মহাকুম্ভত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড; জ্বলি ছাই হ’ল ১৫ টাকৈ টেণ্ট

বিপদে যেন লগ নেৰা হৈছে মহাকুম্ভমেলাত। প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত পুনৰবাৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। কুম্ভ মেলাৰ চেক্টৰ-২২ত জুই লগাৰ ফলত কেইবাটাও টেণ্ট জ্বলি গৈছিল। অৱশ্যে, অগ্নি নিৰ্বাপক বাহিনীয়ে সময়মতে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত

বিপদে যেন লগ নেৰা হৈছে মহাকুম্ভমেলাত। প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত পুনৰবাৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। কুম্ভ মেলাৰ চেক্টৰ-২২ত জুই লগাৰ ফলত কেইবাটাও টেণ্ট জ্বলি গৈছিল।

অৱশ্যে, অগ্নি নিৰ্বাপক বাহিনীয়ে সময়মতে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই।ভয়ংকৰ অগ্নিকাণ্ডটোৰ কাৰণ এতিয়াও জানিব কৰা হোৱা নাই।

জুইৰ পিছতেই ভক্তসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। বিষয়াসকলে ভক্তসকলক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

মন কৰিব লগীয়া যে ইয়াৰ পূৰ্বেও মহাকুম্ভ মেলাত দুবাৰকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। কুম্ভ মেলাৰ চেক্টৰ ২ ত দুখন বাহনত জুই লগাৰ পিছত আতংকৰ সৃষ্টি হৈছিল।

ইফালে বুধবাৰে, অৰ্থাৎ যোৱা কালি, মৌনী অমাৱস্যা উপলক্ষে মহাকুম্ভত পদপৃষ্ট হৈ ৩০ জনতকৈও অধিক লোকৰ মৃত্যু হৈছিল।