কপিল শৰ্মাৰ কেফেত গুলীচালনাৰ মূল ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ…

কপিল শৰ্মাৰ কেফেত গুলীচালনাৰ মূল ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ…

কানাডাৰ কপিল শৰ্মাৰ কে এ পিৰ কেফেত গুলীচালনাৰ ষড়যন্ত্ৰৰ সৈতে জড়িত গুলীচালনাকাৰী বন্ধু মান সিঙক দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে ।

এই মাষ্টাৰমাইণ্ডৰ সম্পৰ্ক গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ সৈতে আছে আৰু এই ঘটনাৰ পিছত তেওঁ ভাৰতলৈ উভতি আহিছিল।লৰেন্স বিষ্ণোই গেঙৰ মষ্ট ৱান্টেড গেংষ্টাৰ গোল্ডি ডিলনৰ সৈতেও চেখনৰ সম্পৰ্ক আছিল।

দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ এই গ্ৰেপ্তাৰক এক ডাঙৰ কৃতিত্ব বুলি বিবেচিত হৈছে।এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে দিল্লী ক্ৰাইম ব্ৰাঞ্চে।

গ্ৰেপ্তাৰ কৰা অভিযুক্ত বন্ধু মান সিং কানাডাৰ কে এ পি কেফেত সংঘটিত হোৱা ঘটনাৰ অভিযুক্ত বুলি জানিব পৰা গৈছে।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে এই ব্যক্তিজনে কেফেখনত গুলীচালনাৰ ষড়যন্ত্ৰ সম্পন্ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

তদন্তত জানিব পৰা গৈছে যে মান সিং দীৰ্ঘদিন ধৰি গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ সংস্পৰ্শত আছিল আৰু তেওঁৰ নিৰ্দেশত কানাডাত এই গুলীচালনাৰ কাণ্ড সংঘটিত হৈছিল।

লগতে পঢ়ক: কিয়াৰা-সিদ্ধাৰ্থই প্ৰকাশ কৰিলে কন্যাৰ নাম; শ্বেয়াৰ কৰিলে প্ৰথমখন ফটো

 কৃষ্ণ অভিষেকৰ সৈতে সংঘাত কিকু শাৰদাৰ! এৰিব নেকি ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’?

কৃষ্ণ অভিষেকৰ সৈতে সংঘাত কিকু শাৰদাৰ

অভিনেতা তথা কমেডিয়ান কিকু শাৰদা কমিক টাইমিঙৰ বাবে পৰিচিত।তেওঁ দীৰ্ঘদিন ধৰি কপিল শৰ্মা শ্ব’ৰ অংশ হিচাপে কাম কৰি আহিছে।

শেহতীয়াকৈ খবৰ আহিছিল যে কমেডিয়ান কিকু শাৰদাই ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’’ৰ পৰা আঁতৰি গৈছে কাৰণ তেওঁ নতুন ৰিয়েলিটি শ্ব’ ‘ৰাইজ এণ্ড ফ’ল’ত অংশগ্ৰহণ কৰিবলৈ ওলাইছে।

সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত কপিল শৰ্মাৰ শ্ব’ত কৃষ্ণ অভিষেক আৰু কিকুৰ মাজত কাজিয়া হোৱা দেখিবলৈ পোৱা গৈছে। তাৰ পিছতেই এতিয়া কিকুৱে কপিলৰ লগত কাম নকৰে বুলি খবৰ ওলাইছিল।

কিন্তু এতিয়া কিকুৱে নিজেই এনে উৰাবাতৰিৰ অন্ত পেলাই স্পষ্ট কৰি দিছে যে তেওঁ এতিয়াও ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ৰ অংশ।কোৱা হৈছিল যে কিকুৱে পুৰণি শ্ব’টো এৰি নতুন শ্ব’লৈ যাবলৈ ওলাইছে।

ইয়াৰ সমান্তৰালকৈ তেওঁ কৈছিল যে ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ত কৃষ্ণ অভিষেকৰ সৈতে তেওঁৰ কাজিয়া হোৱাৰো যি খবৰ ওলাইছে এই সকলোবোৰ উৰাবাতৰি।

লগতে পঢ়ক: একো ভূল নাই…; জলী এল এল বি ৩ক গ্ৰীণ চিগনেল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

