ভয়ংকৰ পৰিস্থিতিৰ মাজতো উদ্ধাৰকাৰী দলে সুৰংগৰ ভিতৰৰ পৰা সম্প্ৰতি ২২ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে
ছিকিমৰ এন এইচ পি চি তিস্তা ষ্টেজ VI জলবিদ্যুৎ প্ৰকল্পত সংঘটিত ভয়াৱহ দুৰ্ঘটনাৰ পাছত অব্যাহত আছে উদ্ধাৰ অভিযান । ভয়ংকৰ পৰিস্থিতিৰ মাজতো উদ্ধাৰকাৰী দলে সুৰংগৰ ভিতৰৰ পৰা সম্প্ৰতি ২২ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । আনহাতে, বাকী থকা ভুক্তভোগীসকলৰ সন্ধানত বৰ্তমানো তীব্ৰ গতিত চলাই থকা হৈছে উদ্ধাৰ কাৰ্য ।
বিভিন্ন বিশেষ এজেন্সীক সামৰি লোৱা এই অভিযানটো এক অত্যন্ত প্ৰত্যাহ্বানজনক পৰিৱেশৰ মাজতো নিশা দেৰিলৈকে অব্যাহত থাকে । বিষয়াসকলে জনোৱা অনুসৰি, সুৰংগৰ ভিতৰৰ জটিল পৰিস্থিতি সত্ত্বেও উদ্ধাৰকাৰীসকলে নিশা ১২ বজালৈকে অবিৰতভাৱে কাম কৰি যায় ।
অভিযান অধিক ক্ষিপ্ৰতৰ কৰিবলৈ আনুমানিক নিশা ১০ বজাত আচানছোলৰ ইষ্টাৰ্ণ কোলফিল্ডছ লিমিটেড-ৰ দ্বিতীয়টো বিশেষ উদ্ধাৰকাৰী দল ঘটনাথলীত উপস্থিত হয় । দলটোক লগে লগে কাৰ্যক্ষেত্ৰত মোতায়েন কৰা হয় ।
জানিব পৰা মতে, ভূগৰ্ভস্থ আৱদ্ধ পৰিৱেশৰ উপযোগী অত্যাধুনিক সঁজুলি আৰু উচ্চ কাৰিকৰী দক্ষতা ব্যৱহাৰ কৰি উদ্ধাৰ কাৰ্য চলাই থকা হৈছে । বাকী থকা সকলো ভুক্তভোগীক যিমান পাৰি সোনকালে উদ্ধাৰ কৰিবলৈ সকলো সংগঠনে পূৰ্ণ সমন্বয়ৰে কাম কৰি আছে ।
ঘটনাটোৰ গম্ভীৰতালৈ চাই ছিকিম চৰকাৰ, জিলা প্ৰশাসন আৰু সম্প্ৰিক্ত প্ৰতিটো সংস্থাই সমগ্ৰ পৰিস্থিতি তীক্ষ্ণভাৱে পৰ্যবেক্ষণ কৰি আছে । বিষয়া পৰ্যায়ৰ পৰা জানিবলৈ দিয়া মতে, উদ্ধাৰকাৰী কৰ্মীসকলৰ উপৰিও ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ সম্ভৱপৰ সকলো ধৰণৰ চৰকাৰী আৰু প্ৰশাসনিক সহযোগিতা আগবঢ়োৱা হৈছে ।
লগতে পঢ়ক : চিকিমৰ ভয়াৱহ সুৰংগ দুৰ্ঘটনা: মৃত্যুৰ সংখ্যা ১১ লৈ বৃদ্ধি









