পশ্চিম এছিয়া সংকটৰ মাজতে অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্যসকলৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হয়

সমগ্ৰ বিশ্বই যেতিয়া ভূ-ৰাজনৈতিক উত্তেজনা, বাণিজ্যৰ অনিশ্চয়তা আৰু অৰ্থনৈতিক মন্থৰতাৰ সৈতে যুঁজি আছে, তেনে সময়তে ভাৰতীয় অৰ্থনীতিয়ে এক অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে । সদ্যপ্ৰকাশিত চৰকাৰী তথ্য অনুসৰি, ২০২৫-২৬ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰে বজাৰৰ সকলো প্ৰত্যাশাকে অতিক্ৰম কৰি ৭.৮ শতাংশ স্পৰ্শ কৰিছে । এই ডাঙৰ সফলতাৰ পটভূমিত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদ’ৰ সদস্যসকলৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হয় ।

বিশ্বজনীন সংকট আৰু দেশীয় সংস্কাৰৰ ওপৰত আলোচনা-

বৈঠকত প্ৰধানমন্ত্ৰী আৰু উপদেষ্টা পৰিষদৰ সদস্যসকলে গোলকীয় অস্থিৰতাৰ মাজতেও ভাৰতৰ অৰ্থনৈতিক বিকাশক কেনেকৈ অধিক গতিশীল কৰিব পাৰি, সেই সন্দৰ্ভত বিভিন্ন নতুন ধাৰণা আৰু কৌশলগত পদক্ষেপৰ বিষয়ে বিশদভাৱে আলোচনা কৰে । বিশেষকৈ দেশত ‘জীৱন ধাৰণৰ সহজতা’ আৰু ‘ব্যৱসায় কৰাৰ সহজতা’ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় সংস্কাৰসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় । ইয়াৰ উপৰিও, বৰ্তমান চলি থকা পশ্চিম এছিয়াৰ সংঘাতৰ ফলত ভাৰত তথা বিশ্ব অৰ্থনীতিত কি প্ৰভাৱ পৰিব পাৰে, সদস্যসকলে তাৰো এক সামগ্ৰিক মূল্যায়ন প্ৰধানমন্ত্ৰীৰ সন্মুখত দাঙি ধৰে । এই বৈঠকখন এনে এক গুৰুত্বপূৰ্ণ সময়ত অনুষ্ঠিত হৈছে যেতিয়া বিশ্বৰ অন্যান্য উন্নত অৰ্থনীতিসমূহ অসমান বিকাশৰ ধাৰাৰে গতি কৰিছে ।

অৰ্থনৈতিক স্থিতিস্থাপকতাৰ বাবে প্ৰধানমন্ত্ৰীৰ ৭ টা বিশেষ আহ্বান-

পশ্চিম এছিয়াৰ সংঘাতৰ পৰা সৃষ্টি হ’ব পৰা ইন্ধনৰ নাটনি আৰু মূল্যবৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ যোৱা মাহতে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক এক বিশেষ ৭ দফীয়া আহ্বান জনাইছিল । তেওঁ অৰ্থনৈতিক স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে নাগৰিকসকলক ঘৰৰ পৰা কাম কৰা প্ৰক্ৰিয়াক অগ্ৰাধিকাৰ দিবলৈ, ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আৰু এবছৰৰ বাবে বিদেশ ভ্ৰমণ পৰিহাৰ কৰিবলৈ অনুৰোধ জনায় । ইয়াৰ উপৰিও তেওঁ স্বদেশী সামগ্ৰী গ্ৰহণ কৰা, ৰন্ধন তেলৰ ব্যৱহাৰ হ্ৰাস কৰা, প্ৰাকৃতিক কৃষিক আকোৱালি লোৱা আৰু সোণ ক্ৰয় সীমিত কৰাৰ ওপৰত গুৰুত্ব দিয়ে ।

পেট্ৰ’ল-ডিজেলৰ নিৰ্ভৰশীলতা আৰু মূল্যৰ তাৰতম্য কমাবলৈ তেওঁ ভাৰতৰ পৰিবহণ ব্যৱস্থাত পৰিৱৰ্তন অনাৰ আহ্বান জনায় । প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক উপলব্ধ স্থানত মেট্ৰ’ আৰু ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিবলৈ, ব্যক্তিগত বাহনৰ প্ৰয়োজন হ’লে কাৰপুলিং কৰিবলৈ, সামগ্ৰী কঢ়িয়াবলৈ ৰেল পৰিবহণক অগ্ৰাধিকাৰ দিবলৈ আৰু সম্ভৱপৰ ঠাইত বৈদ্যুতিক বাহনৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ বিশেষ অনুৰোধ জনায় ।

