‘ভূস্বৰ্গক নৰকলৈ পৰিণত কৰিলে’; ক্ষোভ উজাৰি ছলমান খানে দিলে বিশেষ পোষ্ট

মঙলবাৰে পহলগামত সন্ত্ৰাসবাদী আক্ৰমণে জোকাৰি গৈছে সমগ্ৰ দেশ। এই আক্ৰমণৰ পিছতেই দেশৰ প্ৰতিজন নাগৰিকে ক্ষোভিত হোৱাৰ লগতে তাৰকা সকলেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক বলীউডৰ বহু চলচ্চিত্ৰ তাৰকাই গৰিহণা দিছে।এতিয়া ছলমান খানেও এই কথা তীব্ৰ গৰিহণা দি এটা পোষ্ট শ্বেয়াৰ কৰিছে।য’ত ছলমান খানে লিখিছে যে সন্ত্ৰাসবাদীয়ে স্বৰ্গক নৰকলৈ ৰূপান্তৰিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই।

বুধবাৰে ইনষ্টাগ্ৰামত এই সন্দৰ্ভত ছলমান খানে এটা পোষ্ট শ্বেয়াৰ কৰিছে ।য’ত ছলমান খানে লিখিছে, ‘পৃথিৱীৰ স্বৰ্গ বুলি গণ্য কৰা কাশ্মীৰক নৰকলৈ ৰূপান্তৰিত কৰা হৈছে’।

‘নিহত পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। এজন নিৰীহৰো প্ৰাণ লোৱাটো এটা সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড ধ্বংস কৰাৰ সমতুল্য’।

ছলমান খানৰ এই পোষ্টটো এতিয়া ভাইৰেল হৈ পৰিছে। য’ত বহু অনুৰাগীয়ে তেওঁক সমৰ্থন কৰিছে।

ছলমান খানৰ শত্ৰু কোন? পুনৰ বলীউডৰ ভাইজানক ঘৰত প্ৰৱেশ কৰি হত্যাৰ ভাবুকি

বলীউডৰ অভিনেতা ছলমান খানে পুনৰবাৰ মৃত্যুৰ ভাবুকি লাভ কৰিছে।মুম্বাইৰ ৱৰ্লিত পৰিবহণ বিভাগৰ হোৱাটছএপ নম্বৰত অভিনেতাজনক ঘৰতে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল ।

ইতিমধ্যে অচিনাক্ত ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।মুম্বাইৰ ৱৰ্লি পৰিবহণ বিভাগৰ হোৱাটছএপ নম্বৰত এই ভাবুকি দিয়া হৈছে।

বৰ্তমান কোনে এই ভাবুকি দিছে সেয়া জানিব পৰা হোৱা নাই।উল্লেখ্য যে ইয়াৰ পূৰ্বে ছলমান খানৰ গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰত গুলীচালনা হৈছিল।

‘বন্ধ কৰক, আমাক কাকো নালাগে…’; পাপাৰাজিৰ ওপৰত অগ্নিশৰ্মা হ’ল ছলমান খানৰ দেহৰক্ষী শ্বেৰা

দেওবাৰে পুৱা বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানক মুম্বাই বিমানবন্দৰত দেখা গৈছিল,  কিন্তু ছলমান খানৰ দীৰ্ঘদিনীয়া দেহৰক্ষী শ্বেৰাৰ সৈতে তেওঁৰ ৰাজহুৱা উপস্থিতিয়ে অনলাইনত এক ধুমুহাৰ সৃষ্টি কৰিছে।

এই ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে, য’ত শ্বেৰাই খঙেৰে ছলমানৰ বাবে বাট মুকলি কৰি আছে, ফটোগ্ৰাফাৰক চিঞৰি চিঞৰি ঠেলি দিয়াও দেখা গৈছে। শ্বেৰাই এই কামটো কৰি আছিল যাতে তেওঁৰ মালিক কোনো অসুবিধাৰ সন্মুখীন নহয়।

শ্বেৰাৰ নিয়ন্ত্ৰণত ছলমানে কোনো হস্তক্ষেপ কৰা নাছিল, ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে অভিনেতাজন আগবাঢ়ি যোৱাৰ সময়ত শ্বেৰাক চিঞৰি থকা শুনা গৈছিল।

