প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাসগৃহত অভিযান... ইডিৰ পিছত চি বি আইৰ প্ৰৱেশ

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাসগৃহত অভিযান… ইডিৰ পিছত চি বি আইৰ প্ৰৱেশ

ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰ আৰু ভিলাইত অভিযান আৰম্ভ কৰিছে চি বি আইৰ দলে । প্রাক্তন মুখ্যমন্ত্রী ভূপেশ বাঘেলৰ বাসগৃহত অভিযান আৰম্ভ কৰিছে দলটোৱে ৷ মহাদেৱ বেটিং এপ গোচৰত বাঘেলৰ ঘৰকে ধৰি বহু ঠাইত অভিযান চলি আছে । ইডিৰ পিছত চি বি আই মহাদেৱ বেটিং এপৰ ​​গোচৰত

ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰ আৰু ভিলাইত অভিযান আৰম্ভ কৰিছে চি বি আইৰ দলে । প্রাক্তন মুখ্যমন্ত্রী ভূপেশ বাঘেলৰ বাসগৃহত অভিযান আৰম্ভ কৰিছে দলটোৱে ৷ মহাদেৱ বেটিং এপ গোচৰত বাঘেলৰ ঘৰকে ধৰি বহু ঠাইত অভিযান চলি আছে । ইডিৰ পিছত চি বি আই মহাদেৱ বেটিং এপৰ ​​গোচৰত প্ৰৱেশ কৰিছে । এই গোচৰত হাজাৰ হাজাৰ কোটি টকা প্ৰৱঞ্চনা কৰা হৈছিল । পুৱাৰ ভাগত চি বি আইৰ বিষয়াসকলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ভিলাই আৰু ৰায়পুৰৰ বাসগৃহত উপস্থিত হয় । তথ্য অনুসৰি মহাদেৱ বেটিং এপ গোচৰত অভিযান চলাবলৈ চি বি আইৰ দল উপস্থিত হৈছে । ইয়াৰ পূৰ্বে ইডিৰ দলটোৱেও একে সময়তে অভিযান চলাইছিল ।

ভূপেশ বাঘেলৰ কাৰ্যালয়ে ছ’চিয়েল মিডিয়া পোষ্টত কয়, “এতিয়া চি বি আই আহি পালেহি । ৮ আৰু ৯ এপ্ৰিলত আহমেদাবাদ (গুজৰাট)ত অনুষ্ঠিত হ’বলগীয়া এ আই চি চিৰ বৈঠকৰ বাবে গঠিত “খচৰা সমিতি”ৰ বৈঠকৰ বাবে আজি প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে দিল্লীলৈ যোৱাৰ কথা । তাৰ পূৰ্বে চি বি আই ইতিমধ্যে ৰায়পুৰ আৰু ভিলাই বাসগৃহত উপস্থিত হৈছে ।”

মহাদেৱ বেটিং এপ হৈছে অনলাইন বাজিৰ বাবে নিৰ্মিত এটা এপ । এই এপটোৰ জৰিয়তে ক্ৰিকেট, বেডমিণ্টন, টেনিছ, ফুটবল আদি খেলত অবৈধ জুৱা খেলা হৈছিল । অবৈধ বাজিৰ নেটৱৰ্কৰ জৰিয়তে এই এপটোৰ নেটৱৰ্ক দ্ৰুতগতিত বিয়পি পৰে আৰু অধিকাংশ একাউণ্ট ছত্তীশগড়ত খোলা হৈছিল । এই এপৰ জৰিয়তে প্ৰৱঞ্চনাৰ সম্পূৰ্ণ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰা হৈছিল ।

আচলতে মহাদেৱ বেটিং এপ বহু শাখাৰ পৰা চলিছিল । প্ৰতিটো শাখা সৌৰভ চন্দ্ৰকাৰ আৰু ৰবি উপ্পালে ফ্ৰেঞ্চাইজি হিচাপে বিক্ৰী কৰিছিল । ব্যৱহাৰকাৰীয়ে আৰম্ভণিতেহে লাভৱান হৈছিল আৰু পিছত ক্ষতিৰ সন্মুখীন হৈছিল । দুয়োজনে লাভৰ ৮০% নিজৰ লগত ৰাখিছিল । বেটিং এপ ৰেকেটে মেচিনৰ দৰে কাম কৰে, এটা এলগৰিদমে নিশ্চিত কৰে যে এপটোত নিজৰ ধন বিনিয়োগ কৰা গ্ৰাহকৰ মাত্ৰ ৩০%হে জয়ী হয় ।

শেহতীয়াকৈ চলিছিল ইডিৰ অভিযান-

শেহতীয়াকৈ ইডিয়ে ভূপেশ বাঘেলৰ বাসগৃহত বিপুল পৰিমাণৰ নগদ ধন পোৱা বুলি দাবী কৰিছিল । ইয়াৰ হিচাপ কৰিবলৈ ইডিৰ বিষয়াসকলে দুটা নগদ ধন গণনা মেচিনৰ অৰ্ডাৰ দিছিল । ভূপেশ বাঘেলৰ পুত্ৰ চৈতন্য বাঘেলৰ সৈতে জড়িত চৌহদৰ পৰাও ইডিয়ে জব্দ কৰে কিছু ইলেকট্ৰনিক গেজেট আৰু নথি-পত্ৰ । এই বিষয়টো সুৰা কেলেংকাৰিৰ সৈতে জড়িত আছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