পৰিসংখ্যাত ভাৰতৰ অৰ্থনৈতিক সফলতা-

৫ জুনত চৰকাৰে মুকলি কৰা চৰকাৰী তথ্যই ভাৰতৰ মজবুত অৰ্থনৈতিক ভেটিৰ কথাকে প্ৰমাণ কৰিছে । ২০২৬ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত ভাৰতৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন (GDP) বছৰি ৭.৮ শতাংশ হাৰত বৃদ্ধি পাইছে, আনহাতে সমগ্ৰ বছৰটোৰ বিকাশৰ হাৰ ৭.৭ শতাংশ নিৰ্ধাৰণ কৰা হৈছে । স্থিৰ মূল্যত প্ৰকৃত জিডিপি চতুৰ্থ ত্ৰৈমাসিকত ৮৭.৭৭ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে, যিটো যোৱা বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত ৮১.৪০ লাখ কোটি টকা আছিল । আনহাতে এই ত্ৰৈমাসিকৰ বাবে নামমাত্ৰ জিডিপি ৯৪.৬৫ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে, যিয়ে ৯.১ শতাংশ বিকাশ প্ৰদৰ্শন কৰিছে ।

সমগ্ৰ ২০২৬ বিত্তীয় বৰ্ষৰ বাবে, প্ৰকৃত জিডিপি ৩২৩.১২ লাখ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ৭.৭ শতাংশ বিকাশৰ হাৰ প্ৰতিফলিত কৰে । একেদৰে নামমাত্ৰ জিডিপি ৩৪6.৩৬ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে, যিটো পূৰ্বৱৰ্তী বৰ্ষৰ তুলনাত ৮.৯ শতাংশ বৃদ্ধি পাইছে ।

অৰ্থনৈতিক কাৰ্যকলাপৰ এক গুৰুত্বপূৰ্ণ মাপকাঠি অৰ্থাৎ মুঠ মূল্য সংযোজনৰ ক্ষেত্ৰতো সুন্দৰ প্ৰদৰ্শন দেখা গৈছে । পূৰ্ণ বিত্তীয় বৰ্ষত প্ৰকৃত জিভিএ ৭.৯ শতাংশ আৰু নামমাত্ৰ জিভিএ ৯.১ শতাংশ বৃদ্ধি পাব বুলি আশা কৰা হৈছে । কেৱল চতুৰ্থ ত্ৰৈমাসিকতে প্ৰকৃত জিভিএ বৃদ্ধিৰ হাৰ আছিল ৭.৯ শতাংশ আৰু নামমাত্ৰ জিভিএ ৯.৯ শতাংশ বৃদ্ধি পাইছিল ।

কোনবোৰ খণ্ডই ধৰি ৰাখিলে বিকাশৰ গতি ?

চৰকাৰী তথ্য অনুসৰি, ভাৰতৰ এই ক্ষিপ্ৰ বিকাশৰ মূল চালিকা শক্তি আছিল অৰ্থনীতিৰ দ্বিতীয়ক (ম্যানুফেকচাৰিং) আৰু তৃতীয়ক (সেৱা) খণ্ড । স্থিৰ মূল্যত এই খণ্ড দুটাৰ বিকাশৰ হাৰ আছিল ক্ৰমে ৮.৮ শতাংশ আৰু ৯.৩ শতাংশ । আনহাতে, মূলতঃ কৃষি আৰু মীনপালনৰ সৱল সমৰ্থনত প্ৰাথমিক খণ্ডই ৩.২ শতাংশ বিকাশ পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে ।

অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে, বিশ্বজুৰি চলি থকা তীব্ৰ অৰ্থনৈতিক মন্থৰতা আৰু ভূ-ৰাজনৈতিক উত্তেজনাৰ মাজত ভাৰতৰ এই বাৰ্ষিক বিকাশ সঁচাকৈয়ে প্ৰশংসনীয় । এই প্ৰদৰ্শনে অনাগত দিনত ভাৰতক বিশ্বৰ এক অন্যতম সুস্থিৰ আৰু শক্তিশালী অৰ্থনীতি হিচাপে প্ৰতিষ্ঠা কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ সংকল্প প্ৰধানমন্ত্ৰী মোদীৰ, ‘এক পেড় মা কে নাম’ পদক্ষেপৰ প্ৰশংসা

তিনি অৰ্থনীতিবিদলৈ ২০২৫ বৰ্ষৰ অৰ্থনীতিৰ নোবেল; উদ্ভাৱন আৰু সৃজনশীল ধ্বংসৰ তত্ত্বক স্বীকৃতি

২০২৫ বৰ্ষৰ অৰ্থনীতিৰ নোবেল

ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে আলফ্ৰেড নোবেলৰ স্মৃতিত ২০২৫ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা ঘোষণা কৰিছে । জোৱেল মকীৰ (আমেৰিকা), পিটাৰ হাৱিট (আমেৰিকা), আৰু ফিলিপ এজিয়ন (ইউ কে)ক তেওঁলোকৰ যুগান্তকাৰী গৱেষণাৰ বাবে এই সৰ্বোচ্চ সন্মান প্ৰদান কৰা হৈছে । ‘উদ্ভাৱন ভিত্তিক অৰ্থনৈতিক বৃদ্ধিৰ সংজ্ঞা নিৰূপণ’ৰ বাবে এই তিনিওগৰাকীক গৱেষকক এই বঁটা প্ৰদান কৰা হৈছে । জোৱেল আমেৰিকাৰ নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ সৈতে জড়িত, ফিলিপ ইংলেণ্ডৰ দ্য লণ্ডন স্কুল অৱ ইকনমিক এণ্ড পলিটিকেল ছায়েন্সৰ সৈতে আৰু পিটাৰ আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ সৈতে জড়িত ।

