অষ্ট্ৰেলিয়াত উপস্থিত প্ৰধানমন্ত্ৰী মোদী; মেলবৰ্ণত ব্যাপক উছাহ

অষ্ট্ৰেলিয়াত উপস্থিত প্ৰধানমন্ত্ৰী মোদী । বাণিজ্য-প্ৰতিৰক্ষাক লৈ এন্থনী আলবানিজৰ সৈতে হ’ব গুৰুত্বপূৰ্ণ আলোচনা ।

ইন্দোনেছিয়াৰ সফল ভ্ৰমণ সমাপ্ত কৰি তিনিখন দেশ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত বুধবাৰে অষ্ট্ৰেলিয়াত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বিমানবন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিক তথা উষ্ম আদৰণি জনোৱা হয় । এই গুৰুত্বপূৰ্ণ তিনিদিনীয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজৰ (Anthony Albanese) সৈতে এক গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব ।

ভাৰত-অষ্ট্ৰেলিয়া অংশীদাৰিত্বত নতুন গতি

প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যম ‘এক্স’-ত এটা পোষ্টৰ জৰিয়তে প্ৰকাশ কৰে যে এই ভ্ৰমণে ভাৰত-অষ্ট্ৰেলিয়াৰ ‘ব্যাপক কৌশলগত অংশীদাৰিত্ব’ক অধিক শক্তিশালী আৰু সজীৱ কৰি তুলিব ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখে—

“মই প্ৰধানমন্ত্ৰী আলবানিজৰ সৈতে হ’বলগীয়া আলোচনালৈ আগ্ৰহেৰে বাট চাই আছোঁ । ইয়াৰ উপৰিও মই ভাৰতীয় প্ৰব্ৰজনকাৰী সকলৰ সৈতেও বাৰ্তালাপ কৰাৰ সুযোগ পাম, যিসকল আমাৰ এই দ্বিপাক্ষিক অংশীদাৰিত্বৰ এক অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ ।”

কোন কোন ক্ষেত্ৰত হ’ব বিশেষ আলোচনা?

প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ অষ্ট্ৰেলিয়াৰ সমকক্ষ এন্থনী আলবানিজে দুয়োখন দেশৰ সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰাৰ সম্ভাৱনা আছে । বিশেষকৈ কেইবাটাও বিষয়ৰ ওপৰত এই বৈঠকত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব:

-প্ৰতিৰক্ষা আৰু নিৰাপত্তা

-বাণিজ্য আৰু বিনিয়োগ

-শিক্ষা আৰু গতিশীলতা

-উদীয়মান তথা গুৰুত্বপূৰ্ণ প্ৰযুক্তি

-ক্ৰীড়া আৰু ক্ৰীড়া বিজ্ঞান

মেলবৰ্ণত ব্যাপক উৎসাহ: ফিলিপ গ্ৰীনৰ বার্তা

ভাৰতত নিযুক্ত অষ্ট্ৰেলিয়াৰ হাই কমিছনাৰ ফিলিপ গ্ৰীনে মেলবৰ্ণৰ পৰা এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণক লৈ চহৰখনত সৃষ্টি হোৱা ব্যাপক উৎসাহৰ কথা সদৰী কৰে ।

গ্ৰীনে এক্স-ত লিখিছে, “নমস্তে প্ৰধানমন্ত্ৰী মোদী! মেলবৰ্ণ চহৰখন বৰ্তমান উখল-মাখল হৈ আছে আৰু আপোনাক উষ্ম আদৰণি জনাবলৈ সম্পূৰ্ণ সাজু । এই সপ্তাহটো অষ্ট্ৰেলিয়া-ভাৰত অংশীদাৰিত্বৰ বাবে বাৰ্তালাপ, সংযোগ আৰু প্ৰগতিৰ এক বৃহৎ সুযোগ ।”

হাই কমিছনাৰগৰাকীয়ে লগতে উল্লেখ কৰে যে প্ৰব্ৰজনকাৰীসকলৰ কাৰ্যসূচীৰ উপৰিও দুয়োখন দেশৰ মাজৰ বাণিজ্যিক সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ । প্ৰথম পৰ্যায়ৰ মুক্ত বাণিজ্য চুক্তিয়ে ইতিমধ্যে বাণিজ্য খণ্ডক গতি প্ৰদান কৰিছে আৰু আগন্তুক দিনত ইয়াক আৰু অধিক শক্তিশালী কৰা হ’ব । সাংস্কৃতিক চহৰ মেলবৰ্ণই ভাৰতৰ সৈতে কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰতো অংশীদাৰিত্ব বৃদ্ধি কৰিবলৈ আগ্ৰহী বুলি তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক : ব্ৰাহ্মোছৰ পৰা IIM কেম্পাছলৈ… প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণকালত ভাৰত-ইণ্ডোনেছিয়াৰ ঐতিহাসিক চুক্তি

অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফিফা বিশ্বকাপত ইজিপ্তে লিখিলে ইতিহাস

ফিফা বিশ্বকাপ ২০২৬ ত ইজিপ্তৰ দলটোৱে এক ঐতিহাসিক জয় অৰ্জন কৰে। দলটোৱে অষ্ট্ৰেলিকায় পেনাল্টী শ্বুটআউটত ৪-২ গ’লত পৰাস্ত কৰে।

ইজিপ্তে ইতিহাস ৰচনা কৰি ফিফা বিশ্বকাপৰ নকআউট পৰ্যায়ত নিজৰ প্ৰথমটো জয় পঞ্জীয়ন কৰিছে। পেনাল্টী শ্বুটআউটত ইজিপ্তে অ’ষ্ট্ৰেলিয়াক ৪-২ ব্যৱধানত পৰাস্ত কৰে। নিৰ্ধাৰিত আৰু অতিৰিক্ত সময়লৈকে দুয়োটা দলেই ১-১ গ’লত সমতা ৰক্ষা কৰি আছিল, যাৰ বাবে পেনাল্টী শ্বুটআউটৰ জৰিয়তে খেলখনৰ ভাগ্য নিৰ্ণয় কৰা হয়। এই ঐতিহাসিক জয়ৰ পিছত এতিয়া ৰাউণ্ড অৱ ১৬ ত ইজিপ্তৰ মুখামুখি হ’ব বৰ্তমানৰ চেম্পিয়ন আৰ্জেণ্টিনা। বিশেষ কথা এয়েই যে, বিশ্বকাপত ইজিপ্তৰ এয়া প্ৰথমখন নকআউট খেল আছিল।

খেলখনৰ ১৩ মিনিটত ইমাম আছৌৰে ইজিপ্তক উজ্জ্বল হেডাৰেৰে আগতীয়াকৈ ১-০ গ’লত অগ্ৰগতি প্ৰদান কৰে। দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ওমৰ মাৰমুছে অগ্ৰগতি দুগুণ কৰাৰ সুযোগ লাভ কৰিছিল যদিও তেওঁৰ শ্বটটো বাহিৰলৈ গৈছিল। ৫৫ মিনিটত অষ্ট্ৰেলিয়াই ১-১ গ’লত সমতা স্থাপন কৰে,অৱশ্যে ইজিপ্তৰ ডিফেণ্ডাৰ মহম্মদ হানিৰ ভুলৰ বাবেই এই গ’লটো আহিছিল। আইডেন অ’নিলে লোৱা ফ্ৰী কিকটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে হানীয়ে নিজৰ গ’লৰক্ষক মোস্তাফা শ্বোবেইৰৰ পিছফালে বলটো নেটত ডিফ্লেক্ট কৰে।অৰ্থাৎ শেষত তেওঁ অ’ন গ’ল দিছিল।

পেনাল্টী শ্বুটআউটত ইজিপ্তৰ হৈ মেহমুদ ছাবেৰ, ৰামী ৰাবিয়া আৰু লিভাৰপুলৰ প্ৰাক্তন তাৰকা মহম্মদ ছালাহে প্ৰথম তিনিটা গ’ল কৰে। ইয়াৰ পিছত হোছাম আব্দেলমজীদে অন্তিমটো গ’ল দি নিজৰ দলৰ জয় নিশ্চিত কৰে। উল্লেখনীয় কথা এই যে, ছালাহে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত হেমষ্ট্ৰীঙৰ আঘাত পোৱা স্বত্বেও এই খেলখনত খেলিবলৈ নামিছিল।

