অৰ্থনীতিবিদ আৰু বিশেষজ্ঞক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ; ২০২৫-২৬ বৰ্ষৰ বাজেটৰ ওপৰত আলোচনা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক বাজেটৰ বাবে তেওঁলোকৰ মতামত আৰু পৰামৰ্শ জানিবলৈ আজি বিশিষ্ট অৰ্থনীতিবিদ আৰু বিশেষজ্ঞসকলক সাক্ষাৎ কৰে । বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু নিটি আয়োগৰ উপাধ্যক্ষ সুমন বেৰী উপস্থিত থাকে । ইয়াৰ উপৰিও পলিচি থিংক টেংকৰ আন সদস্যসকলো এই বৈঠকত উপস্থিত থকা দেখা যায়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক বাজেটৰ বাবে তেওঁলোকৰ মতামত আৰু পৰামৰ্শ জানিবলৈ আজি বিশিষ্ট অৰ্থনীতিবিদ আৰু বিশেষজ্ঞসকলক সাক্ষাৎ কৰে । বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু নিটি আয়োগৰ উপাধ্যক্ষ সুমন বেৰী উপস্থিত থাকে । ইয়াৰ উপৰিও পলিচি থিংক টেংকৰ আন সদস্যসকলো এই বৈঠকত উপস্থিত থকা দেখা যায় ।

প্ৰকৃততে বাজেটৰ পূৰ্বে সদায় বিভিন্ন বিশেষজ্ঞৰ মতামত লোৱা হয় । এই সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰী মোদীয়ে অৰ্থনীতিবিদ আৰু বিশেষজ্ঞৰ সৈতে আলোচনাত মিলিত হয় । অর্থনীতি উন্নীতকৰণৰ বিকল্প সন্দৰ্ভত বিশেষজ্ঞৰ সৈতে আলোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

উল্লেখ্য যে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ চনৰ বাজেট ১ ফেব্ৰুৱাৰীত লোকসভাত দাখিল কৰিব । ২০ ডিচেম্বৰত বিত্তমন্ত্ৰী সীতাৰমণৰ অধ্যক্ষতাত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে বাজেটৰ পূৰ্বে আলোচনা বৈঠক অনুষ্ঠিত হয় । পঞ্জাৱ, কেৰালাৰ দৰে আৰ্থিকভাৱে সংকটগ্ৰস্ত ৰাজ্যৰ বিত্তমন্ত্ৰীসকলে চৰকাৰৰ পৰা সকাহ বিচাৰে ।

শেহতীয়া প্ৰৱন্ধসমূহ