নোবেল বঁটা কমিটীৰ মতে, এই পুৰস্কাৰৰ আধা অংশ প্ৰযুক্তিগত অগ্ৰগতিৰ জৰিয়তে বহনক্ষম উন্নয়নৰ বাবে প্ৰয়োজনীয় চৰ্ত চিনাক্ত কৰাৰ বাবে জোৱেল মকীৰক আৰু আনটো অংশ যৌথভাৱে সৃষ্টিশীল ধ্বংসৰ জৰিয়তে বহনক্ষম উন্নয়নৰ তত্ত্বৰ বাবে ফিলিপ এজিয়ন আৰু পিটাৰ হাৱিটক প্ৰদান কৰা হ’ব । বহনক্ষম উন্নয়ন কিয় নতুন স্বাভাৱিক হৈ পৰিছে তাৰ কাৰণসমূহ উন্মোচন কৰিবলৈ ঐতিহাসিক উৎসসমূহক আহিলা হিচাপে ব্যৱহাৰ কৰিছিল মকীৰে ।

এজিয়ন আৰু হাৱিটে নিৰন্তৰ বিকাশৰ আঁৰৰ ব্যৱস্থাৰ বিষয়ে অধ্যয়ন কৰিছিল । ১৯৯২ চনৰ এটা প্ৰবন্ধত তেওঁ সৃষ্টিশীল ধ্বংস নামৰ গাণিতিক আৰ্হি এটা প্ৰস্তুত কৰি বুজাই দিছিল যে যেতিয়া কোনো নতুন আৰু উন্নত সামগ্ৰী বজাৰত প্ৰৱেশ কৰে তেতিয়া সেই পুৰণি সামগ্ৰী বিক্ৰী কৰা কোম্পানীবোৰ লোকচানৰ সন্মুখীন হয় । নতুন সামগ্ৰী আৰু উৎপাদন পদ্ধতিয়ে পুৰণি পদ্ধতিৰ ঠাই লৈয়েই আছে আৰু এই প্ৰক্ৰিয়া কেতিয়াও শেষ নহয় । এইটোৱেই হৈছে নিৰন্তৰ অৰ্থনৈতিক উন্নয়নৰ ভিত্তি, যাৰ ফলত বিশ্বৰ মানুহৰ জীৱনৰ মান, স্বাস্থ্য আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নত হয় ।

অৰ্থনীতিৰ নোবেল বঁটাৰ বিষয়ে জানক-

-অৰ্থনীতিৰ নোবেল বঁটা এই পৰ্যন্ত ৯৯ জন লোকক প্ৰদান কৰা হৈছে ।

-১৯৬৮ চনত অৰ্থনীতিৰ নোবেল বঁটা প্ৰৱৰ্তন কৰা হয় ।

-এই বঁটা ১৯৬৯ চনৰ পৰা অৰ্থনীতিত ৫৬ বাৰ প্ৰদান কৰা হৈছে ।

-অৰ্থনীতিৰ এই বঁটা লাভ কৰা আটাইতকৈ কম বয়সীয়া গৰাকী হৈছে ৪৬ বছৰীয়া এষ্টাৰ ডুফ্ল’ ।

-অৰ্থনীতিৰ নোবেল লাভ কৰা আটাইতকৈ বয়সীয়াল ব্যক্তিজন আছিল ৯০ বছৰীয়া লিঅ’নিড হ’ৰভিচ ।

কোনে লাভ কৰে এই বঁটা ?

এই বঁটা এনে অৰ্থনীতিবিদসকলক প্ৰদান কৰা হয়, যাৰ গৱেষণাই অৰ্থনীতি বুজিবলৈ আৰু ইয়াৰ সমস্যা সমাধানত ডাঙৰ অৱদান আগবঢ়াইছে । ইয়াক অৰ্থনীতিৰ নোবেল বঁটা বুলি কোৱা হয় যদিও কাৰিকৰীভাৱে ই নোবেলৰ উইলত থকা মূল পাঁচটা বঁটাৰ ভিতৰত উল্লেখ নাছিল । পৰৱৰ্তী সময়ত ১৯৬৯ চনত ছুইডেনৰ কেন্দ্ৰীয় বেংকে ইয়াক প্ৰতিষ্ঠা কৰিছিল । ইয়াত ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সেছে বঁটা বিজয়ীসকলক নিৰ্বাচন কৰে ।

