‘সিহতৰ সাহস কেনেকৈ হ’ল…’; পাকিস্তানী সাংবাদিকৰ মন্তব্যত খঙত অগ্নিশৰ্মা হ’ল ভাগ্যশ্ৰী

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত বলীউডৰ তাৰকা সকলৰ লগতে সাধাৰণ জনতাৰ ক্ষোভো তুংগত আছে।সামাজিক মাধ্যমত তাৰকা সকলে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ইফালে পাকিস্তানৰ ৰক্ষাৰ বাবে অহা পাকিস্তানৰ সাংবাদিক এজনৰ বক্তব্যক লৈ এতিয়া অতিশয় ক্ষুব্ধ হৈ পৰিছে ভাগ্যশ্ৰী।তেওঁ শ্বেয়াৰ কৰা এটা পোষ্টত ব্যক্তিজনক ‘ব্ৰেইনলেছ ইডিয়ট’ বুলি অভিহিত কৰিছে।

ভাগ্যশ্ৰীয়ে পাকিস্তানী সাংবাদিকগৰাকীৰ পোষ্টটোৰ স্ক্ৰীণশ্বট তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী ছেকচনত শ্বেয়াৰ কৰি লিখিছে, ‘কোন এই মগজুহীন মূৰ্খ আৰু তেওঁ এই কামটো কৰিবলৈ কেনেকৈ সাহস পালে?

ভাগ্যশ্ৰীয়ে নিজৰ পোষ্টত লিখিছে, ‘কাশ্মীৰৰ ইতিহাসত বহুদিনৰ মূৰত শান্তি ঘূৰি আহিছিল, তাত বাস কৰা মানুহবোৰ সঁচাকৈয়ে সুখী হৈছিল যে তেওঁলোকে শান্তিৰে জীয়াই আছে আৰু টকা উপাৰ্জন কৰি আছে’।

‘কোনো ভয় নোহোৱাকৈ স্থানীয় লোকসকল ওলাই আহিছিল আৰু তেওঁলোকে আন ঠাইত বাস কৰা ভাৰতীয়ৰ দৰে নিৰাপদ অনুভৱ কৰিছিল’। তেওঁলোকক আকৌ এই অনুভৱ কৰাব লাগিব। তাত শান্তি বিঘ্নিত কৰিবলৈ চেষ্টা কৰা সকলক শেষ কৰি দিব লাগে।  

শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী ভাগ্যশ্ৰীয়ে এজন পাকিস্তানৰ সাংবাদিকক তীব্ৰভাৱে টাৰ্গেট কৰিছিল, যিয়ে দাবী কৰিছিল যে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা কৰুণ সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানৰ কোনো হাত নাই।

দুৰ্ঘটনাত পতিত অভিনেত্ৰী ভাগ্যশ্ৰী; মূৰত পালে প্ৰচণ্ড আঘাত, অস্ত্ৰোপচাৰৰ ফটো ভাইৰেল

দুৰ্ঘটনাত পতিত মেইনে প্যাৰ কিয়া’ খ্যাত অভিনেত্ৰী ভাগ্যশ্ৰী । অভিনেত্ৰীগৰাকীৰ কপালত গভীৰ আঘাত পাইছে। ঘটনাটোৰ পিছত ভাগ্যশ্ৰীক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, য’ত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল।

অভিনেত্ৰীগৰাকীৰ অস্ত্ৰোপচাৰৰ পূৰ্বৰ কিছু ফটো ভাইৰেল হৈ আছে। জানিব পৰা মতে  অভিনেত্ৰীগৰাকী ‘পিকলবল’ খেলি থকাৰ সময়তে আঘাতপ্ৰাপ্ত হৈছিল।

ফলস্বৰূপে, তেওঁৰ কপালত গভীৰ আঘাত পাইছিল। তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু কপালত ১৩ টা চিলাই কৰিব লগা হৈছে।

এই বাতৰিটো প্ৰকাশ হোৱাৰ পিছত, অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছে।অনুৰাগীসকলে ফটোবোৰত মন্তব্য কৰি তেওঁৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।

অৱশ্যে ভাগ্যশ্ৰীৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে অভিনেত্ৰী গৰাকীৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে।

ভাইৰেল হোৱা ফটোখনত ভাগ্যশ্ৰীক চিকিৎসালয়ৰ বিচনাত চেলফি লোৱা দেখা গৈছে।য’ত অভিনেত্ৰীগৰাকীৰ কপালত বেণ্ডেজ আছে। কিন্তু তাৰ পিছটো তেওঁ হাঁহি মাৰি পোজ দি আছে।