লক্ষ্ণৌৰ বিৰুদ্ধে পৰাজয়ৰ পিছত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ‘ফিক্সিং’ৰ অভিযোগ…

আই পি এলৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছ (আৰ আৰ) লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে ২ ৰানত পৰাজয়ৰ বাবে চলিত ছিজনত সৃষ্টি হৈছে বিতৰ্কৰ । ১৮১ ৰানৰ লক্ষ্য অনুসৰণ কৰি ৰাজস্থানে এটা সময়ত জয়ৰ দিশে আগবাঢ়িছিল যদিও এল এছ জিৰ বেগী বলাৰ আৱেশ খানে ডেথ অভাৰত

আই পি এলৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছ (আৰ আৰ) লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে ২ ৰানত পৰাজয়ৰ বাবে চলিত ছিজনত সৃষ্টি হৈছে বিতৰ্কৰ । ১৮১ ৰানৰ লক্ষ্য অনুসৰণ কৰি ৰাজস্থানে এটা সময়ত জয়ৰ দিশে আগবাঢ়িছিল যদিও এল এছ জিৰ বেগী বলাৰ আৱেশ খানে ডেথ অভাৰত শক্তিশালী বলিঙেৰে মেচখন লক্ষ্ণৌৰ পক্ষত ঘূৰাই আনে । অৱশ্যে এই ফলাফলৰ পিছতে ৰাজস্থান ক্ৰিকেট সন্থাৰ তদৰ্থ সমিতিৰ আহ্বায়ক জয়দীপ বিহানীয়ে ৰয়েলছৰ বিৰুদ্ধে ‘মেচ ফিক্সিং’ৰ অভিযোগ উত্থাপন কৰিছে । যিয়ে ক্ৰিকেট জগতক স্তম্ভিত কৰি তুলিছে ।

এই পৰাজয়ক লৈ সন্দেহ প্ৰকাশ কৰিছে জয়দীপ বিহানীয়ে । তেওঁ এই প্ৰশ্ন উত্থাপন কৰে যে দলটোৱে নিজৰ ঘৰুৱা খেলপথাৰত এনেদৰে কেনেকৈ পৰাস্ত হ’ল । এক সাক্ষাৎকাৰত তেওঁ সোঁৱৰাই দিয়ে যে ২০১৩ চনৰ আৰম্ভণিতে ৰাজস্থানৰ একাংশ খেলুৱৈ স্পট ফিক্সিঙৰ সৈতে জড়িত আছিল আৰু দলটোৰ ইতিহাস অলপ বিতৰ্কিত হৈ পৰিছে ।

তেওঁ লগতে অভিযোগ কৰে যে ফ্ৰেঞ্চাইজিৰ মালিক ৰাজ কুন্দ্ৰাও ইয়াৰ পূৰ্বে জুৱাৰ গোচৰত ধৰা পৰিছে, আৰু ইয়াৰ বাবেই দলটোৱে দুবছৰৰ বাবে নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হৈছে । এইবাৰো তেওঁ বি চি চি আইক দাবী জনাইছে যে বিষয়টোৰ তদন্ত হ’ব লাগে । চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ লগতে ৰাজস্থান দলকো ২০১৬ আৰু ২০১৭ চনত দুটা চিজনৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।

ইয়াৰ উপৰিও জয়দীপ বিহানীয়ে অভিযোগ কৰিছে যে ৰাজস্থান ক্ৰিকেট এছ’চিয়েশ্যনক কোনো কঠিন কাৰণ নোহোৱাকৈ আই পি এল আয়োজনৰ পৰা আঁতৰাই ৰখা হৈছিল । তেওঁ কয় যে স্প’ৰ্টছ কাউন্সিল আৰু ৰাজস্থান ৰয়েলছে ছাৱাই মানসিং ষ্টেডিয়ামৰ সৈতে এছ’চিয়েশ্যনৰ কোনো চুক্তি (এম অ’ ইউ) নাই বুলি কৈ অজুহাত দেখুৱাইছে । কিন্তু প্ৰশ্ন হ’ল চুক্তি নহ’লেও তেতিয়া ক্ৰীড়া পৰিষদে প্ৰতিখন মেচৰ বাবে ধন পোৱা নাই নেকি ?

শেহতীয়া প্ৰৱন্ধসমূহ