যুৱপ্ৰজন্মৰ ভৱিষ্যতৰ সৈতে হেতালি খেলিলে ৰেহাই নাই! প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
প্ৰশ্নকাকত ফাদিলক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ডাঙৰ ঘোষণা কৰিছে । প্ৰধানমন্ত্ৰীঘোষণা কৰিছে যে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত গোচৰসমূহৰ দ্ৰুত শুনানিৰ বাবে বিশেষ ফাষ্ট ট্ৰেক ক’ৰ্ট গঠন কৰা হ’ব ।
ছ’চিয়েল মিডিয়াৰ এটা পোষ্টৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ যুৱপ্ৰজন্মৰ কল্যাণ আৰু ভৱিষ্যততকৈ ডাঙৰ একো হ’ব নোৱাৰে ।
প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত গোচৰসমূহৰ নিষ্পত্তি কৰাত যাতে পলম নহয়, তাৰ বাবে এই বিশেষ আদালতসমূহ গঠন কৰা হ’ব । ইয়াৰ মূল উদ্দেশ্য হৈছে দোষীক দ্ৰুত আৰু কঠোৰ শাস্তি প্ৰদান কৰা ।
প্ৰধানমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়া আৰু বিভাগসমূহক এই সিদ্ধান্ত ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰিবলৈ আৱশ্যকীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে । লগতে যুৱপ্ৰজন্মৰ ভৱিষ্যতৰ সৈতে হেতালি খেলা যিকোনো লোককে কোনো কাৰণতে ৰেহাই দিয়া নহ’ব বুলি প্ৰধানমন্ত্ৰীয়ে স্পষ্ট সকীয়নী প্ৰদান কৰে ।
তেওঁ উল্লেখ কৰে যে, দেশৰ যুৱক-যুৱতীসকলৰ স্বাৰ্থ আৰু ভৱিষ্যত সুৰক্ষিত কৰাই চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰাথমিকতা ।
লগতে পঢ়ক : ‘নীট পৰীক্ষা সম্পূৰ্ণৰূপে নাইকীয়া কৰিব লাগে’; CJP-ৰ প্ৰতিবাদৰ মাজতে বিজয় থালাপাথীৰ মন্তব্য