তেওঁ কৈছিল যে ‘মই কাকো নিবিচাৰো…’ তাৰ কিছু সময়ৰ পাছত, তেওঁ ফটোগ্ৰাফাৰসকলক আদেশ দিয়ে, ‘ ‘সকলো ইয়ালৈ আহক, আমি যাওঁ!’ আৰু তীক্ষ্ণ চাৱনি দেখুৱাই।

অভিনেতা গৰাকীয়ে সংবাদ মাধ্যমক স্বীকাৰ নকৰাকৈয়ে , চৌপাশৰ বিশৃংখলতাৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া নিদিয়াকৈয়ে নিজৰ গাড়ীৰ ওচৰলৈ যোৱা দেখা গৈছে।

দেহৰক্ষী শ্বেৰাক প্ৰায়ে ছুপাৰষ্টাৰগৰাকীক ভিৰ আৰু অনুৰাগীৰ পৰা ৰক্ষা কৰা দেখা যায়, কিন্তু শেহতীয়া তেওঁৰ আক্ৰমণাত্মক ৰূপটো আগতে কেতিয়াও দেখা পোৱা নাছিল, যিটো এতিয়া ভিডিঅ’টোত দেখা গৈছে।

ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে অনুৰাগী সকলে দেহৰক্ষী শ্বেৰাক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰা দেখা গৈছে।

লেহেমীয়া হ’ল চিকন্দৰৰ গতি ; ষষ্ঠ দিনটোত ছলমান খনৰ ছবিখনে উপাৰ্জন কৰিলে মাত্ৰ…

ছলমান খান আৰু ৰশ্মিকা মাণ্ডন্নাৰ ছবি ‘চিকন্দৰ’ এ আশা কৰা ধৰণে উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাই।এ আৰ মুৰুগাডোছৰ এই ছবিখনে বক্স অফিচত লাহে লাহে আৰম্ভণি কৰিছিল।

ক্ৰমান্বয়ে ইয়াৰ গতি অলপ বৃদ্ধি পাব বুলি বিশ্বাস কৰা হৈছিল যদিও সেয়া নহ’ল। এই ছবিখনে এতিয়ালৈকে ৯৩.৭৫ কোটি টকাৰ হে ব্যৱসায় কৰিছে। যোৱা সপ্তাহত ঈদ উপলক্ষে চিকন্দৰ ছবিগৃহত মুক্তি পাইছিল।

দেওবাৰে মুক্তি পোৱাৰ বাবে ছবিখন শুকুৰবাৰ আৰু শনিবাৰৰ উপাৰ্জনৰ পৰা বঞ্চিত হৈছিল যদিও এই শুকুৰবাৰৰ উপাৰ্জনে বেলেগ কাহিনী কৈছে।

ছলমান খানৰ পুৰণি ছবিৰ উপাৰ্জনৰ তুলনা ‘চিকন্দৰ’ৰ সৈতে কৰিলে স্পষ্ট হৈ পৰে যে চিকন্দৰ বক্স অফিচত ফ্লপ বুলি প্ৰমাণিত হৈছে।দ্বিতীয় শুকুৰবাৰে ‘চিকন্দৰে’ প্ৰায় ৩.৫ কোটি টকা উপাৰ্জন কৰিছে।

ছলমান খানৰ ‘টাইগাৰ ৩’ ছবিখনৰ যদি ৬ তাৰিখে উপাৰ্জনৰ কথা কওঁ, তেন্তে এই সংখ্যা প্ৰায় ১৩.২৫ কোটি আছিল।মাত্ৰ পাঁচ দিনতে ছলমান খানৰ চিকন্দৰে বিশ্বজুৰি ১৬৯.৭৮ কোটি টকা উপাৰ্জন কৰিছে।

এই ছবিখনত ছলমান আৰু ৰশ্মিকাৰ উপৰিও কাজল আগৰৱালা, সত্যৰাজ, শৰ্মান যোশী, সঞ্জয় কাপুৰ আৰু প্ৰতীক বাব্বৰে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

‘কপালত যিমান বয়স লিখা আছে সিমানেই থাকিম’ ; লৰেন্স বিষ্ণোইৰ পৰা পোৱা ভাবুকিক লৈ প্ৰথমবাৰলৈ মুখ খুলিলে ছলমান খানে

অৱশেষত লৰেন্স বিষ্ণোইৰ গেঙৰ পৰা পোৱা ভাবুকিৰ প্ৰতি মৌনতা ভংগ কৰিলে বলীউডৰ অভিনেতা ছলমান খানে।তেওঁৰ আগন্তুক ছবি চিকন্দৰৰ প্ৰচাৰৰ সময়ত নিজৰ হৃদয়ৰ কথা ক’লে অভিনেতা গৰাকীয়ে।