‘ছলমানৰ লগত যিয়ে কাম কৰিব তেওঁ মৰিব…’; কপিল শৰ্মাক ভাবুকি লৰেন্স গেঙৰ

কপিল শৰ্মাক ভাবুকি লৰেন্স গেঙৰ

কমেডিয়ান কপিল শৰ্মাৰ কানাডাস্থিত ৰেষ্টুৰেণ্ট কেপছ কেফেত পুনৰ গুলীচালনা কৰা হৈছে।এতিয়া এই বিষয়ত এটা ডাঙৰ আপডেট আহিছে।

জানিব পৰা মতে, কেপছ কেফেত গেংষ্টাৰ লৰেন্স বিষ্ণই গেঙে গুলীচালনা কৰিছে।ছলমান খানৰ ঘনিষ্ঠ হোৱাটোৱেই কপিল শৰ্মাৰ জীৱনলৈ ভাবুকি হৈ পৰিছে।

লৰেন্স গ্ৰুপৰ গেংষ্টাৰ হেৰী বক্সাৰৰ এটা অডিঅ’ পোহৰলৈ আহিছে।য’ত দাবী কৰা হৈছে যে কমেডিয়ানগৰাকীয়ে নেটফ্লিক্সৰ শ্ব’ ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ৰ ছিজন ২ৰ প্ৰথম খণ্ডত ছলমানক আমন্ত্ৰণ জনাইছিল।

কপিলে নিজৰ শ্ব’ত অতিথি হিচাপে ছলমান খানক নিমন্ত্ৰণ কৰাত অসন্তুষ্ট বিষ্ণুই গেং।ইয়াৰ প্ৰতিশোধ ল’বলৈ কপিলৰ কেফেত গুলীচালনা কৰে। অডিঅ’টোত ভাবুকি দিছে যে – ‘যিয়ে ছলমানৰ সৈতে কাম কৰিব তেওঁ মৰিব।’

অডিঅ’টোত হেৰী বক্সাৰে সমগ্ৰ উদ্যোগটোক ভাবুকি দি কয় -“কপিল শৰ্মাৰ ৰেষ্টুৰেণ্টত দুবাৰকৈ এই কাৰণেই গুলীচালনা কৰা হৈছিল কিয়নো কপিল শৰ্মাই  ছলমান খানক তেওঁৰ শ্ব’ৰ উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছিল”।

“অহাবাৰ যিজন পৰিচালক, প্ৰযোজক, শিল্পী নহওক, আমি কাকো সতৰ্কবাণী নিদিওঁ।গুলীটো পোনে পোনে বুকুত নিক্ষেপ কৰা হ’ব”।

“সকলো শিল্পী আৰু প্ৰযোজকলৈ সতৰ্কবাণী।আমি মুম্বাইৰ পৰিৱেশ ইমানেই নষ্ট কৰিম যে আপোনালোকে কল্পনাও কৰিব নোৱাৰিব।”

”যদি কোনোবাই ছলমানৰ লগত কাম কৰে, সৰু অভিনেতা বা পৰিচালক যিয়েই নহওক, আমি কাকো ৰেহাই নিদিওঁ, আমি তেওঁক হত্যা কৰিম।হত্যা কৰিবৰ বাবে যিকোনো পৰিসৰলৈ গৈ হত্যা কৰিম। যদি কোনোবাই ছলমান খানৰ সৈতে কাম কৰে তেন্তে তেওঁৰ মৃত্যুৰ বাবে তেওঁ নিজেই দায়ী হ’ব।”

কপিলক দিয়া এই ভাবুকি দিয়াৰ পিছত উদ্যোগটোত শংকিত পৰিবেশে বিৰাজ কৰিছে। লৰেন্স বিষ্ণোই আৰু ছলমানৰ শত্ৰুতা বছৰ বছৰ পুৰণি।হৰিণ হত্যা কৰাৰ পিছৰে পৰাই ছলমান খানক লক্ষ্য কৰি লৈছিল বিষ্ণোই গেঙে।

অভিনেতা গৰাকীৰ ঘৰলৈ লক্ষ্য কৰি গুলিচালনাও কৰিছিল।ইমানবোৰ আক্ৰমণৰ চেষ্টাৰ পিছত ছলমানৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে।লৰেন্সে দাবী কৰে যে ছলমানে এই কাণ্ডৰ বাবে ক্ষমা বিচাৰিব লাগে।