লগতে পঢ়ক : ২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা

দহ বছৰত ভাৰতত চৰম দৰিদ্ৰতাৰ পৰা মুক্তি পালে ১৭ কোটিৰো অধিক লোকে

ভাৰতত চৰম দৰিদ্ৰতাৰ পৰা মুক্তি পালে ১৭ কোটিৰো অধিক লোকে

ভাৰতৰ চৰম দৰিদ্ৰতাৰ হাৰ ২০১১-১২ চনত ২৭.১ শতাংশৰ পৰা এটা দশকত ৫.৩ শতাংশলৈ তীব্ৰভাৱে হ্ৰাস পাইছে বুলি বিশ্ব বেংকে মন্তব্য কৰিছে । বিশ্বব্যাপী প্ৰতিষ্ঠানটোৱে দৰিদ্ৰ সীমাৰেখাও বৃদ্ধি কৰি প্ৰতিদিনে ৩ মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰিছে । ২০১১-১২ চনৰ পৰা ২০২২-২৩ বৰ্ষৰ ভিতৰত ভাৰতে ১৭ কোটি ১০ লাখ লোকক চৰম দৰিদ্ৰতাৰ পৰা উলিয়াই আনিছে বুলিও দাবী কৰিছে বিশ্ব বেংকে ।

বিশ্ব বেংকে এক প্ৰতিবেদনত কয় যে যদিহে সংশোধিত চৰম দৰিদ্ৰতা সীমাৰেখা ৩ মাৰ্কিন ডলাৰৰ ভিত্তি হিচাপে লোৱা হয়, তেন্তে ২০১৭ চনৰ পৰা ২০২১ চনৰ ভিতৰত ভাৰতৰ মুদ্ৰাস্ফীতিৰ হাৰ বিবেচনা কৰিলে ভাৰতৰ দৰিদ্ৰতাৰ হাৰ ৫.৩ শতাংশ আছিল । প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত ২০২৪ চনত ৫৪,৬৯৫,৮৩২ জন লোকে দিনটোত তিনি ডলাৰৰ কম টকাৰে জীৱন নিৰ্বাহ কৰিছিল ।

ভাৰতত চৰম দৰিদ্ৰতা ১৬.২ শতাংশৰ পৰা ২.৩%লৈ হ্ৰাস পাইছে-

প্ৰতিবেদনত কোৱা হৈছে যে ২০১১-১২ চনৰ পৰা ২০২২-২৩ চনৰ ভিতৰত চৰম দৰিদ্ৰতাৰ হাৰ ১৬.২ শতাংশৰ পৰা ২.৩ শতাংশলৈ হ্ৰাস পাইছে । এই সময়ছোৱাত নিম্ন মধ্যম আয়ৰ দেশসমূহত (এল এম আই চি) দৰিদ্ৰতাৰ হাৰ ৩৩.৭ শতাংশ পইণ্ট হ্ৰাস পাইছে । বিশ্ব বেংকে স্বীকাৰ কৰিছে যে বিনামূলীয়া আৰু ৰাজসাহায্যযুক্ত খাদ্য বিতৰণে দৰিদ্ৰতা হ্ৰাস কৰাৰ লগতে গ্ৰাম্য আৰু চহৰৰ দৰিদ্ৰতাৰ মাজৰ ব্যৱধান হ্ৰাস কৰিছে । প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে অতি দৰিদ্ৰ ৫৪ শতাংশ লোকে সৰ্বাধিক জনবহুল পাঁচখন ৰাজ্যত বাস কৰে ।

ভাৰতৰ প্ৰকৃত জিডিপি কৰোনাৰ পূৰ্বৰ স্তৰতকৈ ৫ শতাংশ কম-

অৰ্থনীতিৰ সন্দৰ্ভত প্ৰতিবেদনত কোৱা হৈছে যে ২০২৫ বিত্তীয় বৰ্ষৰ ভিতৰত ভাৰতৰ প্ৰকৃত জিডিপি কৰোনাৰ পূৰ্বৰ স্তৰতকৈ প্ৰায় ৫ শতাংশ কম । বিশ্ব বেংকে লগতে কয় যে যদি বৰ্তমান বিশ্বব্যাপী অনিশ্চয়তাসমূহ পদ্ধতিগতভাৱে সমাধান কৰা হয়, তেন্তে ২০২৭-২৮ চনৰ ভিতৰত ভাৰতৰ বিকাশে ক্ৰমান্বয়ে নিজৰ সম্ভাৱ্য স্থানত উপনীত হ’ব । প্ৰতিবেদনত কোৱা হৈছে যে, “অৱশ্যে ভাৰতীয় অৰ্থনৈতিক পৰিস্থিতিত যথেষ্ট নিম্নগামী বিপদ আছে আৰু ইয়াৰ কাৰণ হৈছে বিশ্ব পৰ্যায়ত নীতিগত পৰিৱৰ্তন অব্যাহত । প্ৰতিবেদন অনুসৰি বিশ্বৰ উত্তেজনা বৃদ্ধিয়ে ভাৰতৰ ৰপ্তানিৰ চাহিদা হ্ৰাস কৰিব আৰু বিনিয়োগৰ পুনৰুদ্ধাৰত আৰু অধিক বিলম্ব কৰিব ।”