বিগত কিছু বছৰ অভিনেতা ছলমান খানৰ বাবে অতি কঠিন হৈ পৰিছে। ধাৰাবাহিকভাৱে তেওঁৰ জীৱনৰ বাবে লৰেন্স বিষ্ণোই গেঙৰ ভাবুকি আহিছে।

উল্লেখ্য যে যোৱা বছৰৰ ১৪ এপ্ৰিলত ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল।

তাৰ কেইমাহমানৰ পিছতে ছলমানৰ ঘনিষ্ঠ বন্ধু তথা এন চি পি নেতা বাবা ছিদ্দিকীকো হত্যা কৰা হয়। এই সকলোবোৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছিল।

এতিয়া ছলমান খানে ধাৰাবাহিকভাৱে লাভ কৰা ভাবুকিৰ ওপৰত নিজৰ মৌনতা ভংগ কৰিছে। তেওঁৰ আগন্তুক ছবি চিকন্দৰৰ প্ৰচাৰ অনুষ্ঠানৰ সময়ত সাংবাদিকৰ সৈতে কথা পাতি তেওঁ মৃত্যুৰ ভাবুকিৰ বিষয়ে কয়।

ছলমান খানে কয় যে ভগৱান, আল্লাহ সকলো সমান, যি বয়স লিখা হৈছে সেয়া ইমানেই। অৰ্থাৎ ঈশ্বৰ, আল্লাহ, সকলো তেওঁৰ ওপৰতে নিৰ্ভৰশীল, যি বয়স লিখা হৈছে সেয়াই হ’ব।

নিৰাপত্তা বৃদ্ধিৰ প্ৰয়োজনীয়তাই সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহ স্বীকাৰ কৰি তেওঁ কয় যে কেতিয়াবা ইমানবোৰ মানুহৰ সৈতে ঘূৰি ফুৰাটোৱেই সমস্যা হৈ পৰে।

উল্লেখ্য যে কিছুদিন পূৰ্বে অভিনেতা ছলমান খানৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ বান্দ্ৰা ঘৰ গেলাক্সি এপাৰ্টমেণ্টত কিছু কাম কৰা হৈছিল।সূত্ৰ অনুসৰি ঘৰৰ খিৰিকীতো বুলেট প্ৰুফ গ্লাছ লগোৱা হৈছে।

ইয়াৰ উপৰিও গেলাক্সিৰ চাৰিওফালে আৰু তেওঁৰ ঘৰৰ ওচৰত হাই টেক ছিকিউৰিটি চিষ্টেম স্থাপন কৰাৰ লগতে হাই ৰিজ’লিউচন চিচিটিভি কেমেৰাও স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও সমগ্ৰ এপাৰ্টমেণ্টটোৰ কাষে কাষে উচ্চ নিৰাপত্তাৰক্ষীৰ ট্ৰেচ স্থাপন কৰা হৈছে।

অপেক্ষাৰ অন্ত…মুক্তি পালে ভাইজানৰ বহু প্ৰত্যাশিত ছবি চিকন্দৰৰ টিজাৰ

অৱশেষত মুক্তি পালে ছলমান খানৰ বহু প্ৰত্যাশিত ছবি চিকন্দৰৰ টিজাৰ । টিজাৰটো চোৱাৰ পিছত বুজিব পাৰি যে ২০০৯ চনৰ ৱাণ্টেড ছবিখনৰ যি যাদু বিয়পাইছে, সেই যাদু এতিয়া পুনৰ দেখাবলৈ সাজু হৈছে ছলমান খান ।

ইয়াৰ পূৰ্বে ২৭ ডিচেম্বৰৰ পুৱা ১১:০৭ বজাত ছলমান খানৰ জন্মদিন উপলক্ষে ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ কথা আছিল । কিন্তু ২৬ ডিচেম্বৰৰ নিশা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুৰ বাবে ইয়াক স্থগিত ৰখা হয় ।

ছলমান খানৰ ছবিখনৰ এই টিজাৰত তেওঁক এক অনন্য ৰূপত দেখা গৈছে । ২ মিনিটতকৈও কম সময়ৰ এই ভিডিঅ’টোত ছলমান খানক বন্দুকৰে ভৰা কোঠা এটাত দেখা গৈছে । টীজাৰত তেওঁৰ মুখত কেৱল এটা সংলাপহে শুনা গৈছে ।

শুকুৰবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ছবিখনৰ নিৰ্মাতাসকলে জনাইছিল যে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ শেষ যাত্ৰাৰ সন্মানত টিজাৰৰ মুক্তিৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰি ২৮ ডিচেম্বৰৰ সন্ধিয়া ৪:০৫ বজাত ঘোষণা কৰিছিল ।

চিকান্দৰৰ ষ্টাৰ কাষ্ট-

ছবিখনত পুষ্পা ২ৰ জৰিয়তে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰা শ্ৰীৱল্লী অৰ্থাৎ ৰশ্মিকা মন্দনাই ছলমান খানৰ বিপৰীতে অভিনয় কৰিছে । ইয়াৰ উপৰিও সুনীল শেট্টী, সত্যৰাজ আৰু শ্বাৰ্মান যোশী, কাজল আগৰৱালাকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব ।

কেতিয়া মুক্তি পাব চিকন্দৰে-

ঈদ উপলক্ষে ২০২৫ চনত মুক্তি পাব ছলমান খানৰ ছবি চিকন্দৰ । ইয়াৰ প্ৰযোজনা কৰিছে ছাজিদ নাদিয়াদৱালাই যাৰ সৈতে ছলমানে শেষবাৰৰ বাবে কিকত কাম কৰিছিল । ইয়াৰ উপৰিও ছবিখনৰ পৰিচালনা কৰিছে আকিৰা আৰু গজিনিৰ দৰে ছবি নিৰ্মাণ কৰা দক্ষিণৰ ষ্টালৱাৰ এ আৰ মুৰুগাডোছে ।

৫৯ বছৰীয়া হ’ল ছলমান খান ; প্ৰা: প্ৰধানমন্ত্ৰীৰ বিয়োগৰ বাবে নাপালে জন্মদিনৰ উপহাৰ

চুপাৰষ্টাৰ ছলমান খানৰ অনুৰাগীসকল বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা উত্তেজিত হৈ আছিল আৰু ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ প্ৰিয় তাৰকা গৰাকীৰ ৫৯ তম জন্মদিনটো।

১৯৬৫ চনৰ ২৭ ডিচেম্বৰত জন্মগ্ৰহণ কৰা ছলমানে শুক্ৰবাৰে তেওঁৰ জন্মদিন উদযাপন কৰিছে।এই বিশেষ দিনটোত ছলমানে তেওঁৰ অনুৰাগীসকলক এটা ডাঙৰ উপহাৰ দিবলৈ গৈ আছিল।

অনুৰাগী সকলৰ বাবে  তেওঁ ঘোষণা কৰিছিল যে তেওঁৰ নতুন ছবি ‘সিকন্দৰ’ৰ টিজাৰ শুক্ৰবাৰে মুকলি কৰা হ’ব।

এই ঘোষণাৰ পিছতেই তেওঁৰ অনুৰাগী আৰু বলীউডত যথেষ্ট উত্তেজনা আছিল কাৰণ ‘সিকন্দৰ’ সম্পৰ্কে বহুতো কথা চৰ্চালৈ আহিছে।

কিন্তু এতিয়া ‘সিকন্দৰ’ৰ টিজাৰ শুক্ৰবাৰে নাহে। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুৰ পিছতে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে, ‘সিকন্দৰ’ৰ দলটোৱে এই সিদ্ধান্ত লৈছে। 

শুক্ৰবাৰে ৰাতিপুৱা ‘সিকান্দৰ’ নিৰ্মাতাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কৈছিল যে ছবিখনৰ টিজাৰ পিছুৱাই দিয়া হৈছে।

নিৰ্মাতাসকলে জনাইছে যে,”আমাৰ সন্মানীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিংজীৰ মৃত্যুক স্মৰণ কৰিছো, আমি ঘোষণা কৰিবলৈ দুঃখিত যে ‘সিকন্দৰ’ৰ টিজাৰ ২৮ ডিচেম্বৰ, পুৱা ১১.০৭ বজাৰ বাবে পিছুৱাই দিয়া হৈছে।এই শোকৰ সময়ত দেশৰ প্ৰতি আমাৰ সমবেদনা আছে। এইটো বুজি পোৱাৰ বাবে আপোনালোকক ধন্যবাদ।”