“লগত আছোঁ “,চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত পাকিস্তান ক্ৰিকেট ব’ৰ্ডক সমৰ্থন শ্বাহবাজ শ্বৰীফৰ

চেম্পিয়নছ ট্ৰফীক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা অচলাৱস্থাৰ মাজতে চুবুৰীয়া দেশখনৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক তথা পি চি বিক সমৰ্থন জনাইছে । চেম্পিয়নছ ট্ৰফী আয়োজনৰ বিষয়ত পি চি বিৰ মুৰব্বী মহছিন নাকৱীক তেওঁ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিছে । দেওবাৰে এক সংবাদ

চেম্পিয়নছ ট্ৰফীক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা অচলাৱস্থাৰ মাজতে চুবুৰীয়া দেশখনৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক তথা পি চি বিক সমৰ্থন জনাইছে । চেম্পিয়নছ ট্ৰফী আয়োজনৰ বিষয়ত পি চি বিৰ মুৰব্বী মহছিন নাকৱীক তেওঁ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিছে । দেওবাৰে এক সংবাদ সংস্থাই সূত্ৰৰ উদ্ধৃতি দি কয় যে শ্বাহবাজ শ্বৰীফে এই বিষয়টোৰ সৈতে মোকাবিলা কৰাৰ সময়ত দেশে নিজৰ আত্মসন্মান বজাই ৰাখিব লাগে বুলি কয় ।

শ্বাহবাজ শ্বৰীফে পিচিবিক সমৰ্থন কৰিছে-

শ্বাহবাজ শ্বৰীফ পাকিস্তানৰ প্ৰধানমন্ত্ৰী লগতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুখ্য পৃষ্ঠপোষক । তেওঁ নকৱীক কয় যে এয়া কেৱল টকাৰ কথা নহয় । জনসাধাৰণৰ আৱেগ-অনুভূতিও আমি মনত ৰখা উচিত । উল্লেখ্য যে ভাৰতে আগন্তুক প্ৰতিযোগিতাখনৰ বাবে পাকিস্তানলৈ যাবলৈ ইতিমধ্যে অস্বীকাৰ কৰিছে । একে সময়তে হাইব্ৰিড মডেলৰ বাবে সাজু হোৱা নাই পাকিস্তান ।

হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী !

শেহতীয়াকৈ লাভ কৰা তথ্যৰ ভিত্তিত এক সংবাদ সংস্থাই প্ৰকাশ কৰিছে যে বৃহস্পতিবাৰে ডুবাইত থকা মুখ্য কাৰ্যালয়ত নতুন অধ্যক্ষ জয় শ্বাহ আৰু পাকিস্তানকে ধৰি পৰিচালনা সমিতিৰ মাজত অনুষ্ঠিত হোৱা এক অনানুষ্ঠানিক বৈঠকৰ সময়ত এই সিদ্ধান্ত চূড়ান্ত কৰা হৈছে । সকলো পক্ষই নীতিগতভাৱে একমত হৈছে যে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী ইউ এ ই আৰু পাকিস্তানত আয়োজন কৰা হ’ব । ডুবাইত অনুষ্ঠিত হ’ব ভাৰতৰ মেচ ।

শেহতীয়া প্ৰৱন্ধসমূহ