১২৩ বছৰীয়া অভিলেখ ভংগ...১৯০১ চনৰ পিছত ২০২৪ আছিল ভাৰতৰ আটাইতকৈ উষ্ণ বছৰ

১২৩ বছৰীয়া অভিলেখ ভংগ…১৯০১ চনৰ পিছত ২০২৪ আছিল ভাৰতৰ আটাইতকৈ উষ্ণ বছৰ

২০২৪ বৰ্ষক ভাৰতৰ ভিতৰতে সৰ্বাধিক উষ্ণ অথবা গৰম বছৰ হিচাপে ঘোষণা কৰা হৈছে । ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ২০২৪ চনত দেশখনে ১৯০১ চনৰ পিছত সৰ্বাধিক বাৰ্ষিক গড় বায়ুমণ্ডলৰ উষ্ণতা ৰেকৰ্ড কৰিছে, যিটো দীৰ্ঘম্যাদী গড়তকৈ +০.৬৫ ডিগ্ৰী চেলছিয়াছ ওপৰত আছিল । যোৱা শতিকাত উষ্ণতাৰ

২০২৪ বৰ্ষক ভাৰতৰ ভিতৰতে সৰ্বাধিক উষ্ণ অথবা গৰম বছৰ হিচাপে ঘোষণা কৰা হৈছে । ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ২০২৪ চনত দেশখনে ১৯০১ চনৰ পিছত সৰ্বাধিক বাৰ্ষিক গড় বায়ুমণ্ডলৰ উষ্ণতা ৰেকৰ্ড কৰিছে, যিটো দীৰ্ঘম্যাদী গড়তকৈ +০.৬৫ ডিগ্ৰী চেলছিয়াছ ওপৰত আছিল ।

যোৱা শতিকাত উষ্ণতাৰ ধাৰা যথেষ্ঠ বৃদ্ধি পাইছে, প্ৰতি ১০০ বছৰত +০.৬৮ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে । ২০১৬ চনতো উচ্চ উষ্ণতা ৰেকৰ্ড কৰা হৈছিল, যেতিয়া উষ্ণতাৰ বিসংগতি আছিল +০.৫৪ ডিগ্ৰী চেলছিয়াছ, যি এই বছৰৰ তুলনাত কম আছিল ।

+০.৮৩ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পালে তাপমাত্ৰা-

বতৰৰ তথ্যই দেখুৱাইছে যে বাৰিষাৰ পিছৰ ঋতু আটাইতকৈ বেছি প্ৰভাৱিত হৈছিল, তাপমাত্ৰা +0.৮৩° চেণ্টিগ্ৰেড বৃদ্ধি হৈছিল । সমগ্ৰ দেশত নিম্নতম আৰু সৰ্বাধিক তাপমাত্ৰাৰ প্ৰৱণতা প্ৰতি ১০০ বছৰত ক্ৰমান্বয়ে 0.৮৯° চেণ্টিগ্ৰেড আৰু 0.৪৬° চেণ্টিগ্ৰেড বৃদ্ধি হোৱা দেখা গৈছে ।

ডিচেম্বৰ ২০২৪-ত বিশেষকৈ এই উষ্ণতাৰ প্ৰৱণতা প্ৰতিফলিত হয়, দক্ষিণ উপদ্বীপ অঞ্চলত নিম্নতম তাপমাত্ৰাৰ বিসংগতি +২.১৫° চেণ্টিগ্ৰেড ৰেকৰ্ড কৰা হয়, যি ১৯০০ দশকৰ আৰম্ভণিৰ পৰা সৰ্বাধিক ।

ভাৰসাম্যৰ অৱনতি-

এই বৃদ্ধি পোৱা তাপে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ স্পষ্টভাৱে প্ৰতিফলিত কৰে যিয়ে কেৱল পৰিৱেশৰ ভাৰসাম্য বিঘ্নিত কৰাই নহয়, কৃষি, পানী বিতৰণ, মানৱ স্বাস্থ্যৰ দৰে বিভিন্ন খণ্ডতো ইয়াৰ গভীৰ প্ৰভাৱ পৰিছে ।

উষ্ণতাৰ এই ধাৰা ভাৰতৰ দৰে উন্নয়নশীল দেশ এখনৰ বাবে চিন্তাৰ বিষয় আৰু ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ বহনক্ষম আৰু সুনিৰ্দিষ্ট ব্যৱস্থাৰ প্ৰয়োজন । এই বৰ্ধিত তাপৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ সকলো স্তৰতে সুনিৰ্দিষ্ট প্ৰচেষ্টা আৰু সহযোগিতা প্ৰয়োজনীয় ।