২০২৬-২৮ বিত্তীয় বৰ্ষত চলিত একাউণ্টৰ ঘাটি-

প্ৰতিবেদন অনুসৰি ২০২৬-২৮ বিত্তীয় বৰ্ষৰ ভিতৰত চলিত একাউণ্টৰ ঘাটি গড়ে জিডিপিৰ প্ৰায় ১.২ শতাংশ হ’ব বুলি আশা কৰা হৈছে । প্ৰতিবেদন অনুসৰি ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত জিডিপিৰ প্ৰায় ১৬ শতাংশ স্থিৰ হৈ থাকিব বুলি অনুমান কৰা হৈছে । বিশ্ব বেংকে এপ্ৰিল মাহত ভাৰত সন্দৰ্ভত প্ৰকাশ কৰা ‘দাৰিদ্ৰতা আৰু ইকুইটি ব্ৰিফ ৰিপ’ৰ্ট’ত কৈছে, “বিগত দশকত ভাৰতে দৰিদ্ৰতা যথেষ্ট হ্ৰাস কৰিছে । চৰম দৰিদ্ৰতা (প্ৰতিদিনে ২.১৫ মাৰ্কিন ডলাৰৰ কম টকাৰে জীৱন নিৰ্বাহ কৰা) ২০১১-১২ চনত ১৬.২ শতাংশৰ পৰা ২০২২-২৩ চনত ২.৩ শতাংশলৈ হ্ৰাস পাইছে । ইয়াৰ ফলত প্ৰায় ১৭ কোটি ১০ লাখ লোক চৰম দৰিদ্ৰতাৰ পৰা মুক্তি পাইছে ।“

প্ৰতিবেদনত কোৱা হৈছে যে গ্ৰামাঞ্চলত চৰম দৰিদ্ৰতা ১৮.৪ শতাংশৰ পৰা ২.৮ শতাংশলৈ হ্ৰাস পাইছে । চহৰ অঞ্চলত ১০.৭ শতাংশৰ পৰা ১.১ শতাংশলৈ হ্ৰাস পাইছে । ইয়াৰ ফলত গ্ৰাম্য-নগৰৰ ব্যৱধান ৭.৭ শতাংশৰ পৰা ১.৭ শতাংশলৈ হ্ৰাস পাইছে । এইটো বাৰ্ষিক ১৬ শতাংশ হ্ৰাস ।

লগতে পঢ়ক : জাপানক অতিক্ৰমি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিত পৰিণত হ’ল ভাৰত…

জাপানক অতিক্ৰমি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিত পৰিণত হ’ল ভাৰত…

বৃহত্তম অৰ্থনীতি

নিটি আয়োগৰ দশম পৰিচালন পৰিষদৰ বৈঠকৰ অন্তত দেশৰ অৰ্থনীতি সন্দৰ্ভত মন্তব্য কৰে নিটি আয়োগৰ চি ই অ’ বি ভি আৰ সুব্ৰহ্মণয়মে । নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে আমি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি । আমি ৪ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি আৰু এয়া মোৰ তথ্য নহয় । এয়া আই এম এফৰ তথ্য । ভাৰত আজি জাপানতকৈ আগবাঢিল । কেৱল আমেৰিকা, চীন আৰু জাৰ্মানীহে আমাতকৈ আগত আছে । যদি আমি ভবা কথা মতেই গৈ থাকিব পাৰোঁ তেন্তে অহা ২.৫ৰ পৰা ৩ বছৰত আমি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’ম ।

সুব্ৰহ্মণ্যমে কয়, “ভাৰত এনে এটা পৰ্যায়ত আছে য’ত ই অতি দ্ৰুতগতিত বিকশিত হ’ব পাৰে, যিদৰে বহু দেশে বিগত সময়ত কৰিছিল । অহা ২০ৰ পৰা ২৫ বছৰলৈ ভাৰতে জনগাঁথনিগত লভ্যাংশৰ আশীৰ্বাদ লাভ কৰিছে, যাৰ ফলত আমি দ্ৰুতগতিত উন্নতি সাধন কৰিব পাৰিম । প্ৰধানমন্ত্ৰীয়ে সকলো ৰাজ্যকে নিজৰ পৰ্যায়ত দৃষ্টিভংগীৰ নথি প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে । ভাৰতৰ উন্নয়নৰ ব্লুপ্ৰিণ্ট ইতিমধ্যে ইয়াত দেখা গৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা উল্লেখ কৰি নীতি আয়োগৰ মুৰব্বীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক ভাৰতক উন্নত কৰাৰ বাবে আহ্বান জনাইছে কাৰণ ই এক দীঘলীয়া যাত্ৰা ।

লগতে পঢ়ক : গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হ’ল ভাৰতীয় জীৱন বীমা নিগমৰ নাম… গঢ়িলে এই অভিলেখ

ভৰিছে চৰকাৰী কোষাগাৰ ! ফেব্ৰুৱাৰীত জি এছ টি সংগ্ৰহৰ বৃহৎ জাঁপ

ভাৰতৰ সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) সংগ্ৰহ ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ৯.১% বৃদ্ধি পাই ১.৮৪ লাখ কোটি টকা হৈছে । এয়া একেৰাহে ১২ সংখ্যক মাহত জি এছ টি সংগ্ৰহ ১.৭ লাখ কোটি টকাতকৈও অধিক । এইবাৰ সংগ্ৰহ বৃদ্ধিৰ মূল কাৰণ আছিল ঘৰুৱা বাণিজ্যৰ উত্থান, যাৰ বাবে ঘৰুৱা পৰ্যায়ত জি এছ টিৰ ৰাজহ ১০.২% বৃদ্ধি পাই ১.৪২ লাখ কোটি টকা হৈছে । একে সময়তে আমদানিৰ পৰা জি এছ টিৰ ৰাজহ ৫.৪% বৃদ্ধি পাই ৪১,৭০২ কোটি টকা হৈছে ।

ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় জি এছ টি (চি জি এছ টি) সংগ্ৰহ আছিল ৩৫,২০৪ কোটি আৰু ৰাজ্যিক জি এছ টি (এছ জি এছ টি) সংগ্ৰহ আছিল ৪৩,৭০৪ কোটি টকা । ইন্টিগ্ৰেটেড জি এছ টি (আই জি এছ টি) সংগ্ৰহ ৯০,৮৭০ কোটি টকা হোৱাৰ বিপৰীতে চৰকাৰে চেছৰ ৰূপত ১৩,৮৬৮ কোটি টকা সংগ্ৰহ হয় । এই সময়ছোৱাত চৰকাৰে ২০,৮৮৯ কোটি টকা ৰিফাণ্ড জাৰি কৰিছিল, যিটো যোৱা বছৰৰ তুলনাত ১৭.৩% অধিক । ৰিফাণ্ড বাদ দিয়াৰ পাছত ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত জি এছ টি সংগ্ৰহৰ পৰিমাণ ১.৬৩ লাখ কোটি টকা, যি ৮.১% বৃদ্ধি পঞ্জীয়ন কৰে ।

কিন্তু এইবাৰ ফেব্ৰুৱাৰী মাহত মাত্ৰ ২৮ টা দিনহে আছিল, যাৰ বাবে সংগ্ৰহৰ পৰিমাণ পূৰ্বৰ মাহৰ তুলনাত কিছু কম আছিল । ইয়াৰ পিছতো ভাৰতৰ অৰ্থনীতিয়ে অবিৰত শক্তি দেখুৱাইছে । ২০২৪-২৫ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত দেশৰ বাস্তৱিক জি ডি পি বৃদ্ধি ৬.২% লৈ বৃদ্ধি পাইছে, যিটো পূৰ্বৰ ত্ৰৈমাসিকত ৫.৬% আছিল । চৰকাৰী হিচাপ অনুসৰি ২০২৪-২৫ চনৰ সম্পূৰ্ণ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ জি ডি পি বৃদ্ধি ৬.৫% হ’ব বুলি আশা কৰা হৈছে, আনহাতে নমিনেল জি ডি পি বৃদ্ধি ৯.৯% হ’ব পাৰে । একেদৰে মুঠ মূল্য সংযোজিত (জি ভি এ) ১৭১.৮০ লাখ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষত ১৬১.৫১ লাখ কোটি টকা আছিল ।

একেৰাহে ১২ মাহ ধৰি জি এছ টি সংগ্ৰহ ভালদৰে বৃদ্ধি পাইছে, যাৰ পৰা স্পষ্টকৈ দেখা গৈছে যে ভাৰতৰ অৰ্থনীতি সঠিক দিশত আগবাঢ়িছে ।

দ্ৰুতগতিত বৃদ্ধি হৈ থাকিব ভাৰতৰ অৰ্থনীতি…আই এম এফৰ অনুমান

ব্যক্তিগত বিনিয়োগ আৰু ব্যাপক অৰ্থনৈতিক স্থিতিশীলতাৰ সমৰ্থনত ২০২৫-২৬ বৰ্ষত ৬.৫ শতাংশ জি ডি পি বৃদ্ধিৰে ভাৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিব বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে প্ৰকাশ কৰিছে । আই এম এফে কয় যে শক্তিশালী অৰ্থনৈতিক প্ৰদৰ্শনৰ ভিত্তিত দেশখনে বহুতো গুৰুত্বপূৰ্ণ আৰু প্ৰত্যাহ্বানমূলক গাঁথনিগত সংস্কাৰ সাধনৰ সুযোগ পাব, যিয়ে ২০৪৭ চনৰ ভিতৰত উন্নত অৰ্থনীতি হোৱাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব পাৰে ।

আই এম এফে দেশৰ জি ডি পিও অনুমান কৰে-

লগতে আই এম এফে ২০২৪-২৫ আৰু ২০২৫-২৬ বৰ্ষত ৬.৫ শতাংশ হাৰত জি ডি পি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ বাবে বহুলাংশে অৰিহণা যোগাব ব্যাপক অৰ্থনৈতিক আৰু বিত্তীয় স্থিতিশীলতা অব্যাহত ৰখাৰ দ্বাৰা সমৰ্থিত বৰ্ধিত ব্যক্তিগত ব্যৱহাৰ । ভাৰত চৰকাৰে কৰা হিচাপ অনুসৰি ২০২৪-২৫ বৰ্ষৰ ভিতৰত দেশৰ অৰ্থনীতি ৬.৫ শতাংশ হাৰত বৃদ্ধি পাব বুলি আশা কৰা হৈছে ।

