মেঘালয় কয়লা খনি দুৰ্ঘটনা : নিহতৰ সংখ্যা ৩০ লৈ বৃদ্ধি;  চিকিৎসালয়ত আৰু দুজনৰ কৰুণ মৃত্যু

কয়লা খনি বিস্ফোৰণত মৃত্যুৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি পাইছে । চিকিৎসাধীন হৈ থকা আৰু দুজন শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

৫ ফেব্ৰুৱাৰীত মেঘালয়ত সংঘটিত হোৱা কয়লা খনি বিস্ফোৰণত মৃত্যুৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি পাইছে । অসমৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আৰু দুজন শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

মেঘালয়ৰ ইষ্ট জয়ন্তীয়া পাহাৰ জিলাৰ মিছিংগেট-থাংস্কো অঞ্চলৰ কয়লা খনিত ডাইনামাইট বিস্ফোৰণত সংঘটিত হৈছিল এই ভয়ানক ঘটনা । সোমবাৰে নিশা মৃত্যু হোৱা লোক দুজন অসমৰ কাছাৰ জিলাৰ কাটিগড়াৰ বাসিন্দা আৰু তেওঁলোক শিলচৰ মেডিকেল কলেজ এণ্ড হাস্পতালত চিকিৎসাধীন হৈ আছিল ।

জানিব পৰা মতে সোমবাৰে নিশা কয়লা খনি বিস্ফোৰণত আহত লোক দুজনৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে । ৫ ফেব্ৰুৱাৰীৰ কাণ্ডৰ পিছত মুঠ ৯ জন আহত শ্ৰমিকক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল ।

চুবুৰীয়া মেঘালয়ৰ দুৰ্গম থাংস্কু অঞ্চলৰ মীনছাংট গাঁৱৰ কয়লা খনিত সংঘটিত হয় এই বিস্ফোৰণ । মেঘালয় চৰকাৰে বিস্ফোৰণৰ কাৰণ নিৰ্ণয় আৰু দায়িত্ব নিৰ্ধাৰণৰ বাবে ন্যায়িক তদন্তৰ নিৰ্দেশ দিছে । গৃহ বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ন্যায়িক তদন্তত এই ঘটনাৰ কাৰণৰ তদন্ত কৰা হ’ব ।

অসম চৰকাৰে ৰাজ্যৰ মৃতকৰ প্ৰতিটো পৰিয়াললৈ ৫ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰে । এই ঘটনাত ৰাজ্যৰ কমেও ৮ জন শ্ৰমিক নিহত হৈছে, আটাইকেইজনেই আছিল কাছাৰ জিলাৰ ।

লগতে পঢ়ক : উখৰুলৰ হিংসাপীড়িত অঞ্চল ভ্ৰমণ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ, শান্তি, সম্প্ৰীতি, সংযম বৰ্তাই ৰখাৰ আহ্বান

উমৰাংছু ট্ৰেজেডি;  উদ্ধাৰ তৃতীয়টো মৃতদেহ

উমৰাংছ’ৰ কয়লা খনিৰ পৰা পুনৰ আহিছে বেয়া খবৰ। উমৰাংছ’ৰ কয়লা খনিত উদ্ধাৰ তৃতীয়টো মৃতদেহ। ভাৰতীয় সেনাৰ ডুবাৰু দলে উদ্ধাৰ কৰে মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটো এই পৰ্যন্ত হোৱা নাই চিনাক্ত।

পুৱাৰ ভাগত উদ্ধাৰ হৈছিল আন এটা মৃতদেহ। এই পৰ্যন্ত কয়লাখনিৰ পৰা উদ্ধাৰ হৈছে ৩টা মৃতদেহ। ৬ টা দিনে উদ্ধাৰকাৰী দলে চলাই আছে অভিযান। পানীৰ বাবে অভিযানত যথেষ্ট অসুবিধাৰ সন্মুখিন হৈছে উদ্ধাৰকাৰী দলসমূহ।

উমৰাংছুত উদ্ধাৰ শ্ৰমিকৰ মৃতদেহ; পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো

উমৰাংছুৰ কয়লা খনিৰ পৰা পুনৰ আহিছে বেয়া খবৰ। পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ। উদ্ধাৰকাৰী দলে পুৱা প্ৰত্যক্ষ কৰে মৃতদেহটো।

