E20 ইন্ধনৰ ফলত ক্ষতিগ্ৰস্ত বাহন; গ্ৰাহক আদালতৰ ঐতিহাসিক ৰায়

গ্ৰাহক আদালতে স্বীকাৰ কৰিছে যে E20 পেট্ৰ’লৰ বাবে ইঞ্জিন আৰু মাইলেজ সম্পৰ্কীয় সমস্যা সমূহ দেখিবলৈ পোৱা গৈছে ।আদালতে বাহনৰ গৰাকীক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে ।

ভাৰতত E20 ইন্ধনক (E20 Fuel) লৈ চলি থকা বিতৰ্কৰ মাজতে এটা গোচৰত প্ৰথমবাৰৰ বাবে আদালতে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে। ছত্তীশগড়ৰ ৰায়পুৰ জিলাৰ উপভোক্তা আদালতে (Consumer Court) গাড়ীৰ মালিকৰ সপক্ষে এই ৰায়দান দিছে। আচলতে, গাড়ীৰ মালিকে অভিযোগ কৰিছিল যে E20 তেলৰ বাবেই তেওঁৰ বাহনখনৰ ব্যাপক ক্ষতি হৈছিল আৰু বাৰে বাৰে মেৰামতি কৰাৰ পিছতো কোনো সুফল পোৱা নগ’ল, কেৱল খৰচহে বাঢ়ি গ’ল।

উপভোক্তাজনৰ দাবী আছিল যে E20 পেট্ৰ’ল ভৰোৱাৰ পিছৰে পৰা তেওঁৰ গাড়ীৰ ইঞ্জিনত বিজুতি দেখা দিবলৈ ধৰিছিল। ইঞ্জিনৰ কাৰ্যক্ষমতা হ্ৰাস পাইছিল, মিচফায়াৰিং (misfiring) হৈছিল আৰু মাইলেজো কমি গৈছিল। বাৰে বাৰে ছাৰ্ভিচ চেন্টাৰলৈ লৈ গৈ গাড়ীখন মেৰামতি কৰাৰ পিছতো এই সমস্যাবোৰ আঁতৰা নাছিল, যাৰ ফলত গ্ৰাহকজনৰ বুজন পৰিমাণৰ ধন খৰচ হৈছিল। এই গোচৰটোৰ মূল কেন্দ্ৰবিন্দু আছিল এটা প্ৰশ্ন— সঁচাকৈয়ে E20 পেট্ৰ’লৰ বাবে গাড়ীবোৰ নষ্ট হৈছে নেকি? গাড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু ডিলাৰে দাবী কৰিছিল যে গাড়ীৰ মডেলটো E20 ইন্ধনৰ সৈতে সহজে চলিব পাৰে। ডিলাৰজনৰ তৰফৰ পৰা এইটোও দাবী কৰা হৈছিল যে গাড়ীখনত দেখা দিয়া সমস্যাবোৰ মালিকৰ নিজৰ ভুল, দুৰ্বল ৰক্ষণাবেক্ষণ আৰু স্বাভাৱিক ক্ষয়-ক্ষতিৰ বাবেহে হৈছে। অৱশ্যে, অভিযোগকাৰীৰ মতে, ২০২৪ চনত কিনা গাড়ীখন তেতিয়ালৈকে সম্পূৰ্ণ ঠিকে চলি আছিল, কিন্তু E20 পেট্ৰ’ল ভৰোৱাৰ পিছৰে পৰা ইয়াত ইটোৰ পিছত সিটো সমস্যা আহিবলৈ ধৰিলে।

গাড়ীৰ মালিকে এই গোচৰটো বিখ্যাত কোম্পানী ‘মাৰুতি সুজুকি ইণ্ডিয়া লিমিটেড’ৰ (Maruti Suzuki India Limited) বিৰুদ্ধে তৰিছিল। আদালতে শুনানিৰ অন্তত কোম্পানীক নিৰ্দেশ দিছে যে ৪৫ দিনৰ ভিতৰত একেটো মডেলৰে এখন নতুন গাড়ী অভিযোগকাৰীক প্ৰদান কৰিব লাগিব। এই গাড়ীখন E20 ইন্ধনেৰে চলিব পৰা হ’ব লাগিব। যদি কোম্পানীয়ে তেনে কৰাত ব্যৰ্থ হয়, তেন্তে বাহনৰ মালিকক গাড়ীখনৰ সম্পূৰ্ণ মূল্য ঘূৰাই দিব লাগিব, যাৰ পৰিমাণ হ’ব ২০.৫০ লাখ টকা।

