উমৰাংছুত উদ্ধাৰ শ্ৰমিকৰ মৃতদেহ; পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো

উমৰাংছুৰ কয়লা খনিৰ পৰা পুনৰ আহিছে বেয়া খবৰ। পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ। উদ্ধাৰকাৰী দলে পুৱা প্ৰত্যক্ষ কৰে মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটো শ্ৰমিক লিজেন মগৰ বুলি চিনাক্ত কৰা হৈছে। শহুৰেকে চিনাক্ত কৰিছে জোৱায়েক লিজেন মগৰক। জানিব পৰা মতে উমৰাংছুৰ ১ নং কালামাটিত

উমৰাংছুৰ কয়লা খনিৰ পৰা পুনৰ আহিছে বেয়া খবৰ। পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ। উদ্ধাৰকাৰী দলে পুৱা প্ৰত্যক্ষ কৰে মৃতদেহটো।

উদ্ধাৰ হোৱা মৃতদেহটো শ্ৰমিক লিজেন মগৰ বুলি চিনাক্ত কৰা হৈছে। শহুৰেকে চিনাক্ত কৰিছে জোৱায়েক লিজেন মগৰক। জানিব পৰা মতে উমৰাংছুৰ ১ নং কালামাটিত ঘৰ লিজেন মগৰৰ।

পূৰ্বে উদ্ধাৰ কৰা হৈছিল আন এজন শ্ৰমিকৰ মৃতদেহ। ৩০০ ফুট তলত এতিয়াও আৱদ্ধ হৈ আছে কেইবাজনো শ্ৰমিক। ৭ শ্ৰমিকক বিচাৰি অভিজ্ঞ ডুবাৰুৱে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।