লগতে পঢ়ক: কানাডাস্থিত কপিল শৰ্মাৰ কেফেত পুনৰ গুলীচালনা; এইজন গেংষ্টাৰে ল’লে দায়িত্ব

কানাডাস্থিত কপিল শৰ্মাৰ কেফেত পুনৰ গুলীচালনা; এইজন গেংষ্টাৰে ল’লে দায়িত্ব

কানাডাস্থিত কপিল শৰ্মাৰ কেফেত পুনৰ গুলীচালনা

কানাডাৰ ছাৰে চহৰত অৱস্থিত বিখ্যাত কমেডিয়ান কপিল শৰ্মাৰ কেফেত পুনবাৰ গুলিচানলাৰ ঘটনা সংঘটিত হৈছে।দ্বিতীয়বাৰৰ বাবে তেওঁৰ কেফেক লক্ষ্য কৰি লোৱা হৈছে।

এই গুলিচানলাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, য’ত গাড়ীত বহি থকা একাংশ লোকে কেফেখনলৈ লক্ষ্য কৰি গুলীচালনা কৰা দেখা গৈছে।

ইফালে এই গুলীচালনাৰ দায়িত্ব লৈছে গোল্ডি ধিলন নামৰ এজন গেংষ্টাৰে।ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে তেওঁ দাবী কৰে যে তেওঁৰ দলটোৱে এই আক্ৰমণ সংঘটিত কৰিছে।

অৱশ্যে এই গুলীচালনাৰ ফলত কোনো লোক হতাহত হোৱা নাই। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, গোল্ডি ধিলনে নিজকে লৰেন্স বিষ্ণই গেঙৰ সৈতে জড়িত বুলি দাবী কৰে।

গোল্ডিয়ে সামাজিক মাধ্যমত এটা পোষ্টত লিখিছে যে, ‘সকলো ভাতৃকে ৰাম ৰাম…আজি কপিল শৰ্মাৰ কেফেত যি গুলীচালনাৰ ঘটনা সংঘটিত হ’ল গোল্ডি ডিলন আৰু লৰেন্স বিষ্ণয় গেঙে ইয়াৰ দায়িত্ব লৈছে।’

ইয়াৰ পূৰ্বেও যোৱা মাহৰ ১০ জুলাইত কপিল শৰ্মাৰ কাপ’ছ কেফেত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। এখন গাড়ীত আহি আক্ৰমণকাৰীয়ে ১০ৰ পৰা ১২ ৰাউণ্ড গুলী চলায়।

অৱশ্যে এই গুলিচালনাৰ সন্দৰ্ভত কমেডিয়ান গৰাকীয়ে বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

লগতে পঢ়ক: উত্তৰকাশীত ধ্বংসলীলা; উৰ্বশী ৰাউটেলা আৰু চাৰা আলী খানে কৰিলে প্ৰাৰ্থনা

‘কেপছ কেফে’ত গুলীচালনাৰ ফলত হাহাকাৰ; ঘটনাক লৈ কপিল শৰ্মাৰ প্ৰতিক্ৰিয়া

গুলীচালনাৰ ঘটনাক লৈ কপিল শৰ্মাৰ প্ৰতিক্ৰিয়া

ষ্টেণ্ডাপ কমেডিয়ান কপিল শৰ্মাই পত্নী গিন্নী চত্ৰথৰ সৈতে কানাডাত ৭ জুলাই তাৰিখে মুকলি কৰিছিল ‘কেপছ কেফে’।

কিন্তু বৃহস্পতিবাৰে কমেডিয়ানগৰাকীৰ কেফেত গুলীচালনাৰ ঘটনা সংঘটিত হয়।এই খবৰটোৱে সকলোকে আচৰিত কৰিছে।

খালিস্তানী সন্ত্ৰাসবাদী হাৰ্জিত সিং লাদীয়ে এই গুলীচালনাৰ দায়িত্ব গ্ৰহণ কৰিছে। অৱশ্যে এই গুলীচালনাৰ ফলত কোনো লোক আহত হোৱা নাই। এতিয়া এই সমগ্ৰ ঘটনাক লৈ কপিলৰ দলটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কেপছ কেফেৰ দলটোৱে সামাজিক মাধ্যমত লিখিছে যে- আমি এই আশাৰে আমাৰ সমাজৰ মাজত এই কেফেখন খুলিছিলোঁ যে গ্ৰাহকসকলে একাপ সুন্দৰ কফিৰ সৈতে আড্ডা মাৰিব পাৰে।

