আজিৰে পৰা তিনিখন দেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী

আজিৰে পৰা তিনিখন দেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী; কানাডাত জি-৭ বৈঠকত কৰিব অংশগ্ৰহণ

আজিৰে পৰা তিনিখন দেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী ১৫ৰ পৰা ১৯ জুনত বিদেশ ভ্ৰমণত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই সময়ছোৱাত তেওঁ চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব । অপাৰেচন সিন্দুৰৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এই প্ৰথম বিদেশ ভ্ৰমণক দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি আৰু ইউৰোপীয় সংঘ আৰু ভূমধ্যসাগৰীয়

আজিৰে পৰা তিনিখন দেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী

১৫ৰ পৰা ১৯ জুনত বিদেশ ভ্ৰমণত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই সময়ছোৱাত তেওঁ চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব । অপাৰেচন সিন্দুৰৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এই প্ৰথম বিদেশ ভ্ৰমণক দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি আৰু ইউৰোপীয় সংঘ আৰু ভূমধ্যসাগৰীয় অঞ্চলৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । কানাডাত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনত অংশগ্ৰহণ কৰাৰ উপৰিও তেওঁ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে চাইপ্ৰাছত উপস্থিত হ’ব । ১৫-১৬ জুন তাৰিখৰ এই ভ্ৰমণ চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছৰ আমন্ত্ৰণত হৈছে । দুই দশকৰ পিছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমবাৰৰ বাবে চাইপ্ৰাছ ভ্ৰমণ । ৰাজধানী নিকোছিয়াত প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছৰ মাজত আলোচনা অনুষ্ঠিত হ’ব ৷ লিমাছলত উদ্যোগীসকলক সম্বোধন কৰিব তেওঁ ।

জি-৭ শীৰ্ষ সন্মিলনত একেৰাহে ষষ্ঠবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ-

ইয়াৰ পাছতে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণত ১৬-১৭ জুনত অনুষ্ঠিত হ’বলগীয়া জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ মাজতে কানাডাৰ কানানাস্কিছ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । জি-৭ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে একেৰাহে ষষ্ঠবাৰৰ বাবে অংশগ্ৰহণ কৰিব । এই সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে জি-৭ দেশৰ নেতা, অন্যান্য আমন্ত্ৰিত আউটৰিচ দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হ’ব । এই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে শক্তি সুৰক্ষা, প্ৰযুক্তি আৰু উদ্ভাৱনকে ধৰি বিশ্বব্যাপী গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত মত বিনিময় কৰিব, বিশেষকৈ এ আই শক্তিৰ সংযোগ আৰু কোৱাণ্টামৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত । এই সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কেইবাখনো দ্বিপাক্ষিক বৈঠকতো অংশগ্ৰহণ কৰিব ।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম ক্ৰ’ৱেচিয়া ভ্ৰমণ-

ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকভিচৰ আমন্ত্ৰণত ১৮ জুনত ক্ৰ’ৱেচিয়ালৈ আনুষ্ঠানিক ভ্ৰমণ কৰিব । ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ক্ৰ’ৱেচিয়া ভ্ৰমণ হ’ব, যিটো দ্বিপাক্ষিক সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব । প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী প্লেংকভিচে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব । ক্ৰ’ৱেচিয়াৰ ৰাষ্ট্ৰপতি জোৰাণ মিলানোভিচক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । ক্ৰ’ৱেচিয়া ভ্ৰমণে ইউৰোপীয় সংঘৰ অংশীদাৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিও প্ৰকাশ কৰিব ।

লগতে পঢ়ক : ৫ দিন, ৩খন দেশ আৰু জি-৭ শীৰ্ষ সন্মিলন…; মেগা কূটনৈতিক যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