অৰিজিৎ সিঙৰ সৈতে হোৱা কাজিয়াক লৈ ভুল স্বীকাৰ ছলমান খানৰ

‘মোৰ ফালৰ পৰা ভুল বুজাবুজি আছিল’; অৰিজিৎ সিঙৰ সৈতে হোৱা কাজিয়াক লৈ ভুল স্বীকাৰ ছলমান খানৰ

অৰিজিৎ সিঙৰ সৈতে হোৱা কাজিয়াক লৈ ভুল স্বীকাৰ ছলমান খানৰ বিগ বছ ১৯ৰ শেহতীয়া উইকেণ্ড কা ভাৰ খণ্ডটোত হাঁহি, নষ্টালজিয়া আৰু আন্তৰিক কথোপকথন দেখা গৈছিল। আয়োজক ছলমান খানে নিজৰ ধেমেলীয়া শৈলীৰে দৰ্শকক মনোৰঞ্জন দিয়াৰ লগতে গায়ক অৰিজিৎ সিঙৰ সৈতে থকা পুৰণি ভুল বুজাবুজি দূৰ কৰে।

অৰিজিৎ সিঙৰ সৈতে হোৱা কাজিয়াক লৈ ভুল স্বীকাৰ ছলমান খানৰ

বিগ বছ ১৯ৰ শেহতীয়া উইকেণ্ড কা ভাৰ খণ্ডটোত হাঁহি, নষ্টালজিয়া আৰু আন্তৰিক কথোপকথন দেখা গৈছিল। আয়োজক ছলমান খানে নিজৰ ধেমেলীয়া শৈলীৰে দৰ্শকক মনোৰঞ্জন দিয়াৰ লগতে গায়ক অৰিজিৎ সিঙৰ সৈতে থকা পুৰণি ভুল বুজাবুজি দূৰ কৰে।

এই খণ্ডটোত বিশেষ অতিথি হিচাপে আহি কমেডিয়ান ৰবি গুপ্তাই নিজৰ হাস্যৰসময়ী শৈলীৰে পৰিৱেশটো লঘু কৰি তুলিছিল। ছলমানক লগ পোৱাৰ লগে লগে ৰবিয়ে ধেমালিতে ক’লে, “তোমাক লগ পাই অলপ ভয় খাইছিলো।”

অভিনেতা গৰাকীয়ে কিয় বুলি প্ৰশ্ন কৰাত ৰবিয়ে হাঁহি হাঁহি উত্তৰ দিলে, “কাৰণ মোৰ চেহেৰাটো অৰিজিৎ সিঙৰ দৰে।”

সেই কথাত হাঁহি হাঁহি ছলমানে কয় যে, “অৰিজিৎ আৰু মই বহুত ভাল বন্ধু। ভুল বুজাবুজি মোৰ ফালৰ পৰা আছিল। পিছত তেওঁ আনকি মোৰ বাবে গান গাইছিল।তেওঁ টাইগাৰ ছবিখনত গান গোৱাৰ লগতে এতিয়া গালৱানটো গান গাইছে।”

এই বিতৰ্ক ২০১৪ চনৰ পৰাই আৰম্ভ হৈছিল, যেতিয়া ছলমান খানে এটা এৱাৰ্ড শ্ব’ ত চেন্দেল পিন্ধি মঞ্চলৈ যোৱা অৰিজিৎ সিঙে বঁটা ল’বলৈ যোৱাত ইতিকিং কৰিছিল।

ছলমান খানে ধেমালিতে মন্তব্য কৰিলে, “আপুনি শুই আছিল নেকি?” অৰিজিতে লঘু মনেৰে উত্তৰ দিলে, “আপোনালোকে মোক শোৱাই দিলে।” ছলমান খানৰ এই ধেমালিটো অৰিজিতৰ ভাল নালাগিল।

২০১৬ চনত অৰিজিতে ছ’চিয়েল মিডিয়াত ছলমান খানৰ ওচৰত ক্ষমা খুজিছিল আৰু তেওঁৰ গীত চুলতান ছবিখনত ৰখাৰ বাবে অনুৰোধ জনাইছিল।

লগতে পঢ়ক: মহাভাৰতৰ ‘কৰ্ণ’ খ্যাত পংকজ ধীৰ আৰু নাই; ৬৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

শেহতীয়া প্ৰৱন্ধসমূহ