আনহাতে, অ’ষ্ট্ৰেলিয়াৰ আৰম্ভণি বেয়া আছিল যেতিয়া হেৰী সুটাৰে প্ৰথমটো শ্বট বতাহতে মাৰি পঠিয়াইছিল। ইয়াৰ পিছত ১৮ বছৰীয়া লুকাছ হেৰিংটনৰ চতুৰ্থটো প্ৰয়াস গ’ল পোষ্টৰ ওপৰৰ অংশত খুন্দা খায়। অ’ষ্ট্ৰেলিয়াৰ হৈ কেৱল জেকচন ইৰভিন আৰু এভাৰ মাবিলেহে শ্বুটআউটত গ’ল কৰিবলৈ সক্ষম হয়।

আটাইতকৈ আকৰ্ষণীয় কথাটো আছিল যে, অ’ষ্ট্ৰেলিয়াই শ্বুটআউটৰ বাবে অভিজ্ঞ গ’লৰক্ষক মেথিউ ৰিয়ানক পথাৰত নমাইছিল, কিন্তু তেওঁ ইজিপ্তৰ চাৰিটা শ্বটৰ এটাও ৰোধ কৰিব নোৱাৰিলে। এই পৰাজয়ৰ লগে লগে নকআউট পৰ্যায়ত অ’ষ্ট্ৰেলিয়াৰ ৰেকৰ্ড এতিয়া ০-৩ হ’ল, অৰ্থাৎ দলটোৱে একেৰাহে তৃতীয়বাৰৰ বাবে নকআউট মেচত পৰাজয়ৰ মুখ দেখিবলগীয়া হ’ল।

লগতে পঢ়ক: প্ৰি-কোৱাৰ্টাৰত আৰ্জেণ্টিনা; পৰাজয়ৰ পিছতো হৃদয় জয় কেপ ভাৰ্ডেৰ

ছিডনীত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ;  ধৰ্মীয় অনুষ্ঠানত নিৰ্বিচাৰ গুলীচালনা

ছিডনীত সংঘটিত হৈছে সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা । এক ধৰ্মীয় অনুষ্ঠানত সন্ত্ৰাসবাদীয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাত বহু লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে ।

অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত সংঘটিত হৈছে এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ । এক ধৰ্মীয় অনুষ্ঠানত গুলীচালনাত প্ৰায় ১০ জন লোকৰ মৃত্যু হৈছে । দেওবাৰে সন্ধিয়া নিউ চাউথ ৱেলছ আৰক্ষীয়ে নিশ্চিত কৰে যে ঘটনাত ৯ জন লোক আৰু এজন সন্দেহযুক্ত বন্দুকধাৰী নিহত হৈছে । আহত হৈছে কমেও ৬০জন লোক । প্ৰাৰম্ভিক তথ্য অনুসৰি এই আক্ৰমণৰ লক্ষ্য হৈছে বণ্ডি বিচ্চত অনুষ্ঠিত ইহুদী উৎসৱ হানুক্কা । অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে এই নিৰ্বিচাৰ গুলীচালনাৰ সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে । আলবানিছে কয় যে, “বণ্ডিৰ পৰা প্ৰকাশ পোৱা ছবিসমূহ দুখজনক । আৰক্ষী আৰু জৰুৰীকালীন সেৱা ঘটনাস্থলীত আছে আৰু জীৱন ৰক্ষাৰ বাবে কাম কৰি আছে । মোৰ চিন্তা প্ৰভাৱিত সকলোৰে সৈতে আছে ।”

ছিডনীত সংঘটিত হোৱা এই ভয়ংকৰ আক্ৰমণৰ পিছতে তদন্ত অব্যাহত আছে । অষ্ট্ৰেলিয়া আৰক্ষীয়ে জনোৱা মতে, এতিয়ালৈকে এই নৃশংস ঘটনাৰ সৈতে জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

ইহুদীৰ সমাৱেশত গুলীচালনা-

স্থানীয় সংবাদ মাধ্যমত দেখুওৱা ভিডিঅ’ত দেখা গৈছে যে ইহুদীসকলৰ এক ধৰ্মীয় অনুষ্ঠানত এই ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে । সূৰ্যাস্তৰ পৰা আৰম্ভ হোৱা ইহুদী উৎসৱ হানুক্কা উদযাপন কৰা স্থানত এই গুলীচালনা সংঘটিত হয় । হানুক্কা আঠ দিনীয়া উৎসৱ আৰু এই অনুষ্ঠানৰ প্ৰথম দিনাই গুলীচালনাৰ ঘটনা সংঘটিত হয় ।