কেৱল ইমানেই নহয়, আদালতে অভিযোগকাৰীয়ে ভোগ কৰা মানসিক নিৰ্যাতনৰ বাবে ১ লাখ টকা ক্ষতিপূৰণ আৰু গোচৰৰ খৰচ বাবদ ১০ হাজাৰ টকা পৰিশোধ কৰিবলৈও নিৰ্দেশ দিছে। উপভোক্তা আদালতৰ সন্মুখত অভিযোগকাৰীয়ে প্ৰমাণ দাখিল কৰিছিল যে তেওঁৰ গাড়ীৰ ইঞ্জিনত E20 ইন্ধন জমা হৈ থকা পোৱা গৈছিল। ৱৰ্কশ্বপত সেয়া ঠিক কৰা হৈছিল যদিও কিছুদিনৰ পিছত পেট্ৰ’ল টেংকীত কিছু বগা আৰু এঠা জাতীয় তৰল পদাৰ্থ পোৱা যায়। ইঞ্জিনৰ ক্ষতিৰ পৰিমাণ ক্ৰমান্বয়ে বাঢ়ি গৈছিল। এই সমগ্ৰ ঘটনাৰ বাবে উপভোক্তা আদালতে গাড়ী কোম্পানীটোকে জগৰীয়া বুলি গণ্য কৰে।

লগতে পঢ়ক: “মৌন হৈ থকাটো এতিয়া লজ্জাজনক হৈ পৰিছে”; সোণম ৱাংচুকৰ সমৰ্থনত অনুৰাগ কাশ্যপৰ বিশেষ পোষ্ট

পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাই জোকাৰিলে দেশ; কেইবাজনো লোকৰ মৃত্যু

ভয়ংকৰ ৰেল দুৰ্ঘটনা

মঙলবাৰে বিয়লি ছত্তীশগড়ৰ বিলাসপুৰত সংঘটিত হয় এক ভয়ংকৰ ৰেল দুৰ্ঘটনা । য’ত এম ই এম ইউ যাত্ৰীবাহী ৰে’লৰ এখন মালবাহী ৰে’লৰ সৈতে সংঘৰ্ষ হয় । বিলাসপুৰ ষ্টেচনৰ সমীপত বিয়লি প্ৰায় ৪ বজাত সংঘটিত হয় এই দুৰ্ঘটনা । প্ৰাথমিক তথ্য অনুসৰি এই মুখামুখি সংঘৰ্ষত ৬ জন যাত্ৰী নিহত হোৱাৰ লগতে ১২ জনৰো অধিক যাত্ৰী আহত হয় । এই দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল যে যাত্ৰীবাহী ৰে’লৰ এটা ডবা মালবাহী ৰে’লৰ ওপৰত উঠি যায় ।

দক্ষিণ-পূব কেন্দ্ৰীয় ৰে’লৱেৰ তথ্য অনুসৰি দুৰ্ঘটনাটোৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ হয় । ৰে’লৱেৰ বিষয়াসকলে জনোৱা মতে, আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । দক্ষিণ-পূব কেন্দ্ৰীয় ৰে’লৱেৰ মহাপ্ৰবন্ধক তৰুণ প্ৰকাশ সংমণ্ডল ৰে’লৱেৰ প্ৰবন্ধকৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈছে ।

দক্ষিণ-পূব কেন্দ্ৰীয় ৰে’লৱেৰ প্ৰাৰম্ভিক তথ্য অনুসৰি এই দুৰ্ঘটনাৰ কাৰণ এম ই এম ইউ ৰে’লৰ চিগনেল পাৰ কৰা বুলি সন্দেহ কৰা হৈছে । খবৰ অনুসৰি ৰে’লখনে নিৰ্দিষ্ট সংকেতক অৱজ্ঞা কৰি এখন মালবাহী ৰে’লৰ পিছফালে খুন্দা মাৰে । ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ আছিল যে এম ই এম ইউ ৰে’লৰ এটা ডবা যথেষ্ট ক্ষতিগ্ৰস্ত হয় ।

ৰেলৱেৰ বিষয়াসকলে জনোৱা মতে, এম ই এম ইউ স্থানীয় ৰে’লখনে চিগনেল অতিক্ৰম কৰি ৰৈ থকা মালবাহী ৰে’লখনৰ পিছফালে সংঘৰ্ষত লিপ্ত হয় ।

