বৰষুণৰ বাবে পৰিত্যক্ত পঞ্জাৱ-কলকাতাৰ মেচ, দুয়ো দলে লাভ কৰিলে ১-১ পইণ্ট…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ত শনিবাৰে কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হোৱা মেচখন বৰষুণৰ বাবে পৰিত্যক্ত হয় । এই মেচখন কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈছিল । টছত জয়লাভ কৰাৰ পাছত পঞ্জাবে প্ৰথমে বেটিং কৰি প্ৰিয়ংশ আৰ্য্য আৰু প্ৰভসীমৰণৰ বিস্ফোৰক বেটিঙৰ সহায়ত ২০১ ৰান

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ত শনিবাৰে কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হোৱা মেচখন বৰষুণৰ বাবে পৰিত্যক্ত হয় । এই মেচখন কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈছিল । টছত জয়লাভ কৰাৰ পাছত পঞ্জাবে প্ৰথমে বেটিং কৰি প্ৰিয়ংশ আৰ্য্য আৰু প্ৰভসীমৰণৰ বিস্ফোৰক বেটিঙৰ সহায়ত ২০১ ৰান সংগ্ৰহ কৰে । কিন্তু কলকাতাই বেটিং কৰিবলৈ ক্ৰীজত নমাৰ পিছতে প্ৰচণ্ড বতাহ-বৰষুণৰ বাবে মেচখনৰ এটা অভাৰহে খেলিব পৰা গ’ল । পৰৱৰ্তী সময়ত এই মেচখন বাতিল কৰিবলগীয়া হয় ।

পঞ্জাৱৰ বেটিং-

টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ অহা পঞ্জাব কিংছে এক সুন্দৰ আৰম্ভণি কৰে । প্ৰভসিমৰন সিং আৰু প্ৰিয়ংশ আৰ্য্যই আৰম্ভণিৰ পৰাই বিস্ফোৰক বেটিং কৰে । দুয়োৰে মাজত ১২০ ৰানৰ ডাঙৰ অংশীদাৰিত্ব আছিল । প্ৰিয়ংশ আৰ্য্যই ৩৫টা বলত ৬৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । ১২ নং অভাৰত ৰাছেলৰ বলত প্ৰিয়ংশৰ উইকেটৰ পতন ঘটে । আৰ্যই ৮টা চাৰি আৰু ৪টা ছয় কোবাই ।

একে সময়তে প্ৰভসীমৰণে সিঙেও বিস্ফোৰক বেটিং কৰে । তেওঁ ৩৮টা বলত অৰ্ধ শতক সম্পূৰ্ণ কৰে । অৰ্ধ শতকৰ পাছত তেওঁ বিস্ফোৰক বেটিঙেৰে মাত্ৰ ৪৯টা বলত ৮৩ ৰান সংগ্ৰহ কৰে । ১৫ নং অভাৰত তেওঁৰ উইকেটৰ পতন ঘটে । ইয়াৰ পিছতে ক্ৰীজলৈ আহে গ্লেন মেক্সৱেল । কিন্তু বৰুণ চক্ৰৱৰ্তীয়ে তেওঁক কম সময়ৰ ভিতৰতে পেভিলিয়নৰ বাট দেখুৱাই । তেওঁৰ বেটৰ পৰা মাত্ৰ ৮ ৰানহে আহে । প্ৰথমে বেটিং কৰি পঞ্জাবে ২০ অভাৰত কলকাতাৰ বাবে ২০২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে ।

ইয়াৰ পিছতে কলকাতাৰ হৈ লক্ষ্য অনুসৰণ কৰি অ’পেনাৰ সুনীল নাৰিন আৰু গুৰবাজ ক্ৰীজত নামিছিল যদিও মাত্ৰ এটা অভাৰ খেলাৰ পিছতে প্ৰচণ্ড বৰষুণ হ’বলৈ আৰম্ভ কৰে । এই অভাৰত কলকাতাই কোনো উইকেট নেহেৰুৱাকৈ ৭ ৰান সংগ্ৰহ কৰে । শেষত বৰষুণৰ বাবে মেচখন বাতিল কৰিবলগীয়া হয় । ফলত দুয়োটা দলে এটাকৈ পইণ্ট লাভ কৰি সন্তুষ্ট হ’বলগীয়া হয় ।

পইন্ট তালিকাৰ অৱস্থা-

খেলখন বাতিল হোৱাৰ পিছত দুয়োটা দলে এটাকৈ পইণ্ট লাভ কৰে । ইয়াৰ ফলত পঞ্জাৱ দল লাভৱান হয় আৰু এতিয়া মুম্বাইক অতিক্ৰম কৰি দলটো চতুৰ্থ স্থানত উপনীত হৈছে । পঞ্জাৱ দলে এতিয়া ৯খন মেচৰ পৰা ১১ পইণ্ট লাভ কৰিছে । আনহাতে কলকাতা দলে এতিয়ালৈকে ৯খন মেচৰ পৰা ৭ পইণ্ট লাভ কৰি সপ্তম স্থানত আছে । উল্লেখ্য যে মুম্বাই ইণ্ডিয়ানছে ৯খন মেচৰ পৰা ১০ পইণ্ট লাভ কৰি এতিয়া পঞ্চম স্থানত আছে ।

শেহতীয়া প্ৰৱন্ধসমূহ