ছিডনী মৰ্নিং হেৰাল্ডৰ বাতৰি অনুসৰি, ইহুদীসকলৰ বন্ধৰ দিন আৰম্ভ হোৱা উপলক্ষে এই অনুষ্ঠানত শ শ লোকৰ সমাগম হোৱাৰ সময়তে সন্ধিয়া প্ৰায় ৬:৩০ বজাত (অষ্ট্ৰেলিয়াৰ সময় অনুসৰি) আক্ৰমণকাৰীয়ে গুলীচালনা কৰে ।

দুজন লোকক আটক-

দেওবাৰে অষ্ট্ৰেলিয়া আৰক্ষীয়ে জনোৱা মতে, ছিডনীৰ বণ্ডি বিচ্চত ভয়ংকৰ আক্ৰমণৰ খবৰ পোৱাৰ পিছতে দুজন লোকক জিম্মাত লোৱা হৈছে । নিউ চাউথ ৱেলছ আৰক্ষীৰ ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত এটা পোষ্টত আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰাৰ লগতে তেওঁলোকে মানুহক অঞ্চলটোৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে ।

প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আক্ৰমণক লৈ শোক প্ৰকাশ কৰে । তেওঁ নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত পোষ্ট কৰি কয় যে আজি অষ্ট্ৰেলিয়াৰ বণ্ডি বিচ্চত ইহুদী উৎসৱ হানুক্কাৰ প্ৰথম দিন উদযাপন কৰা লোকসকলক লক্ষ্য কৰি ঘটোৱা এই জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক মই তীব্ৰ গৰিহণা দিছো । “ভাৰতবাসীৰ হৈ এই কাণ্ডত আপোনজনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি গভীৰ আৰু আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো । আমি এই শোকৰ সময়ত অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিছো ।”

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় স্তৰত অপমানিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ…

নিষিদ্ধ হ’ল ছচিয়েল মিডিয়া… কাৰ্যকৰী হ’ল নতুন আইন, অমান্য কৰিলেই সন্মুখীন হ’ব শাস্তিৰ

এথিয়াৰে পৰা ১৬ বছৰৰ তলৰ কোনো কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া । আজিৰে পৰা কাৰ্যকৰী নতুন আইন । উলংঘা কৰিলেই সন্মুখীন হ’ব জৰিমনাৰ ।

১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীক ছচিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা অষ্ট্ৰেলিয়া বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে । ১০ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন আইন আৰু ছ’চিয়েল মিডিয়া কোম্পানীসমূহলৈ এই নিৰ্দেশ প্ৰেৰণ কৰা হৈছে । শাস্তিৰ ব্যৱস্থা আছে যদিও অভিভাৱক আৰু কিশোৰ-কিশোৰীক কোনো ধৰণৰ শাস্তি বা দণ্ড প্ৰদান কৰা নহ’ব ।

অষ্ট্ৰেলিয়াৰ এই আইনখনৰ অৰ্থ হ’ল ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীসকলৰ বাবে ছচিয়েল মিডিয়া নিষিদ্ধ কৰা হৈছে । এই সিদ্ধান্ত বলবৎ কৰিবলৈ ছ’চিয়েল মিডিয়া কোম্পানীসমূহক কিশোৰ-কিশোৰীসকলৰ একাউণ্ট ডিলিট কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু এনে নকৰা কোম্পানীসমূহ কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব ।

অষ্ট্ৰেলিয়াৰ এই সিদ্ধান্তৰ পিছতে ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীসকলক ফেচবুক, ইনষ্টাগ্ৰাম, টিকটক, ইউটিউব আৰু অন্যান্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰাত বাধা প্ৰদান কৰা হ’ব । যদি কোনোবাই এই নিয়ম উলংঘা কৰে তেন্তে ছ’চিয়েল মিডিয়া কোম্পানীসমূহে জবাবদিহি হ’ব আৰু শাস্তিৰ সন্মুখীন হ’ব লাগিব । অৱশ্যে অভিভাৱক আৰু কিশোৰ-কিশোৰীসকল কোনো ধৰণৰ শাস্তিৰ সন্মুখীন নহ’ব ।

অষ্ট্ৰেলিয়াৰ ১০টা বৃহৎ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত মাজনিশা ১২ বজাৰ পৰা কিশোৰ-কিশোৰীৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । এই নিয়ম মানি চলাত ব্যৰ্থ হ’লে নতুন আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু কোম্পানীসমূহে ৪৯.৫ মিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰ (প্ৰায় ২৯৬ কোটি টকা) পৰ্যন্ত জৰিমনা ভৰিব লাগিব ।

