অক্ষয় কুমাৰ

‘চোৰ কৰি উপাৰ্জন কৰা নাই’; মোটা উপাৰ্জনক লৈ স্পষ্টীকৰণ অক্ষয় কুমাৰৰ

মোটা উপাৰ্জনক লৈ স্পষ্টীকৰণ অক্ষয় কুমাৰৰ এবছৰত বহু ছবি নিৰ্মাণৰ বাবে এই উদ্যোগটোৰ অন্যতম অভিনেতা অক্ষয় কুমাৰ বিখ্যাত।ইয়াৰে তেওঁৰ বহু ছবি ছুপাৰহিট,কিছুমান ছবি ফ্লপো হয়। ইয়াৰ উপৰিও অক্ষয় হৈছে এই উদ্যোগৰ অন্যতম সৰ্বাধিক উপাৰ্জন আৰু কৰ পৰিশোধ কৰা অভিনেতা।এনে পৰিস্থিতিত অভিনেতাজনৰ ওপৰত প্ৰায়ে ধনৰ প্ৰতি

মোটা উপাৰ্জনক লৈ স্পষ্টীকৰণ অক্ষয় কুমাৰৰ

এবছৰত বহু ছবি নিৰ্মাণৰ বাবে এই উদ্যোগটোৰ অন্যতম অভিনেতা অক্ষয় কুমাৰ বিখ্যাত।ইয়াৰে তেওঁৰ বহু ছবি ছুপাৰহিট,কিছুমান ছবি ফ্লপো হয়।

ইয়াৰ উপৰিও অক্ষয় হৈছে এই উদ্যোগৰ অন্যতম সৰ্বাধিক উপাৰ্জন আৰু কৰ পৰিশোধ কৰা অভিনেতা।এনে পৰিস্থিতিত অভিনেতাজনৰ ওপৰত প্ৰায়ে ধনৰ প্ৰতি মোহ থকা বুলি অভিযোগ উত্থাপন হয়।

শেহতীয়াকৈ অক্ষয়ে নিজৰ উপাৰ্জনৰ কথা কওঁতে সেই মানুহবোৰক প্ৰত্যুত্তৰ দিছে, যিসকলে তেওঁক টকা-পইচাবুজিৰ অভিযোগ উত্থাপন কৰে।

তেওঁ কয় যে, ‘যদি টকা উপাৰ্জন কৰিছো, সেয়া চোৰ কৰি কৰা নাই। মই কাম কৰিহে কৰিছো। ৮ বছৰ ধৰি মই সৰ্বাধিক কৰ পৰিশোধ কৰা ব্যক্তি’।

‘গতিকে মই পইচা ছখ কৰা ব্যক্তি নহয়। টকা জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ, আপোনালোকে এই কথাটো ভবাটো উচিত’।

‘পইচা উপাৰ্জন কৰো, কৰ পৰিশোধ কৰো আৰু সেই টকাৰে বহুত সেৱাও কৰো। এইটো মোৰ ধৰ্ম। বাকী যিয়েই যি নকওক কিয় মই একো বিশ্বাস নকৰো’।

‘যদি ফিটা কাটি পইচা উপাৰ্জন কৰা হয় তেন্তে তাত কি আপত্তি আছে। যেতিয়ালৈকে আপুনি কাৰো পৰা চুৰি কৰা নাই, যেতিয়া আপুনি লুটপাত নকৰে, যেতিয়ালৈকে আপুনি কষ্ট কৰি আছে, তেতিয়ালৈকে কোনো আপত্তি নাই। কোনোবাই মোক পইচা বিচাৰি থকা বুলি ক’লেও মই গুৰুত্ব নিদিও’।  

লগতে পঢ়ক: আজিও লোকাৰণ্য সৰুসজাই; প্ৰাণৰ শিল্পীগৰাকীক চাবলৈ লাখ লাখ অনুৰাগীৰ ভিৰ