আমাৰ এই সপোনত হিংসাৰ আক্ৰমণ হৃদয় বিদাৰক।আমি এই ঘটনাৰ পৰা আৰোগ্য লাভ কৰিবলৈ চেষ্টা কৰিছো।কিন্তু আমি হাৰ মানি নলও। আপোনালোক সকলোৰে সহযোগ আৰু আশীৰ্বাদৰ বাবে ধন্যবাদ।

আপোনালোকৰ আস্থাৰ বাবেই এই কেফেখনৰ অস্তিত্ব আছে।আহক আমি একত্ৰিত হৈ হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ কৰো।

আহক আমি নিশ্চিত কৰোঁ যে কেপছ কেফে শান্তি আৰু সম্প্ৰদায়ৰ স্থানত পৰিণত হয়।পোষ্টটোত লিখা আছে যে কেপছ কেফে অতি সোনকালে ঘূৰি আহিব।

গুলীচালনাৰ সন্দৰ্ভত কানাডাৰ আৰক্ষীয়ে কৈছে যে, ১০ জুলাইৰ দুপৰিয়া প্ৰায় ১.৩০ বজাত ১২০ নং ষ্ট্ৰীটৰ ৮৪০০ ব্লকত থকা কেফেখনত গুলীচালনাৰ খবৰ লাভ কৰে আৰক্ষীয়ে।ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক: কানাডাৰ কপিল শৰ্মাৰ কেফেত গুলীচালনা; খালিস্তানী সন্ত্ৰাসবাদীয়ে ললে দায়িত্ব

কানাডাৰ কপিল শৰ্মাৰ কেফেত গুলীচালনা; খালিস্তানী সন্ত্ৰাসবাদীয়ে ললে দায়িত্ব

কানাডাৰ কপিল শৰ্মাৰ কেফেত গুলীচালনা

কমেডিয়ান কপিল শৰ্মাৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ আহিছে।২ বছৰীয়া কষ্টৰ অন্তত কপিল শৰ্মাই পত্নী গিন্নী চত্ৰথৰ সৈতে কানাডাত ব্যৱসায় আৰম্ভ কৰিছিল।

দুয়োজনে কানাডাত এখন কেফে খুলিলে, যাৰ নাম ৰখা হ’ল ‘কেপছ কেফে’। কপিল আৰু গিন্নী দুয়োজনেই অতি সুখী আছিল, কাৰণ ৰেষ্টুৰেণ্টখনৰ কফি আৰু খাদ্য খাবলৈ ভিৰ কৰিছিল বিপুল জনসমাগম।

এতিয়া খবৰ আহিছে যে কেফে খোলাৰ মাত্ৰ কেইদিনমান পিছতে তাত গুলীচালনা হৈছে। কানাডাত কপিলৰ কেফে যিটো অট্টালিকাত অৱস্থিত, সেই অট্টালিকাটোত কেইবাটাও ৰাউণ্ডৰ গুলীচালনা কৰা হৈছে।

দুৰ্বৃত্তই এখন গাড়ীত আহি গুলীচালনা কৰি তাৰ পৰা পলায়ন কৰে ।অৱশ্যে এই সমগ্ৰ ঘটনাত কোনো লোক আহত হোৱা নাই।

এই গুলীচালনাৰ দায়িত্ব লৈছে সন্ত্ৰাসবাদী হৰজিৎ সিং লাড্ডীয়ে।লাডী ভাৰতৰ NIA ৰ ম’ষ্ট ৱান্টেড  সন্ত্ৰাসবাদী আৰু বি কে আই (বাব্বৰ খালছা ইণ্টাৰনেশ্যনেল)ৰ সৈতে জড়িত।

লাডীয়ে কপিল শৰ্মাৰ কিছু পুৰণি বক্তব্যৰ বাবেই এই আক্ৰমণ সংঘটিত হোৱা বুলি কৈছে।ঘটনাস্থলীত আৰক্ষী আৰু ফৰেনছিক দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। এই সন্দৰ্ভত কপিল বা গিন্নীয়ে কোনো বিবৃতি প্ৰকাশ কৰা নাই।

লগতে পঢ়ক: ৫৯ বছৰ বয়সত বিবাহপাশত আবদ্ধ হ’ব ছলমান খান! বিশেষ পোষ্টৰে দিলে ইংগিত

‘যদি ৮ ঘণ্টাৰ ভিতৰত…’কপিল শৰ্মাৰ লগতে কেইবাজনো চেলিব্ৰিটিয়ে ই-মেইলত লাভ কৰিলে মৃত্যুৰ ভাবুকি !