ৰে’লৱেই জনোৱা মতে, এই ৰেল দুৰ্ঘটনাৰ কাৰণৰ তদন্তৰ বাবে এটা দল গঠন কৰা হৈছে আৰু কাৰিকৰী বিশেষজ্ঞসকল ঠাইতে আছে । ষ্টেচনটোৰ চাৰিওফালে ৰে’ল যাতায়ত কিছু সময়ৰ বাবে প্ৰভাৱিত হৈছে যদিও স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত আছে । ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে ৰেলৱেই ।

এই সংঘৰ্ষৰ ফলত ওপৰৰ তাঁৰ আৰু সংকেত ব্যৱস্থাৰ গুৰুতৰ ক্ষতিসাধন হোৱাৰ ফলত পথটোৰ কাম-কাজত ব্যাঘাত জন্মে । কেইবাখনো ৰে’ল বাতিল বা ডাইভাৰ্ট কৰা হৈছে । উৰাবাতৰি আওকাণ কৰি কেৱল চৰকাৰী তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ যাত্ৰীসকলক আহ্বান জনাইছে ৰে’ল প্ৰশাসনে ।

লগতে পঢ়ক : ডাম্পাৰৰ দৌৰাত্ম; মহটিয়াই নিলে ৫০ জনকৈ লোকক, ১০ জনৰ মৃত্যু

ছত্তীশগড়ত ১০ জন নক্সালবাদীক এনকাউন্টাৰ; ১ কোটি টকাৰ পুৰস্কাৰ থকা নক্সাল সেনাপতি বালকৃষ্ণক হত্যা

১ কোটি টকাৰ পুৰস্কাৰ থকা নক্সাল সেনাপতি বালকৃষ্ণক হত্যা

ছত্তীশগড় জিলাৰ গৰিয়াবন্দত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ হোৱাৰ খবৰ আহিছে।নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে ১০ জন নক্সালবাদী।

নিহত নক্সালবাদীসকলৰ ভিতৰত আছে জ্যেষ্ঠ নক্সাল সেনাপতি মনোজ ওৰফে মডেম বালকৃষ্ণ। কোৱা হৈছে যে নক্সাল কমাণ্ডাৰ মনোজ ওৰফে মডেম বালকৃষ্ণৰ ওপৰত ১ কোটি টকাৰ পুৰস্কাৰ আছিল।

ৰায়পুৰ অঞ্চলৰ আৰক্ষী মহাপৰিদৰ্শক অমৰেশ মিশ্ৰই এই সংঘৰ্ষটো নিশ্চিত কৰিছে কিন্তু তেওঁ অধিক সবিশেষ দিবলৈ অস্বীকাৰ কৰিছে।

তেওঁ কয় গৰিয়াবন্দ জিলাৰ মইনপুৰ অঞ্চলত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত এক সংঘৰ্ষ হৈছে। মিশ্ৰই কয় যে মইনপুৰ অঞ্চলৰ বনাঞ্চলত নক্সালবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ লগে লগে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ কোব্ৰা বেটেলিয়ন,বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ) আৰু জিলা বাহিনীৰ যৌথ দল নক্সাল বিৰোধী অভিযানৰ বাবে প্ৰেৰণ কৰা হয়।

এই এনকাউণ্টাৰত নিহত হোৱা নক্সালবাদী সেনাপতি মনোজ ওৰফে মডেম বালকৃষ্ণ আছিল নক্সালবাদী সংগঠনটোৰ এজন ডাঙৰ নেতা।তেওঁৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অপৰাধৰ অভিযোগ উত্থাপন হৈছিল।

লগতে পঢ়ক: আমেৰিকাত সন্ত্ৰাসবাদী আক্ৰমণৰ ২৪ বছৰ… সমগ্ৰ দেশতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাসগৃহত অভিযান… ইডিৰ পিছত চি বি আইৰ প্ৰৱেশ

ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰ আৰু ভিলাইত অভিযান আৰম্ভ কৰিছে চি বি আইৰ দলে । প্রাক্তন মুখ্যমন্ত্রী ভূপেশ বাঘেলৰ বাসগৃহত অভিযান আৰম্ভ কৰিছে দলটোৱে ৷ মহাদেৱ বেটিং এপ গোচৰত বাঘেলৰ ঘৰকে ধৰি বহু ঠাইত অভিযান চলি আছে । ইডিৰ পিছত চি বি আই মহাদেৱ বেটিং এপৰ ​​গোচৰত প্ৰৱেশ কৰিছে । এই গোচৰত হাজাৰ হাজাৰ কোটি টকা প্ৰৱঞ্চনা কৰা হৈছিল । পুৱাৰ ভাগত চি বি আইৰ বিষয়াসকলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ভিলাই আৰু ৰায়পুৰৰ বাসগৃহত উপস্থিত হয় । তথ্য অনুসৰি মহাদেৱ বেটিং এপ গোচৰত অভিযান চলাবলৈ চি বি আইৰ দল উপস্থিত হৈছে । ইয়াৰ পূৰ্বে ইডিৰ দলটোৱেও একে সময়তে অভিযান চলাইছিল ।

ভূপেশ বাঘেলৰ কাৰ্যালয়ে ছ’চিয়েল মিডিয়া পোষ্টত কয়, “এতিয়া চি বি আই আহি পালেহি । ৮ আৰু ৯ এপ্ৰিলত আহমেদাবাদ (গুজৰাট)ত অনুষ্ঠিত হ’বলগীয়া এ আই চি চিৰ বৈঠকৰ বাবে গঠিত “খচৰা সমিতি”ৰ বৈঠকৰ বাবে আজি প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে দিল্লীলৈ যোৱাৰ কথা । তাৰ পূৰ্বে চি বি আই ইতিমধ্যে ৰায়পুৰ আৰু ভিলাই বাসগৃহত উপস্থিত হৈছে ।”

মহাদেৱ বেটিং এপ হৈছে অনলাইন বাজিৰ বাবে নিৰ্মিত এটা এপ । এই এপটোৰ জৰিয়তে ক্ৰিকেট, বেডমিণ্টন, টেনিছ, ফুটবল আদি খেলত অবৈধ জুৱা খেলা হৈছিল । অবৈধ বাজিৰ নেটৱৰ্কৰ জৰিয়তে এই এপটোৰ নেটৱৰ্ক দ্ৰুতগতিত বিয়পি পৰে আৰু অধিকাংশ একাউণ্ট ছত্তীশগড়ত খোলা হৈছিল । এই এপৰ জৰিয়তে প্ৰৱঞ্চনাৰ সম্পূৰ্ণ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰা হৈছিল ।

আচলতে মহাদেৱ বেটিং এপ বহু শাখাৰ পৰা চলিছিল । প্ৰতিটো শাখা সৌৰভ চন্দ্ৰকাৰ আৰু ৰবি উপ্পালে ফ্ৰেঞ্চাইজি হিচাপে বিক্ৰী কৰিছিল । ব্যৱহাৰকাৰীয়ে আৰম্ভণিতেহে লাভৱান হৈছিল আৰু পিছত ক্ষতিৰ সন্মুখীন হৈছিল । দুয়োজনে লাভৰ ৮০% নিজৰ লগত ৰাখিছিল । বেটিং এপ ৰেকেটে মেচিনৰ দৰে কাম কৰে, এটা এলগৰিদমে নিশ্চিত কৰে যে এপটোত নিজৰ ধন বিনিয়োগ কৰা গ্ৰাহকৰ মাত্ৰ ৩০%হে জয়ী হয় ।

শেহতীয়াকৈ চলিছিল ইডিৰ অভিযান-

শেহতীয়াকৈ ইডিয়ে ভূপেশ বাঘেলৰ বাসগৃহত বিপুল পৰিমাণৰ নগদ ধন পোৱা বুলি দাবী কৰিছিল । ইয়াৰ হিচাপ কৰিবলৈ ইডিৰ বিষয়াসকলে দুটা নগদ ধন গণনা মেচিনৰ অৰ্ডাৰ দিছিল । ভূপেশ বাঘেলৰ পুত্ৰ চৈতন্য বাঘেলৰ সৈতে জড়িত চৌহদৰ পৰাও ইডিয়ে জব্দ কৰে কিছু ইলেকট্ৰনিক গেজেট আৰু নথি-পত্ৰ । এই বিষয়টো সুৰা কেলেংকাৰিৰ সৈতে জড়িত আছিল ।

