কিকু শাৰদা

 কৃষ্ণ অভিষেকৰ সৈতে সংঘাত কিকু শাৰদাৰ! এৰিব নেকি ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’?

কৃষ্ণ অভিষেকৰ সৈতে সংঘাত কিকু শাৰদাৰ অভিনেতা তথা কমেডিয়ান কিকু শাৰদা কমিক টাইমিঙৰ বাবে পৰিচিত।তেওঁ দীৰ্ঘদিন ধৰি কপিল শৰ্মা শ্ব’ৰ অংশ হিচাপে কাম কৰি আহিছে। শেহতীয়াকৈ খবৰ আহিছিল যে কমেডিয়ান কিকু শাৰদাই ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’’ৰ পৰা আঁতৰি গৈছে কাৰণ তেওঁ নতুন ৰিয়েলিটি শ্ব’

কৃষ্ণ অভিষেকৰ সৈতে সংঘাত কিকু শাৰদাৰ

অভিনেতা তথা কমেডিয়ান কিকু শাৰদা কমিক টাইমিঙৰ বাবে পৰিচিত।তেওঁ দীৰ্ঘদিন ধৰি কপিল শৰ্মা শ্ব’ৰ অংশ হিচাপে কাম কৰি আহিছে।

শেহতীয়াকৈ খবৰ আহিছিল যে কমেডিয়ান কিকু শাৰদাই ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’’ৰ পৰা আঁতৰি গৈছে কাৰণ তেওঁ নতুন ৰিয়েলিটি শ্ব’ ‘ৰাইজ এণ্ড ফ’ল’ত অংশগ্ৰহণ কৰিবলৈ ওলাইছে।

সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত কপিল শৰ্মাৰ শ্ব’ত কৃষ্ণ অভিষেক আৰু কিকুৰ মাজত কাজিয়া হোৱা দেখিবলৈ পোৱা গৈছে। তাৰ পিছতেই এতিয়া কিকুৱে কপিলৰ লগত কাম নকৰে বুলি খবৰ ওলাইছিল।

কিন্তু এতিয়া কিকুৱে নিজেই এনে উৰাবাতৰিৰ অন্ত পেলাই স্পষ্ট কৰি দিছে যে তেওঁ এতিয়াও ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ৰ অংশ।কোৱা হৈছিল যে কিকুৱে পুৰণি শ্ব’টো এৰি নতুন শ্ব’লৈ যাবলৈ ওলাইছে।

ইয়াৰ সমান্তৰালকৈ তেওঁ কৈছিল যে ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ত কৃষ্ণ অভিষেকৰ সৈতে তেওঁৰ কাজিয়া হোৱাৰো যি খবৰ ওলাইছে এই সকলোবোৰ উৰাবাতৰি।

লগতে পঢ়ক: একো ভূল নাই…; জলী এল এল বি ৩ক গ্ৰীণ চিগনেল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