খাদ্যৰ মুদ্ৰাস্ফীতিও মধ্যমীয়া হৈ মূল মুদ্ৰাস্ফীতিৰ লক্ষ্যৰ ওচৰ চাপিব বুলি আশা কৰা হৈছে বুলি ভাৰতীয় কৰ্তৃপক্ষৰ সৈতে বাৰ্ষিক চতুৰ্থ অনুচ্ছেদৰ আলোচনাৰ অন্তত আই এম এফে প্ৰকাশ কৰা প্ৰতিবেদনত প্ৰকাশ কৰিছে । অৱশ্যে ইয়াৰ বাবে ব্যক্তিগত বিনিয়োগ আৰু নিয়োগ আৰু গাঁথনিগত সংস্কাৰ বৃদ্ধিৰ বাবে শক্তিশালী প্ৰচেষ্টাৰ প্ৰয়োজন হ’ব ।

ভাৰতে এইবোৰৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন-

আই এম এফে লগতে কয় যে ভাৰতত উচ্চমানৰ চাকৰি সৃষ্টি, বিনিয়োগ বৃদ্ধি আৰু দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশ বজাই ৰাখিবলৈ ব্যাপক সংস্কাৰৰ প্ৰয়োজন । শ্ৰম বজাৰ উন্নত কৰাৰ সমান্তৰালকৈ মানৱ পুঁজি শক্তিশালী কৰা আৰু কৰ্মশক্তিত মহিলাসকলৰ অধিক অংশগ্ৰহণৰ প্ৰতিও গুৰুত্ব দিয়া উচিত । ইয়াৰ ভিতৰত শুল্ক আৰু অশুল্ক হ্ৰাসৰ ব্যৱস্থাও অন্তৰ্ভুক্ত হ’ব । ইয়াৰ উপৰিও কয় যে শেহতীয়া উঠা-নমা সত্ত্বেও ভাৰতৰ অৰ্থনীতি শক্তিশালী হৈ আছে আৰু ২০২৪-২৫ চনৰ প্ৰথমাৰ্ধত জি ডি পি বৃদ্ধিৰ হাৰ ৬ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে ।

‘আশা কৰাতকৈ অধিক মন্থৰ হৈছে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ, এই বছৰ বিশ্বব্যাপী মুদ্ৰাস্ফীতি হ্ৰাস পোৱাৰ সম্ভাৱনা’…আই এম এফৰ দাবী

শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF)ৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি উদ্যোগিক কাৰ্যকলাপ আশা কৰাতকৈ বেছি হ্ৰাস পোৱাৰ বাবে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ গতি মন্থৰ হৈছে আৰু ২০২৬ চনৰ ভিতৰত ইয়াৰ গতি ৬.৫ শতাংশলৈ হ্ৰাস পোৱাৰ পূৰ্বানুমান কৰা হৈছে । আই এম এফে ‘ৱৰ্ল্ড ইকনমিক আউটলুক’ৰ শেহতীয়া আপডেটত কয় যে ২০২৩ চনত ভাৰতৰ বৃদ্ধিৰ হাৰ আছিল ৮.২ শতাংশ, যি ২০২৪ চনত ৬.৫ শতাংশলৈ হ্ৰাস পাইছে । ঔদ্যোগিক কাৰ্যকলাপৰ আশা কৰাতকৈ অধিক মন্থৰতাৰ বাবেই এই হ্ৰাস হৈছে ।

প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বজুৰি ২০২৫ আৰু ২০২৬ চনত বিশ্বৰ বৃদ্ধিৰ হাৰ ৩.৩ শতাংশ হ’ব বুলি পূৰ্বানুমান কৰা হৈছে, যিটো যোৱা ২০ বছৰৰ গড়তকৈ ৩.৭ শতাংশ কম । ২০২৫ চনৰ পূৰ্বাভাসৰ বিশেষ পৰিৱৰ্তন হোৱা নাই, কিয়নো আমেৰিকাৰ বিকাশৰ বৃদ্ধিয়ে অন্যান্য ডাঙৰ অৰ্থনীতিৰ মন্দাৱস্থাৰ ভাৰসাম্য ৰক্ষা কৰিছে ।

ইয়াৰ উপৰিও ঔদ্যোগিক কাৰ্যকলাপ আশা কৰাতকৈ বেছি হ্ৰাস পোৱাৰ বাবে ভাৰতৰ বৃদ্ধিৰ গতি আশা কৰাতকৈ অধিক মন্থৰ হৈছে । প্ৰতিবেদন অনুসৰি ২০২৫ চনত বিশ্বৰ মুদ্ৰাস্ফীতি ৪.২ শতাংশ আৰু ২০২৬ চনত ৩.৫ শতাংশলৈ হ্ৰাস পোৱাৰ অনুমান কৰা হৈছে । উন্নত অৰ্থনীতিত ই আগতেই হ্ৰাস হ’ব পাৰে, আনহাতে উদীয়মান অৰ্থনীতিত এনে হ’বলৈ অধিক সময় লাগিব ।

