ব্রিছবেনৰ গাব্বাত ফ’ল’ অ’নৰ পৰা ভাৰতক ৰক্ষা কৰা যশপ্রীত বুমৰাহ আৰু আকাশদীপে দেখুৱালে যে ধৈৰ্য সহকাৰে খেলিলে গাব্বাৰ পিটচ ইমান কঠিন নহয় ৷ দুয়োজনে চিংগল ৰাণ যোগ কৰিছিল আৰু প্ৰয়োজনত বাউণ্ডেৰী কোবাইছিল ।
গাব্বাত অনুষ্ঠিত হৈ থকা তৃতীয়খন টেষ্টত অষ্ট্ৰেলিয়াৰ ৪৪৫ ৰানৰ উত্তৰত ভাৰতে ২১৩ ৰানত ৯টা উইকেট হেৰুৱাইছিল । ইয়াৰ পৰা ভাৰতক ফ’ল’ অ’নৰ পৰা হাত সাৰিবলৈ ৩৩ ৰানৰ প্ৰয়োজন হৈছিল । অষ্ট্ৰেলিয়াৰ বলাৰসকলে ইতিমধ্যে নিয়ন্ত্ৰিত বলিঙেৰে ভাৰতৰ বেটিং মেৰুদণ্ড প্ৰায় ভাঙি পেলাইছিল । তথাপিও বুমৰাহ আৰু আকাশদীপে ধৈৰ্যসহকাৰে খেলি অসম্ভৱ যেন লগা কামকো সম্ভৱ কৰি তুলিলে । দুয়োজনে ফ’ল’ অনৰ পৰা হাত সৰাই নহয় চতুৰ্থ দিনটোত ৫৪টা বলত ৩৯ ৰান যোগ দি ভাৰতৰ পৰাজয় প্ৰায় ৰোধ কৰে ।
পেট কামিন্স আৰু মিচেল ষ্টাৰ্কে বুমৰাহ আৰু আকাশদীপৰ বিৰুদ্ধে সকলো অস্ত্ৰ প্ৰয়োগ কৰি দুয়োজনকে ৰোধিবলৈ চেষ্টা কৰিছিল যদিও কোনো কামত অহা নাছিল । অষ্ট্ৰেলিয়াৰ অধিনায়কগৰাকীয়ে নাথান লায়নক বলিং কৰোৱাইছিল যদিও সেয়াও কামত নাহিল ।
বিৰাটৰ বেট লৈ বেটিং কৰিবলৈ অহা আকাশদীপে যি ধৈৰ্য, স্বভাৱ আৰু প্ৰয়োগ দেখুৱাইছিল, সেয়া এই টেষ্টত বিৰাটৰ পৰাও দেখা পোৱা নগ’ল । এই যুৱ খেলুৱৈগৰাকীৰ দক্ষতাৰ ওপৰত বুমৰাহে সম্পূৰ্ণ বিশ্বাস ৰাখে আৰু দুয়োৱে ধৈৰ্য আৰু বুদ্ধিমত্তাৰে বেটিং কৰি ভাৰতক ফ’ল’ অ’নৰ পৰা ৰক্ষা কৰে ।
চতুৰ্থ দিনৰ খেলৰ শেষলৈকে ভাৰতে ৯ উইকেটত ২৫২ ৰান সংগ্ৰহ কৰিছিল । যদিও এই টেষ্টত টিম ইণ্ডিয়া এতিয়াও অষ্ট্ৰেলিয়াৰ ১৯৩ ৰান পিছ পৰি আছে, কিন্তু যেতিয়া বুমৰাহ আৰু আকাশদীপে ফ’ল’ অন ৰক্ষা কৰিলে, তেতিয়া ড্ৰেছিং ৰুমত বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু গৌতম গম্ভীৰৰ আনন্দ এনেকুৱা আছিল যেন ভাৰতে মেচখনত জয়লাভ কৰিলে ।
৩১টা বলত ২৭ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ উভতে আকাশদীপ । তেওঁৰ বেটৰ পৰা দুটা চাৰি আৰু এটা ছয় আহে । আনহাতে যশপ্ৰীত বুমৰাহে ২৭টা বলত ১০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । বুমৰাহেও কামিন্সৰ বলত এটা ছয় কোবাই । এই দুয়োজন খেলুৱৈৰ বেটিং শৈলী দেখি দশম আৰু একাদশ নম্বৰৰ খেলুৱৈয়ে বেটিং কৰা যেন নালাগিল । এই দুয়োজনে কেংগাৰু দলক ইমান ডাঙৰ আঘাত দিলে যে দলটোৱে বছৰ বছৰ ধৰি মনত ৰাখিব বুলি ক’লেও ভুল নহ’ব ।
কেংগাৰুক দিলে বৃহৎ আঘাত…বুমৰাহ-আকাশদীপে ৰক্ষা কৰিলে ভাৰতৰ সন্মান
ব্রিছবেনৰ গাব্বাত ফ’ল’ অ’নৰ পৰা ভাৰতক ৰক্ষা কৰা যশপ্রীত বুমৰাহ আৰু আকাশদীপে দেখুৱালে যে ধৈৰ্য সহকাৰে খেলিলে গাব্বাৰ পিটচ ইমান কঠিন নহয় ৷ দুয়োজনে চিংগল ৰাণ যোগ কৰিছিল আৰু প্ৰয়োজনত বাউণ্ডেৰী কোবাইছিল ।গাব্বাত অনুষ্ঠিত হৈ থকা তৃতীয়খন টেষ্টত অষ্ট্ৰেলিয়াৰ ৪৪৫ ৰানৰ উত্তৰত ভাৰতে ২১৩ ৰানত
- Tags: অষ্ট্ৰেলিয়া, ক্ৰিকেট, ভাৰত
শেহতীয়া প্ৰৱন্ধসমূহ

সৰ্বদলীয় বৈঠকত টিএমচি বিদ্ৰোহী সাংসদৰ আমন্ত্ৰক লৈ তীব্ৰ ক্ষোভ বিৰোধীৰ
Time8
July 19, 2026

পুনৰ মমতা বেনাৰ্জীৰ মোক্ষম আঘাত; সাংসদ পদ ত্যাগ কোয়েল মল্লিকৰ
Time8
July 16, 2026


‘মই মমতা বেনাৰ্জীৰ দৰে দুৰ্বল মুখ্যমন্ত্ৰী নহয়’; শুভেন্দু অধিকাৰীৰ হুংকাৰ
Time8
July 10, 2026
Your Ad Here