ডিভাইডাৰ ভাঙি ট্ৰাকত খুন্দা তীব্ৰেবেগী চাৰিচকীয়া বাহনৰ; ৫ জনৰ মৃত্যু

ছত্তীশগড়ত এটা ডাঙৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।এখন দ্ৰুতবেগী বাহনে ৰাস্তাৰ ডিভাইডাৰ ভাঙি এখন ট্ৰাকত খুন্দা মাৰে।

দুৰ্ঘটনাটো ৰায়পুৰৰ ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, এই দুৰ্ঘটনাত পাঁচজন লোকৰ মৃত্যু হৈছে।

জানিব পৰা মতে ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকীয়া বাহনখনে তীব্ৰ গতিত গৈ আছিল।হঠাতে বাহনখনে ভাৰসাম্য হেৰুওৱাই ৰাস্তাৰ মাজৰ ডিভাইডাৰ ভাঙি বিপৰিত দিশৰ পৰা আহি থকা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল।

ফলত পাঁচজন লোকে প্ৰাণ হেৰুৱাইলে।ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ ; নিহত ১২ জন মাওবাদী

বৃহস্পতিবাৰে ছত্তীশগড়ৰ বিজাপুৰ জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা ভয়ংকৰ সংঘৰ্ষত কমেও ১২ জন মাওবাদী নিহত হয় বুলি জানিব পৰা গৈছে।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে দক্ষিণ বিজাপুৰ বনাঞ্চলত নক্সাল বিৰোধী অভিযানত নিৰাপত্তাৰক্ষীৰ এটা যুটীয়া দল যোৱাৰ সময়তে পুৱা প্ৰায় ৯ বজাত গুলীবৰ্ষণ আৰম্ভ হয়।

সেই গুলীবৰ্ষণ সন্ধিয়া লৈকে অব্যাহত থাকে।প্ৰাথমিক তথ্য অনুসৰি, এনকাউণ্টাৰটোত ১২ জন নক্সাল নিহত হৈছিল। অঞ্চলটোত এতিয়াও অনুসন্ধান অভিযান চল আছে।

জানিব পৰা মতে সুৰক্ষা বাহিনীৰ কোনো ক্ষতি হোৱা নাই। এই মাহত এতিয়ালৈকে ৰাজ্যখনত বিভিন্ন সংঘৰ্ষত ২৬ জন মাওবাদী নিহত হৈছে।

নৃশংস হত্যাকাণ্ড ; বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত ৰসগোল্লা নিদিয়াৰ বাবেই যুৱকক ছুৰিকাঘাট

ছত্তীশগড়ৰ দূৰ্গৰ পৰা এক আশ্চৰ্যকৰ ঘটনা পোহৰলৈ আহিছে। বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত ৰসগোল্লা নিদিয়াৰ বাবে এজন যুৱকক ছুৰীকাঘাত কৰি হত্যা কৰা হৈছে।

ঘটনাটো জিলাখনৰ চিৰচা আউটপ’ষ্ট অঞ্চলৰ অন্তৰ্গত জেভাৰা গাঁৱত সংঘটিত হৈছিল। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি দূৰ্গ জিলাৰ জেভাৰা গাঁৱৰ এখন ঘৰত বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল।

সেই অভ্যৰ্থনা অনুষ্ঠানটোত অভিযুক্ত নাবালকজন তেওঁৰ বন্ধুবৰ্গৰ সৈতে উপস্থিত হয়। কিন্তু খাদ্য দিয়াৰ পিছত সাগৰ ঠাকুৰ নামৰ যুৱকজনে নাবালক জনক দিবলৈ পাহৰিলে ।যাৰ বাবে দুয়োৰে মাজত বিবাদৰ সূত্ৰপাত হয়।

পিছত তাত উপস্থিত থকা লোকসকলে দুয়োকে শান্ত কৰাই। অনুষ্ঠানটো শেষ হোৱাৰ পিছত দুয়োৰে ৰাজপথতে আকৌ সেই কথাটোকে লৈ কাজিয়া হয়।

এইবাৰ নাবালকজনে পকেটৰ পৰা এখন ছুৰি উলিয়াই সাগৰ ঠাকুৰৰ পেটত ভৰাই দিয়ে। যুৱকজনত ৰাজপথতে এৰি নাবালকজন পলাই যায়।

আঘাতপ্ৰাপ্ত যুৱক সাগৰক সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। পিছত অভিযুক্ত নাবালকজনে আৰক্ষী চকীলৈ গৈ আত্মসমৰ্পণ কৰে।