বেন ষ্ট’কছ

অ’ভাল টেষ্টৰ পৰা  কিয় বাহিৰ হ’ল বেন ষ্ট’কছ? প্লেয়িং ১১ ত আনিছে ডাঙৰ পৰিৱৰ্তন

অ’ভাল টেষ্টৰ পৰা কিয় বাহিৰ হ’ল বেন ষ্ট’কছ? ইংলেণ্ডে ভাৰতৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ অন্তিমখন মেচ লণ্ডনৰ অ’ভাল খেলপথাৰত খেলিব। তাৰ বাবে তেওঁলোকৰ প্লেয়িং ১১ ৰ ঘোষণা কৰিছে। আয়োজক ইংলেণ্ডে মুঠ ৪টা ডাঙৰ পৰিৱৰ্তন কৰিছে, য’ত অধিনায়ক বেন ষ্ট’কছ যি বৰ্তমান শৃংখলাত সৰ্বাধিক উইকেট

অ’ভাল টেষ্টৰ পৰা  কিয় বাহিৰ হ’ল বেন ষ্ট’কছ?

ইংলেণ্ডে ভাৰতৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ অন্তিমখন মেচ লণ্ডনৰ অ’ভাল  খেলপথাৰত খেলিব। তাৰ বাবে তেওঁলোকৰ প্লেয়িং ১১ ৰ ঘোষণা কৰিছে।

আয়োজক ইংলেণ্ডে মুঠ ৪টা ডাঙৰ পৰিৱৰ্তন কৰিছে, য’ত অধিনায়ক বেন ষ্ট’কছ যি বৰ্তমান শৃংখলাত সৰ্বাধিক উইকেট লোৱাৰ ক্ষেত্ৰত শীৰ্ষত আছে, তেওঁ কান্ধৰ আঘাতৰ বাবে খেলৰ পৰা বাহিৰ হৈছে।

অভাল টেষ্ট মেচৰ প্লেয়িং ১১ ঘোষণা কৰাৰ পিছত বেন ষ্ট’কছে তেওঁৰ আঘাতৰ বিষয়ে প্ৰকাশ কৰে আৰু ক’লে যে এই গুৰুত্বপূৰ্ণ মেচৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত কিয় ল’বলগীয়া হ’ল।

ভাৰতৰ বিৰুদ্ধে অ’ভাল টেষ্ট মেচত বাদ পৰাৰ পিছত ইংলেণ্ডৰ অধিনায়ক গৰাকীয়ে কয় যে,” “মই এই মেচৰ পৰা বাহিৰ হৈ সঁচাকৈয়ে হতাশ হৈছো”।

“মোৰ সোঁ কান্ধত হোৱা আঘাতৰ কথা জানিব পৰাৰ পিছত মোক আৰু কোনো ধৰণৰ ৰিস্ক লোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল”।

“এতিয়া মই পুনৰ ৰিহাবলৈ যাম যাতে এই বছৰৰ শেষৰ ফালে এছেজ ছিৰিজৰ আগতে নিজকে সম্পূৰ্ণ ফিট কৰি তুলিব পাৰো”।

উল্লেখ্য যে, এই টেষ্ট ছিৰিজৰ চাৰিওখন মেচতে খেলুৱৈ গৰাকীয়ে নিজৰ বলিঙৰ জৰিয়তে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

ইয়াৰ উপৰিও মানচেষ্টাৰ টেষ্ট মেচত ষ্ট’কছে বেটেৰে শতক অৰ্জন কৰাৰ বিপৰীতে বলৰ জৰিয়তেও এক নিৰ্দিষ্ট স্থান দখল কৰাত সফল হয়।

অ’ভেল টেষ্ট মেচত বেন ষ্ট’কছক বাদ দিয়াৰ পিছত এতিয়া অলি পোপক শেষৰখন মেচৰ বাবে অধিনায়কৰ দায়িত্ব দিয়া হৈছে।

লগতে পঢ়ক: আই চি চিৰ শেহতীয়া ৰেংকিঙত ৱাশ্বিংটন-জাডেজাৰ অগ্ৰগতি; অৱনমিত যশস্বী জয়ছোৱাল