লগতে পঢ়ক : ২০২৫ চনত গুগলত সৰ্বাধিক সন্ধান বিষয় বস্তু আছিল কি? ধৰ্মেন্দ্ৰৰ দেহাৱসানৰ পৰা জুবিন গাৰ্গ লৈকে…

অষ্ট্ৰেলিয়াৰ খেলুৱৈ মিচেল মাৰ্ছে হঠাতে ল’লে ডাঙৰ সিদ্ধান্ত, ঘোষণা কৰিলে অৱসৰ

চলি থকা এছেছ শৃংখলাৰ মাজতে অষ্ট্ৰেলিয়ান খেলুৱৈ মিচেল মাৰ্ছে হঠাতে লোৱা এক ডাঙৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিছে । ইয়াৰ পিছতে এতিয়া খেলুৱৈগৰাকীৰ টেষ্ট কেৰিয়াৰক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে ।

বৰ্তমান অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৱে ঘৰুৱা ক্ষেত্ৰত ইংলেণ্ডৰ বিৰুদ্ধে এছেছ শৃংখলা খেলি আছে । প্ৰথম দুখন টেষ্টত জয়লাভ কৰি ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰি আছে অষ্ট্ৰেলিয়াই । ইয়াৰ মাজতে অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ মিচেল মাৰ্ছে এক উল্লেখযোগ্য সিদ্ধান্ত লৈছে । মাৰ্ছে ৰাজ্যিক পৰ্যায়ৰ ৰেডবল ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে । সেয়েহে এতিয়াৰেল পৰা পশ্চিম অষ্ট্ৰেলিয়াৰ হৈ খেলা শ্বেফিল্ড শ্বিল্ড প্ৰতিযোগিতাত তেওঁক আৰু দেখা নাযাব ।

ৰাজ্যিক পৰ্যায়ত ৰেডবল ক্ৰিকেটৰ পৰা মিচেল মাৰ্ছে অৱসৰ লোৱাৰ পিছতে তেওঁৰ টেষ্ট ক্ৰিকেটৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হৈছে । বিশেষকৈ এছেছ শৃংখলাৰ কথা বিবেচনা কৰিলে, যি ছিৰিজ তেওঁ খেলিব বুলি আশা কৰা হৈছিল যদিও খেলা দেখা নগ’ল ।

শেহতীয়াকৈ মিচেল মাৰ্ছৰ প্ৰদৰ্শন বিশেষ আকৰ্ষণীয় নাছিল, তাৰ পিছত তেওঁ নিজৰ সতীৰ্থসকলক অৱসৰ লোৱাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে । ২০১৯ চনৰ পৰা ৰাজ্যিক পৰ্যায়ত মাত্ৰ ৯খন মেচ খেলিছে মাৰ্ছে । যদিও তেওঁৰ ব্যস্ততা তেওঁৰ সীমিত অভাৰৰ কেৰিয়াৰৰ এটা কাৰক, সীমিত অভাৰৰ ফৰ্মেটত তেওঁ গুৰুত্বপূৰ্ণ খেলুৱৈ হৈয়েই আছে আৰু বিশ্বৰ কেইবাখনো টি-২০ লীগতো খেলিছে ।

২০০৯ চনত পশ্চিম অষ্ট্ৰেলিয়াৰ হৈ অভিষেক ঘটাইছিল মিচেল মাৰ্ছে । তেওঁ এতিয়া ৰেড বল ক্ৰিকেটৰ পৰা আঁতৰি যাব বিচৰা বুলি উল্লেখ কৰিছে । অৱশ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱা নাই ।

খবৰ অনুসৰি মিচেল মাৰ্ছে কয় যে নিৰ্বাচকসকলে তেওঁক মাতিলে তেওঁ এছেছ শৃংখলাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক । অৱশ্যে ভৱিষ্যতে আন এখন টেষ্ট খেলাটো সহজ নহয় বুলিও তেওঁ স্বীকাৰ কৰে । যোৱা মাহত অষ্ট্ৰেলিয়াৰ মুখ্য নিৰ্বাচক জৰ্জ বেইলীয়ে কৈছিল যে মাৰ্ছৰ এই প্ৰদৰ্শনে এছেছলৈ নতুন শক্তি কঢ়িয়াই আনিব পাৰে । তেওঁ কয় যে শৃংখলাৰ আৰম্ভণিৰ বাবে তেওঁক বিবেচনা কৰা নহ’ব, কিন্তু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি পিছত পৰিৱৰ্তন কৰিব পৰা যাব ।