উদ্ধাৰ হোৱা মৃতদেহটো শ্ৰমিক লিজেন মগৰ বুলি চিনাক্ত কৰা হৈছে। শহুৰেকে চিনাক্ত কৰিছে জোৱায়েক লিজেন মগৰক। জানিব পৰা মতে উমৰাংছুৰ ১ নং কালামাটিত ঘৰ লিজেন মগৰৰ।

পূৰ্বে উদ্ধাৰ কৰা হৈছিল আন এজন শ্ৰমিকৰ মৃতদেহ। ৩০০ ফুট তলত এতিয়াও আৱদ্ধ হৈ আছে কেইবাজনো শ্ৰমিক। ৭ শ্ৰমিকক বিচাৰি অভিজ্ঞ ডুবাৰুৱে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

খনিৰ ভিতৰত হোৰাহোৰে বাঢ়িছে পানী, বিশেষজ্ঞ ডুবাৰুৰ দ্বাৰা চলি আছে অভিযান

উমৰাংছুৰ কয়লাখনিত আৱদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰৰ বাবে চলি আছে অভিযান । ইতিমধ্যে খনিটোত আৱদ্ধ হৈ থকা তিনিজন শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । এতিয়াও খনিটোত আৱদ্ধ হৈ আছে আন কেইবাজনো শ্ৰমিক । এই দুৰ্ভাগ্যজনক ঘটনাই কঁপাই গৈছে সমগ্ৰ অসম । ঘটনাক লৈ অসম আৰক্ষীৰ লগতে তৎপৰ হৈ পৰিছে উদ্ধাৰকাৰীৰ দল ।

ইফালে শ্ৰমিক আৱদ্ধ হৈ থকা খনিৰ ভিতৰত হোৰাহোৰে বাঢ়িছে পানী । ১২০ ফুট পৰ্যন্ত বৃদ্ধি পাইছে এই পানী । বিশেষজ্ঞ ডুবাৰুৰ দ্বাৰা চলাই থকা হৈছে অভিযান । মেছিনেৰে সিঁচিও শেষ কৰিব পৰা নাই পানী । বৰ্তমানেও প্ৰায় ১৫ জনতকৈ অধিক শ্ৰমিক আৱদ্ধ হৈ থকাৰ সন্দেহ । ইতিমধ্যে মৃত্যুমুখত পৰিছে ৩জনকৈ শ্ৰমিক । মৃত্যু হোৱা দুৰ্ভগীয়া শ্ৰমিকৰ ঘৰত শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে । ইতিমধ্যে বিশাখাপট্টনমৰ পৰা আহি উপস্থিত হৈছে নৌ-সেনাৰ বিশেষজ্ঞ ডুবাৰু ।

আনহাতে উমৰাংছ’ত চলি থকা খনন অবৈধ আখ্যা মুখ্যমন্ত্ৰীৰ । অবৈধ খনন কাৰ্যৰে জড়িত পুনিছ নুনিছাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আৱদ্ধ শ্ৰমিকৰ ঘটনা সন্দৰ্ভত উমৰাংছ’ পুলিচ ষ্টেশ্যনত ৰুজু কৰা হৈছিল গোচৰ । পুনিছ নুনিছাক গ্ৰেপ্তাৰৰ কথা সামাজিক মাধ্যমত প্ৰকাশ মুখ্যমন্ত্ৰীৰ । আৰক্ষীয়ে ঘটনাৰ তদন্তৰ বাবে ১৯৫৭ৰ অধীনত ৰুজু কৰে গোচৰ । ৩(৫)/১০৫ বিএনএছ, আৰ/ডব্লিউ ধাৰা ২১(১)ত গোচৰ ৰুজু ।

উল্লেখ্য যে, ডিমা হাছাও জিলাৰ উমৰাংছ’ অঞ্চলত ৬ জানুৱাৰী, সোমবাৰে ৩০০ ফুট দ কয়লা খনিত পানী প্ৰৱেশ কৰাত আৱদ্ধ হৈ পৰে এই শ্ৰমিকসকল । বিষয়াসকলৰ মতে, খনিটোত হঠাৎ পানী প্ৰৱেশ কৰাৰত তেওঁলোকে ওলাই আহিবলৈ সময় নাপায়, ফলত শ্ৰমিকসকল মাটিৰ তলত আবদ্ধ হৈ পৰে ।