অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্কৰ আন এক কৃতিত্ব। ঘৰুৱা ক্ষেত্ৰত টেষ্ট ক্ৰিকেটত ২৫০টা উইকেট সম্পূৰ্ণ ।
অষ্ট্ৰেলিয়াৰ দলটোৱে এছেছ ২০২৫ৰ আৰম্ভণি এক সুন্দৰভাৱে কৰিছিল য’ত দলটোৱে পাৰ্থত খেলা প্ৰথমখন মেচত ৮ উইকেটত জয়লাভ কৰিছিল, য’ত বেগী বলাৰ মিচেল ষ্টাৰ্কৰ দুৰ্দান্ত প্ৰদৰ্শন দেখা গৈছিল।
ইফালে, ব্রিজবেনৰ গাব্বা ষ্টেডিয়ামত গোলাপী বলৰ সৈতে খেলা এই ছিৰিজৰ দ্বিতীয়খন মেচৰ প্রথম দিনটোও বলৰ সৈতে ষ্টাৰ্কৰ বিধ্বংসী ৰূপ দেখিবলৈ পোৱা গ’ল৷ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছে টছত জয়লাভ কৰি গাব্বা টেষ্টত প্ৰথমে বেটিং কৰিবলৈ বাছি লয়,ইয়াৰ পিছত প্ৰথম দিনাৰ খেলৰ শেষত ইংলেণ্ডে প্ৰথম ইনিংছত ৯টা উইকেট হেৰুৱাই ৩২৫ ৰান সংগ্ৰহ কৰিছিল।
ইফালে মিচেল ষ্টাৰ্ক, যি অষ্ট্ৰেলিয়াৰ বলিঙৰ নেতৃত্ব দি আছিল তেওঁ প্ৰথম দিনাৰ খেলখনত মুঠ ৬টা উইকেট দখল কৰিবলৈ সক্ষম হয়।য’ত ক্ৰিকেটাৰ গৰাকীয়ে এক বৃহৎ সাফল্য লাভ কৰিছিল।
মিচেলক টেষ্ট ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ হিচাপে গণ্য কৰা হয়।য’ত তেওঁ এতিয়ালৈকে মুঠ ৪১৮টা উইকেট দখল কৰিছে।ইফালে ঘৰুৱা ক্ষেত্ৰত টেষ্ট ক্ৰিকেট খেলিও ২৫০টা উইকেট সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়।
ইয়াৰ লগতে টেষ্ট ক্ৰিকেটৰ প্ৰথম বাওঁহাতৰ বেগী বলাৰ হিচাপে পৰিগণিত হৈছে মিচেল।য’ত তেওঁ ২৫০টা উইকেট সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে।
টেষ্ট ক্ৰিকেটত বাওঁহাতৰ বলাৰ হিচাপে ঘৰুৱা ক্ষেত্ৰত ২৫০ বা তাতকৈ অধিক উইকেট দখল কৰা মাত্ৰ তৃতীয়জন বলাৰ মিচেল।
লগতে পঢ়ক: ৪ বেটছমেন, ৩ অল-ৰাউণ্ডাৰ… দক্ষিণ আফ্ৰিকা টি-২০ ছিৰিজৰ বাবে টিম ইণ্ডিয়াৰ কম্বিনেচন কিমান শক্তিশালী ?