লগতে পঢ়ক : বিয়া বাতিলৰ পিছত প্ৰথমবাৰৰ বাবে দেখা গ’ল স্মৃতি মন্ধানাক; ভাইৰেল হৈ পৰিল ফটো

টেষ্ট ক্ৰিকেটত মিচেল ষ্টাৰ্কৰ ডাঙৰ কৃতিত্ব; ২৫০টা উইকেট সম্পূৰ্ণ

অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্কৰ আন এক কৃতিত্ব। ঘৰুৱা ক্ষেত্ৰত টেষ্ট ক্ৰিকেটত ২৫০টা উইকেট সম্পূৰ্ণ ।

অষ্ট্ৰেলিয়াৰ দলটোৱে এছেছ ২০২৫ৰ আৰম্ভণি এক সুন্দৰভাৱে কৰিছিল য’ত দলটোৱে পাৰ্থত খেলা প্ৰথমখন মেচত ৮ উইকেটত জয়লাভ কৰিছিল, য’ত বেগী বলাৰ মিচেল ষ্টাৰ্কৰ দুৰ্দান্ত প্ৰদৰ্শন দেখা গৈছিল।

ইফালে, ব্রিজবেনৰ গাব্বা ষ্টেডিয়ামত গোলাপী বলৰ সৈতে খেলা এই ছিৰিজৰ দ্বিতীয়খন মেচৰ প্রথম দিনটোও বলৰ সৈতে ষ্টাৰ্কৰ বিধ্বংসী ৰূপ দেখিবলৈ পোৱা গ’ল৷ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছে টছত জয়লাভ কৰি গাব্বা টেষ্টত প্ৰথমে বেটিং কৰিবলৈ বাছি লয়,ইয়াৰ পিছত প্ৰথম দিনাৰ খেলৰ শেষত ইংলেণ্ডে প্ৰথম ইনিংছত ৯টা উইকেট হেৰুৱাই ৩২৫ ৰান সংগ্ৰহ কৰিছিল।

ইফালে মিচেল ষ্টাৰ্ক, যি অষ্ট্ৰেলিয়াৰ বলিঙৰ নেতৃত্ব দি আছিল তেওঁ প্ৰথম দিনাৰ খেলখনত মুঠ ৬টা উইকেট দখল কৰিবলৈ সক্ষম হয়।য’ত ক্ৰিকেটাৰ গৰাকীয়ে এক বৃহৎ সাফল্য লাভ কৰিছিল।

মিচেলক টেষ্ট ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ হিচাপে গণ্য কৰা হয়।য’ত তেওঁ এতিয়ালৈকে মুঠ ৪১৮টা উইকেট দখল কৰিছে।ইফালে ঘৰুৱা ক্ষেত্ৰত টেষ্ট ক্ৰিকেট খেলিও ২৫০টা উইকেট সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়।

ইয়াৰ লগতে টেষ্ট ক্ৰিকেটৰ প্ৰথম বাওঁহাতৰ বেগী বলাৰ হিচাপে পৰিগণিত হৈছে মিচেল।য’ত তেওঁ ২৫০টা উইকেট সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে।

টেষ্ট ক্ৰিকেটত বাওঁহাতৰ বলাৰ হিচাপে ঘৰুৱা ক্ষেত্ৰত ২৫০ বা তাতকৈ অধিক উইকেট দখল কৰা মাত্ৰ তৃতীয়জন বলাৰ মিচেল।

লগতে পঢ়ক: ৪ বেটছমেন, ৩ অল-ৰাউণ্ডাৰ… দক্ষিণ আফ্ৰিকা টি-২০ ছিৰিজৰ বাবে টিম ইণ্ডিয়াৰ কম্বিনেচন কিমান শক্তিশালী ?

