ছলমান খানৰ মন্তব্যক লৈ ক্ষুব্ধ পাকিস্তান
বলীউডৰ অভিনেতা ছলমান খানৰ এক বক্তব্যই পাকিস্তানত তুলপাৰ লগাইছে।চৌদি আৰৱত অভিনেতাগৰাকীৰ এটা বক্তব্যত পাকিস্তানে ইমানেই অস্বস্তিত পৰিল যে ছলমান খানক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰে।
শেহতীয়াকৈ ছৌদি আৰৱৰ ৰাজধানী ৰিয়াদত অনুষ্ঠিত জয় ফ’ৰাম ২০২৫ নামৰ এক অনুষ্ঠানত অংশ লৈছিল অভিনেতা গৰাকীয়ে।
এই সময়ছোৱাত শ্বাহৰুখ খান আৰু আমিৰ খানও তেওঁৰ সৈতে মঞ্চত উপস্থিত আছিল।এইটো আছিল এক আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান য’ত মধ্যপ্ৰাচ্যত ভাৰতীয় চিনেমাৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ বিষয়ে আলোচনা হৈছিল।
এই সময়ত ছলমানে নিজৰ ভাষণত মধ্যপ্ৰাচ্যত বিশেষকৈ চৌদি আৰৱত কাম কৰা দক্ষিণ এছিয়ান সম্প্ৰদায়ৰ কথা উল্লেখ কৰে।
ছলমানে কৈছিল যে এইসকল বেলুচিস্তানৰ লোক,আফগানিস্তানৰ মানুহ, পাকিস্তানৰ মানুহ, চৌদি আৰৱত সকলোৱে কঠোৰ পৰিশ্ৰম কৰি আছে।
এই বিবৃতিত ছলমানে বেলুচিস্তানক পাকিস্তানৰ পৰা পৃথক অঞ্চল বা দেশ বুলি উল্লেখ কৰিছে।পাকিস্তানৰ বাবে এইটো এটা স্পৰ্শকাতৰ বিষয়,কাৰণ বেলুচিস্তানত দীৰ্ঘদিন ধৰি বেলুচ বিচ্ছিন্নতাবাদী আন্দোলন চলি আহিছে।
বেলুচ জনসাধাৰণে নিজৰ স্বতন্ত্ৰ পৰিচয় আৰু নিজৰ সম্পদৰ ওপৰত নিয়ন্ত্ৰণ দাবী কৰে আৰু পাকিস্তানে ইয়াক নিজৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে বুলি বিবেচনা কৰে।
ৰিয়াদত অনুষ্ঠিত হোৱা পেনেল আলোচনাৰ সময়ত ছলমানে কৈছিল যে,চাওক এতিয়া যদি আপুনি এখন হিন্দী ছবি বনাই আৰু ইয়াত চৌদি আৰবত মুক্তি দিয়ে,তেতিয়া ছুপাৰহিট হৈ পৰিব।
যদি আপুনি তামিল ছবি বা তেলেগু ছবি বা মালয়ালম ছবি নিৰ্মাণ কৰে,তেন্তে সেইটো কেৱল এই বেল্টতহে,অৰ্থাৎ তেওঁলোকে কেৱল জিচিচি বেল্টত শ শ কোটি টকাৰ ব্যৱসায় কৰিব কাৰণ আমাৰ দেশৰ পৰা ইমানবোৰ মানুহ ইয়ালৈ আহিছে।ইয়াত বেলুচিস্তানৰ মানুহ, আফগানিস্তানৰ মানুহ, পাকিস্তানৰ মানুহ আছে।
অভিনেতা ছলমানৰ এই বক্তব্যৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, ইয়াৰ পিছত পাকিস্তানত এক বৃহৎ বিতৰ্কৰ সৃষ্টি হয়।
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ চৰকাৰে এই বক্তব্যক ৰাষ্ট্ৰীয় অখণ্ডতাৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে।
এই সন্দৰ্ভত পাকিস্তানৰ গৃহ মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰি ছলমান খানৰ নাম সন্ত্ৰাসবাদ বিৰোধী আইনৰ চতুৰ্থ সূচীত অন্তৰ্ভুক্ত কৰা হয়।এই সূচীত সন্ত্ৰাসবাদৰ সৈতে জড়িত বুলি সন্দেহ কৰা লোকসকলক ব্লেকলিষ্ট কৰা হয়।
লগতে পঢ়ক:পুনৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিব মুন্না-চাৰ্কিটৰ যুটি; আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে গ্ৰীণ চিগনেল