কমেডিয়ান কপিল শৰ্মাৰ লগতে বলিউডৰ কেইবাজনো চেলিব্ৰিটিয়ে ই-মেইল যোগে মৃত্যুৰ ভাবুকি লাভ কৰিছে বুলি বাতৰিত প্ৰকাশ পাইছে । কপিলৰ পূৰ্বে অভিনেতা ৰাজপাল যাদৱ, নৃত্য পৰিচালক ৰেমো ডিছ”জা আৰু কমেডিয়ান সুগন্ধা মিশ্ৰও এনে ভাবুকিপূৰ্ণ ই-মেইল লাভ কৰিছিল ।

মৃত্যুৰ ভাবুকি লাভ কৰিছS কপিলে-

কপিল শৰ্মালৈ ভাবুকিপূৰ্ণ ই-মেইল প্ৰেৰণ কৰা ব্যক্তিজনে কমেডিয়ানগৰাকীৰ লগতে তেওঁৰ আত্মীয়, পৰিয়ালৰ সদস্য, চিনাকি, সহকৰ্মী আৰু ওচৰ-চুবুৰীয়াকো হত্যা কৰাৰ ভাবুকি দিছে । মুম্বাইৰ আম্বোলি আৰক্ষীয়ে ৩৫১(৩) ধাৰাত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে । গোচৰ ৰুজু হোৱাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কপিল বা তেওঁৰ পৰিয়ালে কোনো বিবৃতি প্ৰকাশ কৰা নাই । দুয়োটা খবৰ নিশ্চিত হোৱা নাই । মাত্ৰ কোৱা হৈছে যে ই-মেইলৰ আই পি ঠিকনা পাকিস্তানৰ ।

বহু চেলিব্ৰিটিয়ে লাভ কৰিছে ভাবুকি !

কপিল শৰ্মাৰ পূৰ্বে ৰাজপাল যাদৱ, ৰেমো ডিছ’জা আৰু সুগন্ধা মিশ্ৰও মৃত্যুৰ ভাবুকি লাভ কৰিছে । এই ই-মেইল পঠোৱা ব্যক্তিজনৰ নাম বিষ্ণু বুলি কোৱা হৈছে । ইতিমধ্যে ঘটনাক লৈ তদন্তত ব্যস্ত হৈ পৰিছে মুম্বাই আৰক্ষী । ই-মেইলত ভাবুকি দিয়া হৈছে যে আমি এই সকলোবোৰ পাব্লিচিটি ষ্টাণ্টৰ বাবে কৰা নাই । আপোনাৰ সকলো কাম-কাজৰ বিষয়ে আমাৰ হাতত তথ্য আছে । অহা ৮ ঘণ্টাৰ ভিতৰত আপোনালোকৰ পৰা তৎকালীন সঁহাৰি আমি আশা কৰিছো । যদি আমি কোনো উত্তৰ নাপাওঁ তেন্তে আমি ধৰি লম যে আপুনি এই বিষয়টো গুৰুত্বসহকাৰে লোৱা নাই- বিষ্ণু । উল্লেখ্য যে তিনিওজন চেলিব্ৰিটিয়ে বিভিন্ন সময়ত ভাবুকিপূৰ্ণ ই-মেইল লাভ কৰিছে ।

চেলিব্ৰিটিসকলে ভাবুকিপূৰ্ণ ই-মেইল লাভ কৰাৰ ঘটনা এয়াই প্ৰথম নহয় । যোৱা বছৰ ছলমান খান আৰু এ পি ধিলনেও ভাবুকিপূৰ্ণ ই-মেইল লাভ কৰিছিল । ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ দায়িত্ব লৈছিল গেংষ্টাৰ লৰেন্স বিষ্ণোইয়ে । অৱশ্যে পিছত ছলমানে নিৰাপত্তা লাভ কৰাৰ লগতে বুলেট প্ৰুফ গাড়ীও কিনি লয় । ছলমানে ঘৰৰ বেলকনিও সুৰক্ষিত কৰে ।