছে। শেহতীয়াকৈ বুধবাৰে ছলমান খানৰ বান্দ্ৰাস্থিত গেলেক্সি এপাৰ্টমেন্টত এগৰাকী মহিলাই বিনা অনুমতিত প্ৰৱেশ কৰে।

অচিনাকি মহিলা গৰাকীয়ে গেলেক্সি এপাৰ্টমেন্টত অনুমতি নোলোৱাকৈ প্ৰৱেশ কৰাক লৈ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা মতে মহিলাগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি অবৈধ বেদখলৰ গোচৰ ৰুজু কৰা হৈছে।

মহিলাগৰাকী ৩৬ বছৰীয়া ঈশা ছাব্ৰা বুলি জানিব পৰা গৈছে। ছলমান খানৰ নিৰাপত্তা ভংগৰ এয়া দ্বিতীয়টো ঘটনা। তেওঁৰ নিৰাপত্তাৰ বাবে আৰক্ষী জোৱান নিয়োজিত হৈ আছে।

কিন্তু এই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো  এগৰাকী অচিনাকি মহিলা ছলমানৰ ঘৰত উপস্থিত হোৱাটো চিন্তাৰ বিষয়।

বৰ্তমান আৰক্ষীয়ে জানিবলৈ চেষ্টা কৰি আছে যে তেওঁৰ এই কাম কৰাৰ আঁৰত কি উদ্দেশ্য আছিল। ছলমান খানে পূৰ্বে বহুবাৰ লৰেঞ্চ বিষ্ণৈৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰিছে।

ছলমান খানৰ নিৰাপত্তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।এই ঘটনাৰ পিছতে ছলমান খানৰ নিৰাপত্তা পুনৰ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক; পৰেশ ৰাৱালৰ বিৰুদ্ধে ২৫ কোটি টকাৰ গোচৰ ৰুজু অক্ষয় কুমাৰৰ; প্ৰেৰণ কৰিছে আইনী জাননী