কেলিফৰ্ণিয়াৰ অৰণ্যত বিয়পিছে বনজুই

কেলিফৰ্ণিয়াৰ অৰণ্যত বিয়পিছে বনজুই, দুজন লোকৰ মৃত্যু…১ হাজাৰৰো অধিক অট্টালিকা ধ্বংস

খৰাং আৰু প্ৰচণ্ড বতাহৰ বাবে দক্ষিণ কেলিফৰ্ণিয়াৰ অৰণ্যৰ বহু ঠাইত বনজুই বিয়পি পৰিছে । এই বনজুইত কমেও দুজন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হোৱাৰ খবৰ প্ৰকাশ পৰাইছে । ইয়াৰ বাহিৰেও জুই বিয়পি পৰাৰ বাবে বিভিন্ন স্থানত প্ৰায় ১০০০ টা অট্টালিকা ধ্বংস হৈছে । বুধবাৰে

খৰাং আৰু প্ৰচণ্ড বতাহৰ বাবে দক্ষিণ কেলিফৰ্ণিয়াৰ অৰণ্যৰ বহু ঠাইত বনজুই বিয়পি পৰিছে । এই বনজুইত কমেও দুজন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হোৱাৰ খবৰ প্ৰকাশ পৰাইছে । ইয়াৰ বাহিৰেও জুই বিয়পি পৰাৰ বাবে বিভিন্ন স্থানত প্ৰায় ১০০০ টা অট্টালিকা ধ্বংস হৈছে ।

বুধবাৰে (স্থানীয় সময় অনুসৰি) এল এ কাউন্টিৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী এণ্টনি মেৰনে এক সংবাদমেল অনুষ্ঠিত কৰে । সংবাদমেলত তেওঁ কয় যে ইটনত হোৱা অগ্নিকাণ্ডৰ বাবে দুজন লোকে প্ৰাণ হেৰুৱাইছে আৰু বহু লোক আহত হৈছে । ইটনৰ অগ্নিকাণ্ডত প্ৰায় ১০০টা অট্টালিকা ধ্বংস হয় ।

পেচিফিক পেলিছাডছৰ অগ্নিকাণ্ডত জ্বলিল ৫ হাজাৰ একৰ ভূমি-

একে সময়তে লছ এঞ্জেলছৰ পেচিফিক পেলিছাডছতো অগ্নিকাণ্ড সংঘটিত হৈছে, যাৰ বাবে ৫ হাজাৰ একৰতকৈ অধিক মাটি জ্বলি গৈছে আৰু হাজাৰ হাজাৰ লোকক জুইৰ পৰা উলিয়াই অনা হৈছে । মেৰনে কয় যে এই অগ্নিকাণ্ডত প্ৰায় ১০০০টা অট্টালিকা ধ্বংস হয় । বিষয়াসকলৰ মতে, ইয়াত কেইবাজনো লোক আহত হৈছে ।

২২২৭ একৰ মাটিত বিয়পি পৰিছে ইটনৰ জুই-

তেওঁ কয় যে কেলিফৰ্ণিয়াৰ আলটাডেনাত ইটনৰ জুইত ২,২২৭ একৰ মাটি জ্বলি গৈছে । তেওঁ কয় যে এতিয়াও জুই নিয়ন্ত্ৰণ কৰিব পৰা নাই । ইফালে বনজুই কেলিফৰ্ণিয়াৰ ছান ফাৰ্নাণ্ডোৰ উত্তৰ-পূব দিশলৈ বিয়পি পৰে আৰু কমেও ৫০০ একৰ মাটি জ্বলি গৈছে ।

প্ৰায় ২.৫ লাখ লোকে পোৱা নাই বিদ্যুৎ যোগান-

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লছ এঞ্জেলছ কাউন্টিত পুৱালৈকে কমেও ২ লাখ ৪৫ হাজাৰ লোক বিদ্যুৎ সংযোগ বিহীন হৈ পৰিছে । জুই বৃদ্ধি পোৱাৰ লগে লগে নিজকে আৰু উদ্ধাৰ কৰ্মীসকলক সুৰক্ষিত ৰাখিবলৈ লোকসকলক খালী কৰাৰ নিৰ্দেশ মানি চলিবলৈ আহ্বান জনাইছে বিষয়াসকলে ।

শেহতীয়া প্ৰৱন্ধসমূহ