ৰাষ্ট্ৰসংঘ

“ইউক্ৰেইনত নিৰীহ লোকৰ মৃত্যু গ্ৰহণযোগ্য নহয়…”; ৰাষ্ট্ৰসংঘত ভাৰতৰ ডাঙৰ বক্তব্য

ৰাষ্ট্ৰসংঘত ভাৰতৰ ডাঙৰ বক্তব্য ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ৰাষ্ট্ৰসংঘত ভাৰতে এটা ডাঙৰ বিবৃতি দিছে।ইউক্ৰেইনত নিৰীহ লোকক হত্যা কৰাটো সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয় বুলি ভাৰতে কৈছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বত্নেন্নী হৰিশে কয়,‘ইউক্ৰেইনৰ পৰিস্থিতিক লৈ ভাৰতে চিন্তিত হৈয়েই আছে।আমি বিশ্বাস কৰোঁ যে নিৰীহ লোকৰ প্ৰাণ হেৰুৱাটো গ্ৰহণযোগ্য নহয়

ৰাষ্ট্ৰসংঘত ভাৰতৰ ডাঙৰ বক্তব্য

ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ৰাষ্ট্ৰসংঘত ভাৰতে এটা ডাঙৰ বিবৃতি দিছে।ইউক্ৰেইনত নিৰীহ লোকক হত্যা কৰাটো সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয় বুলি ভাৰতে কৈছে।

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বত্নেন্নী হৰিশে কয়,‘ইউক্ৰেইনৰ পৰিস্থিতিক লৈ ভাৰতে চিন্তিত হৈয়েই আছে।আমি বিশ্বাস কৰোঁ যে নিৰীহ লোকৰ প্ৰাণ হেৰুৱাটো গ্ৰহণযোগ্য নহয় আৰু কোনো ধৰণৰ সমাধান যুদ্ধক্ষেত্ৰৰ পৰা ওলাব নোৱাৰে। গতিকে ইউক্ৰেইনৰ সংঘাতৰ অন্ত পৰাটো সকলোৰে স্বাৰ্থত আছে।

পাৰ্বত্নেনীয়ে কয় যে ভাৰতে সদায় এই কথা কৈ আহিছে যে ইউক্ৰেইনত চলি থকা সংঘাতৰ অন্ত পেলোৱাৰ একমাত্ৰ উপায় হ’ল আলোচনা আৰু কূটনীতি।

লাগিলে এই পথটো যিমানেই কঠিন নহওক কিয়।এই দিশত সকলো পক্ষৰ সম্পূৰ্ণ অংশগ্ৰহণ আৰু দায়বদ্ধতা স্থায়ী শান্তিৰ বাবে অতি প্ৰয়োজনীয়।

ভাৰতে কয় যে ইউক্ৰেইন যুদ্ধত শান্তি অনাৰ দিশত শেহতীয়া ইতিবাচক পৰিঘটনা আদৰণীয়।আলাস্কাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনক ​​আমি সমৰ্থন জনাইছো।

পাৰ্বত্নেনীয়ে কয় যে আলাস্কা শীৰ্ষ সন্মিলনত হোৱা অগ্ৰগতিৰ আমি শলাগ লৈছো আৰু ইয়াৰ পিছত ৱাশ্বিংটন ডিচিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি আৰু ইউৰোপীয় নেতাসকলৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৰা কূটনৈতিক আলোচনাকো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

ভাৰতে কয় যে এই পৰিৱৰ্তিত পৰিস্থিতিৰ বিষয়ে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিকে ধৰি ইউৰোপীয় নেতাসকলৰ সৈতে অহৰহ যোগাযোগত আছে।

লগতে পঢ়ক: ‘চীনক সমৰ্থন কৰিলেই আমেৰিকাত নাপাব প্ৰৱেশ…’; ভিছা সন্দৰ্ভত ট্ৰাম্প চৰকাৰৰ ডাঙৰ ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