ছলমান খান

বিগ বছৰ প্ৰতিটো ছিজনত বৃদ্ধি হয় ছলমান খানৰ মাচুল; ১টা খণ্ডৰ বাবে…

বিগ বছৰ প্ৰতিটো ছিজনত বৃদ্ধি হয় ছলমান খানৰ মাচুল বিগ বছ দেশৰ প্ৰিয় ৰিয়েলিটি শ্ব’ সমূহৰ ভিতৰত এটা।যাক বছৰ বছৰ ধৰি দেশবাসীয়ে জনপ্ৰিয় কৰি তুলিছে। প্ৰথম অৱস্থাত ইয়াক আৰ্শ্বদ ৱাৰ্ছি, শিল্পা শ্বেট্টী, অমিতাভ বচ্চন আৰু ফাৰাহ খানে হ’ষ্ট কৰিছে। কিন্তু বিগ বছ ৪ৰ পৰা ছলমান

বিগ বছৰ প্ৰতিটো ছিজনত বৃদ্ধি হয় ছলমান খানৰ মাচুল

বিগ বছ দেশৰ প্ৰিয় ৰিয়েলিটি শ্ব’ সমূহৰ ভিতৰত এটা।যাক বছৰ বছৰ ধৰি দেশবাসীয়ে জনপ্ৰিয় কৰি তুলিছে। প্ৰথম অৱস্থাত ইয়াক আৰ্শ্বদ ৱাৰ্ছি, শিল্পা শ্বেট্টী, অমিতাভ বচ্চন আৰু ফাৰাহ খানে হ’ষ্ট কৰিছে।

কিন্তু বিগ বছ ৪ৰ পৰা ছলমান খানে ইমানেই চৰ্চা লাভ কৰিলে যে আজিলৈকে তেওঁয়েই ঘোষক হিচাপে আছে।শ্ব’টোত ছলমান খানৰ ব্যাপক চাহিদা আছে।এতিয়া চাহিদা ইমানেই বাঢ়ি গৈছে যে ছলমান খানে প্ৰতিটো ছিজনতে তেওঁৰ মাচুল বৃদ্ধি কৰিছে।

ছলমান খানে ২০১০ চনৰ পৰা বিগ বছৰ ঘোষক হিচাপে আছে।বিগ বছ ১৪ আহি পোৱাৰ সময়লৈকে ছলমান খানে কেইবা শতাংশও মাচুল বৃদ্ধি কৰিছিল। এই ছিজনৰ বাবে তেওঁ প্ৰতিটো খণ্ডৰ বাবে ২০ কোটি টকা লয়।

আৰু সেই মাছুল বৃদ্ধি এতিয়া বৰ্তমান চলি থকা বিগ বছ ১৯ ৰ বাবে ছলমান খানে ১৫০ কোটি টকা মাচুল লাভ কৰিছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: ইউটিউবৰ বিৰুদ্ধে ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ এহাজাৰ দাখিল; ৪ কোটি টকাৰ ক্ষতিপূৰণৰ দাবী

শেহতীয়া প্ৰৱন্ধসমূহ