আই এম এফৰ মুখ্য অৰ্থনীতিবিদ পিয়েৰ অলিভিয়াৰ গৌৰিনচে কয় যে অহা বছৰৰ শেষৰ ফালে ৪.২ শতাংশ মুদ্ৰাস্ফীতি আৰু ৩.৫ শতাংশ মুদ্ৰাস্ফীতি বৃদ্ধিয়ে বিশ্ব অৰ্থনীতি সুস্থিৰ কৰাত সহায় কৰিব । মহামাৰী আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধই চাৰি দশকৰ ভিতৰত সৰ্বাধিক মুদ্ৰাস্ফীতিৰ ইন্ধন যোগাইছিল । চীন সন্দৰ্ভত আই এম এফে নিজৰ প্ৰতিবেদনত কয় যে ২০২৪ চনত চীনৰ বৃদ্ধিৰ হাৰ ৪.৫ শতাংশ হ’ব বুলি আশা কৰা হৈছে, যিটো পূৰ্বৰ অনুমানতকৈ ০.৪ শতাংশ বেছি ।

ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধিৰ হাৰৰ ওপৰত চৰকাৰৰ অনুমান, পূৰ্বৰ তুলনাত পালে হ্ৰাস…

মঙলবাৰে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে চলিত বিত্তীয় বৰ্ষত অৰ্থনীতিৰ বৃদ্ধিৰ হাৰৰ প্ৰথমটো আগতীয়া অনুমান প্ৰকাশ কৰে । এন এছ অ’ৰ তথ্য অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত এই বৃদ্ধিৰ হাৰ ৬.৪ শতাংশ হ’ব পাৰে । অনুমান কৰা বৃদ্ধিৰ হাৰ পূৰ্বৰ বিত্তীয় বৰ্ষৰ বৃদ্ধিৰ হাৰৰ তুলনাত বহু কম । যোৱা বিত্তীয় বৰ্ষত দেশৰ বৃদ্ধিৰ হাৰ ৮.২ শতাংশ আছিল ।

এই অনুমান ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ ২০২৫ চনৰ মাৰ্চ মাহত সমাপ্ত হোৱা চলিত বিত্তীয় বৰ্ষৰ ৬.৬ শতাংশ পূৰ্বাভাসতকৈ কম ।

২০২৪-২৫ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় আয়ৰ প্ৰথম আগতীয়া আকলন মুকলি কৰি এন এছ অ’য়ে কয়, “২০২৪-২৫ বিত্তীয় বৰ্ষত প্ৰকৃত জি ডি পি ৬.৪ শতাংশ হাৰত বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে, ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে জিডিপিৰ অস্থায়ী আকলনৰ (পিই) বিপৰীতে ৮.২ শতাংশ ।”

২০২৪-২৫ চনৰ বাবে ৰাষ্ট্ৰীয় আয়ৰ প্ৰথম অগ্ৰিম অনুমান প্ৰকাশ কৰি এন এছ অ’ই কয় যে, “২০২৪-২৫ বিত্তীয় বৰ্ষত বাস্তৱিক জি ডি পি ৬.৪ শতাংশ বৃদ্ধি হোৱাৰ অনুমান কৰা হৈছে, আনহাতে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ জি ডি পিৰ অস্থায়ী অনুমান ২০২৪-২৪ বিত্তীয় বৰ্ষত বৃদ্ধি হোৱাৰ প্ৰকল্প কৰা হৈছে আনহাতে  ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে জি ডি পিৰ অস্থায়ী আকলনৰ (পিই) বিপৰীতে ৮.২ শতাংশ ।”

অৰ্থনীতিবিদ আৰু বিশেষজ্ঞক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ; ২০২৫-২৬ বৰ্ষৰ বাজেটৰ ওপৰত আলোচনা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক বাজেটৰ বাবে তেওঁলোকৰ মতামত আৰু পৰামৰ্শ জানিবলৈ আজি বিশিষ্ট অৰ্থনীতিবিদ আৰু বিশেষজ্ঞসকলক সাক্ষাৎ কৰে । বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু নিটি আয়োগৰ উপাধ্যক্ষ সুমন বেৰী উপস্থিত থাকে । ইয়াৰ উপৰিও পলিচি থিংক টেংকৰ আন সদস্যসকলো এই বৈঠকত উপস্থিত থকা দেখা যায় ।

প্ৰকৃততে বাজেটৰ পূৰ্বে সদায় বিভিন্ন বিশেষজ্ঞৰ মতামত লোৱা হয় । এই সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰী মোদীয়ে অৰ্থনীতিবিদ আৰু বিশেষজ্ঞৰ সৈতে আলোচনাত মিলিত হয় । অর্থনীতি উন্নীতকৰণৰ বিকল্প সন্দৰ্ভত বিশেষজ্ঞৰ সৈতে আলোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

উল্লেখ্য যে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ চনৰ বাজেট ১ ফেব্ৰুৱাৰীত লোকসভাত দাখিল কৰিব । ২০ ডিচেম্বৰত বিত্তমন্ত্ৰী সীতাৰমণৰ অধ্যক্ষতাত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে বাজেটৰ পূৰ্বে আলোচনা বৈঠক অনুষ্ঠিত হয় । পঞ্জাৱ, কেৰালাৰ দৰে আৰ্থিকভাৱে সংকটগ্ৰস্ত ৰাজ্যৰ বিত্তমন্ত্ৰীসকলে চৰকাৰৰ পৰা সকাহ বিচাৰে ।