নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ ; নিহত ১২ জন মাওবাদী

বৃহস্পতিবাৰে ছত্তীশগড়ৰ বিজাপুৰ জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা ভয়ংকৰ সংঘৰ্ষত কমেও ১২ জন মাওবাদী নিহত হয় বুলি জানিব পৰা গৈছে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে দক্ষিণ বিজাপুৰ বনাঞ্চলত নক্সাল বিৰোধী অভিযানত নিৰাপত্তাৰক্ষীৰ এটা যুটীয়া দল যোৱাৰ সময়তে পুৱা প্ৰায় ৯ বজাত গুলীবৰ্ষণ আৰম্ভ হয়। সেই

বৃহস্পতিবাৰে ছত্তীশগড়ৰ বিজাপুৰ জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা ভয়ংকৰ সংঘৰ্ষত কমেও ১২ জন মাওবাদী নিহত হয় বুলি জানিব পৰা গৈছে।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে দক্ষিণ বিজাপুৰ বনাঞ্চলত নক্সাল বিৰোধী অভিযানত নিৰাপত্তাৰক্ষীৰ এটা যুটীয়া দল যোৱাৰ সময়তে পুৱা প্ৰায় ৯ বজাত গুলীবৰ্ষণ আৰম্ভ হয়।

সেই গুলীবৰ্ষণ সন্ধিয়া লৈকে অব্যাহত থাকে।প্ৰাথমিক তথ্য অনুসৰি, এনকাউণ্টাৰটোত ১২ জন নক্সাল নিহত হৈছিল। অঞ্চলটোত এতিয়াও অনুসন্ধান অভিযান চল আছে।

জানিব পৰা মতে সুৰক্ষা বাহিনীৰ কোনো ক্ষতি হোৱা নাই। এই মাহত এতিয়ালৈকে ৰাজ্যখনত বিভিন্ন সংঘৰ্ষত ২৬ জন মাওবাদী নিহত হৈছে।

শেহতীয়া প্ৰৱন্ধসমূহ