এনকাউন্টাৰত ধৰাশায়ী মষ্ট ৱান্টেড মাওবাদী… সংঘটিত কৰিছিল ২৬টাতকৈ ভয়ংকৰ কূটাঘাত
মষ্ট ৱান্টেড মাওবাদীক এনকাউন্টাৰ
নক্সালবাদৰ বিৰুদ্ধে যুঁজত নিৰাপত্তা বাহিনীয়ে বৃহৎ সফলতা লাভ কৰিছে । মঙলবাৰে পুৱা ছত্তীশগড় আৰু অন্ধ্ৰ প্ৰদেশৰ সীমান্তত সংঘটিত হোৱা এক এনকাউণ্টাৰত নিৰাপত্তা বাহিনীয়ে দেশৰ আটাইতকৈ বিপজ্জনক আৰু মষ্ট ৱান্টেড নক্সাল মাড়ৱী হিড়মাক হত্যা কৰে । যোৱা কিছু বছৰৰ ভিতৰত মাওবাদীৰ বাবে এয়া আটাইতকৈ ডাঙৰ আঘাত আৰু দাবী কৰা হৈছে যে মাড়ৱী হিড়মাৰ মৃত্যুৰ লগে লগে দেশত নক্সালবাদৰো অন্ত পৰিব পাৰে ।
কোন আছিল মাড়ৱী হিড়মা ?
ছত্তীশগড়ৰ ছুকমা জিলাত জন্মগ্ৰহণ কৰা মাড়ৱী হিড়মাই ১৬ বছৰ বয়সতে অস্ত্ৰ হাতত তুলি লৈছিল । কেডাৰ হিচাপে আৰম্ভ কৰি বিগত দুটা দশকত নিষিদ্ধ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাওবাদী)ৰ ভিতৰত কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল । কেইবাটাও বৃহৎ আক্ৰমণৰ মাষ্টাৰমাইণ্ড হিড়মাৰ মূৰৰ দাম আছিল ১ কোটি টকা ।
মাড়ৱী হিড়মা আছিল চিপিআই-মাওবাদী গোটৰ বেটেলিয়ন নম্বৰ একৰ অধিনায়ক, যিটোক আটাইতকৈ বিপজ্জনক নক্সালী ইউনিট বুলি গণ্য কৰা হয় । মষ্ট ৱান্টেড হিড়মাই দণ্ডকাৰণ্য অঞ্চলৰ ঘন অৰণ্যত বাস কৰিছিল আৰু আবুঝমদ আৰু ছুকমা-বিজাপুৰ বনাঞ্চলৰ বিষয়ে বিস্তৃত জ্ঞান আছিল । এই কাৰণেই অসংখ্য চেষ্টাৰ পিছতো হিড়মা নিৰাপত্তা বাহিনীৰ জালত পৰা নাছিল । বৰ্তমান বাস্তাৰ দক্ষিণ অঞ্চলত হিড়মা সক্ৰিয় হৈ আছিল ।
কেইবাটাও বৃহৎ আক্ৰমণৰ আছিল মাষ্টাৰমাইণ্ড-
শেহতীয়া বছৰবোৰত সংঘটিত হোৱা প্ৰায়বোৰ বৃহৎ নক্সাল আক্ৰমণত মষ্ট ৱান্টেড হিড়মা জড়িত আছিল । ২০১০ চনত দন্তেৱাড়াত চি আৰ পি এফত ৭৬ জন চি আৰ পি এফ জোৱানৰ প্ৰাণ কাঢ়ি লোৱা হৈছিল, দৰভা উপত্যকাত সংঘটিত ঝিৰাম ঘাটি আক্ৰমণত ছত্তীশগড়ৰ সমগ্ৰ কংগ্ৰেছ নেতৃত্ব নিঃশেষ হৈ গৈছিল । ২০১৭ চনত চুকমাত সংঘটিত হোৱা দুটা আক্ৰমণত ৩৭ জন জোৱানৰ মৃত্যু হোৱা আৰু ২০২১ চনত বিজাপুৰত হোৱা টাৰেম আক্ৰমণতো মাড়ৱী হিড়মাৰ নাম উন্মোচিত হৈছিল । নিৰাপত্তা বাহিনীয়ে দাবী কৰিছে যে ২০২৫ চনৰ এপ্ৰিল মাহত কাৰেগুটা পাহাৰত হোৱা এনকাউণ্টাৰত হিড়মাই কোনোমতে ৰক্ষা পৰিছিল, য’ত ৩১ মাওবাদী নিহত হৈছিল ।
বাস্তাৰ ৰেঞ্জৰ আই জি পিয়ে উল্লেখ কৰে যে মষ্ট ৱান্টেড মাড়ৱী হিড়মাৰ মৃত্যু নক্সালবাদৰ বাবে এক ডাঙৰ আঘাত । তেওঁ উল্লেখ কৰে যে শেহতীয়াকৈ বহু কুখ্যাত মাওবাদীক হত্যা কৰা হৈছে আৰু বহুতেই মূলসুঁতিলৈ ঘূৰি আহিছে । তেওঁ লগতে কয় যে বাকী থকা নক্সালক এতিয়া আত্মসমৰ্পণৰ আহ্বান জনোৱা হ’ব আৰু যিসকলে হিংসাৰ আশ্ৰয় অব্যাহত ৰাখিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
তেওঁ উল্লেখ কৰে যে হিড়মাৰ মৃত্যুৰ ফলত বাস্তাৰ অঞ্চলত মাওবাদী কাৰ্যকলাপ ৰোধ হ’ব । চৰকাৰে ২০২৬ চনৰ ভিতৰত দেশৰ পৰা নক্সালবাদ নিৰ্মূল কৰাৰ লক্ষ্য স্থিৰ কৰিছে আৰু সেই লক্ষ্যত উপনীত হোৱাৰ দিশত মাড়ৱী হিড়মাৰ মৃত্যুক এক বৃহৎ পদক্ষেপ বুলি বিবেচিত হৈছে । দাবী কৰা হৈছে যে হিড়মাৰ মৃত্যুৰ লগে লগে দেশত নক্সালবাদৰ ধ্বংস আৰম্ভ হৈছে ।
লগতে পঢ়ক : দিল্লী বিস্ফোৰণৰ গোচৰত আন এক সফলতা; শ্ৰীনগৰত গ্ৰেপ্তাৰ ওমৰৰ সহযোগী