দুৰ্ঘটনাত পতিত অভিনেত্ৰী ভাগ্যশ্ৰী; মূৰত পালে প্ৰচণ্ড আঘাত, অস্ত্ৰোপচাৰৰ ফটো ভাইৰেল

দুৰ্ঘটনাত পতিত মেইনে প্যাৰ কিয়া’ খ্যাত অভিনেত্ৰী ভাগ্যশ্ৰী । অভিনেত্ৰীগৰাকীৰ কপালত গভীৰ আঘাত পাইছে। ঘটনাটোৰ পিছত ভাগ্যশ্ৰীক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, য’ত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। অভিনেত্ৰীগৰাকীৰ অস্ত্ৰোপচাৰৰ পূৰ্বৰ কিছু ফটো ভাইৰেল হৈ আছে। জানিব পৰা মতে অভিনেত্ৰীগৰাকী ‘পিকলবল’ খেলি থকাৰ সময়তে আঘাতপ্ৰাপ্ত

দুৰ্ঘটনাত পতিত মেইনে প্যাৰ কিয়া’ খ্যাত অভিনেত্ৰী ভাগ্যশ্ৰী । অভিনেত্ৰীগৰাকীৰ কপালত গভীৰ আঘাত পাইছে। ঘটনাটোৰ পিছত ভাগ্যশ্ৰীক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, য’ত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল।

অভিনেত্ৰীগৰাকীৰ অস্ত্ৰোপচাৰৰ পূৰ্বৰ কিছু ফটো ভাইৰেল হৈ আছে। জানিব পৰা মতে  অভিনেত্ৰীগৰাকী ‘পিকলবল’ খেলি থকাৰ সময়তে আঘাতপ্ৰাপ্ত হৈছিল।

ফলস্বৰূপে, তেওঁৰ কপালত গভীৰ আঘাত পাইছিল। তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু কপালত ১৩ টা চিলাই কৰিব লগা হৈছে।

এই বাতৰিটো প্ৰকাশ হোৱাৰ পিছত, অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছে।অনুৰাগীসকলে ফটোবোৰত মন্তব্য কৰি তেওঁৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।

অৱশ্যে ভাগ্যশ্ৰীৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে অভিনেত্ৰী গৰাকীৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে।

ভাইৰেল হোৱা ফটোখনত ভাগ্যশ্ৰীক চিকিৎসালয়ৰ বিচনাত চেলফি লোৱা দেখা গৈছে।য’ত অভিনেত্ৰীগৰাকীৰ কপালত বেণ্ডেজ আছে। কিন্তু তাৰ পিছটো তেওঁ হাঁহি মাৰি পোজ দি আছে।

শেহতীয়া প্ৰৱন্ধসমূহ