কেংগাৰুক দিলে বৃহৎ আঘাত…বুমৰাহ-আকাশদীপে ৰক্ষা কৰিলে ভাৰতৰ সন্মান

ব্রিছবেনৰ গাব্বাত ফ’ল’ অ’নৰ পৰা ভাৰতক ৰক্ষা কৰা যশপ্রীত বুমৰাহ আৰু আকাশদীপে দেখুৱালে যে ধৈৰ্য সহকাৰে খেলিলে গাব্বাৰ পিটচ ইমান কঠিন নহয় ৷ দুয়োজনে চিংগল ৰাণ যোগ কৰিছিল আৰু প্ৰয়োজনত বাউণ্ডেৰী কোবাইছিল ।
গাব্বাত অনুষ্ঠিত হৈ থকা তৃতীয়খন টেষ্টত অষ্ট্ৰেলিয়াৰ ৪৪৫ ৰানৰ উত্তৰত ভাৰতে ২১৩ ৰানত ৯টা উইকেট হেৰুৱাইছিল । ইয়াৰ পৰা ভাৰতক ফ’ল’ অ’নৰ পৰা হাত সাৰিবলৈ ৩৩ ৰানৰ প্ৰয়োজন হৈছিল । অষ্ট্ৰেলিয়াৰ বলাৰসকলে ইতিমধ্যে নিয়ন্ত্ৰিত বলিঙেৰে ভাৰতৰ বেটিং মেৰুদণ্ড প্ৰায় ভাঙি পেলাইছিল । তথাপিও বুমৰাহ আৰু আকাশদীপে ধৈৰ্যসহকাৰে খেলি অসম্ভৱ যেন লগা কামকো সম্ভৱ কৰি তুলিলে । দুয়োজনে ফ’ল’ অনৰ পৰা হাত সৰাই নহয় চতুৰ্থ দিনটোত ৫৪টা বলত ৩৯ ৰান যোগ দি ভাৰতৰ পৰাজয় প্ৰায় ৰোধ কৰে ।
পেট কামিন্স আৰু মিচেল ষ্টাৰ্কে বুমৰাহ আৰু আকাশদীপৰ বিৰুদ্ধে সকলো অস্ত্ৰ প্ৰয়োগ কৰি দুয়োজনকে ৰোধিবলৈ চেষ্টা কৰিছিল যদিও কোনো কামত অহা নাছিল । অষ্ট্ৰেলিয়াৰ অধিনায়কগৰাকীয়ে নাথান লায়নক বলিং কৰোৱাইছিল যদিও সেয়াও কামত নাহিল ।
বিৰাটৰ বেট লৈ বেটিং কৰিবলৈ অহা আকাশদীপে যি ধৈৰ্য, স্বভাৱ আৰু প্ৰয়োগ দেখুৱাইছিল, সেয়া এই টেষ্টত বিৰাটৰ পৰাও দেখা পোৱা নগ’ল । এই যুৱ খেলুৱৈগৰাকীৰ দক্ষতাৰ ওপৰত বুমৰাহে সম্পূৰ্ণ বিশ্বাস ৰাখে আৰু দুয়োৱে ধৈৰ্য আৰু বুদ্ধিমত্তাৰে বেটিং কৰি ভাৰতক ফ’ল’ অ’নৰ পৰা ৰক্ষা কৰে ।
চতুৰ্থ দিনৰ খেলৰ শেষলৈকে ভাৰতে ৯ উইকেটত ২৫২ ৰান সংগ্ৰহ কৰিছিল । যদিও এই টেষ্টত টিম ইণ্ডিয়া এতিয়াও অষ্ট্ৰেলিয়াৰ ১৯৩ ৰান পিছ পৰি আছে, কিন্তু যেতিয়া বুমৰাহ আৰু আকাশদীপে ফ’ল’ অন ৰক্ষা কৰিলে, তেতিয়া ড্ৰেছিং ৰুমত বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু গৌতম গম্ভীৰৰ আনন্দ এনেকুৱা আছিল যেন ভাৰতে মেচখনত জয়লাভ কৰিলে ।
৩১টা বলত ২৭ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ উভতে আকাশদীপ । তেওঁৰ বেটৰ পৰা দুটা চাৰি আৰু এটা ছয় আহে । আনহাতে যশপ্ৰীত বুমৰাহে ২৭টা বলত ১০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । বুমৰাহেও কামিন্সৰ বলত এটা ছয় কোবাই । এই দুয়োজন খেলুৱৈৰ বেটিং শৈলী দেখি দশম আৰু একাদশ নম্বৰৰ খেলুৱৈয়ে বেটিং কৰা যেন নালাগিল । এই দুয়োজনে কেংগাৰু দলক ইমান ডাঙৰ আঘাত দিলে যে দলটোৱে বছৰ বছৰ ধৰি মনত ৰাখিব বুলি ক’লেও ভুল নহ’ব ।