কপিল শৰ্মা

‘ছলমানৰ লগত যিয়ে কাম কৰিব তেওঁ মৰিব…’; কপিল শৰ্মাক ভাবুকি লৰেন্স গেঙৰ

কপিল শৰ্মাক ভাবুকি লৰেন্স গেঙৰ কমেডিয়ান কপিল শৰ্মাৰ কানাডাস্থিত ৰেষ্টুৰেণ্ট কেপছ কেফেত পুনৰ গুলীচালনা কৰা হৈছে।এতিয়া এই বিষয়ত এটা ডাঙৰ আপডেট আহিছে। জানিব পৰা মতে, কেপছ কেফেত গেংষ্টাৰ লৰেন্স বিষ্ণই গেঙে গুলীচালনা কৰিছে।ছলমান খানৰ ঘনিষ্ঠ হোৱাটোৱেই কপিল শৰ্মাৰ জীৱনলৈ ভাবুকি হৈ পৰিছে। লৰেন্স গ্ৰুপৰ গেংষ্টাৰ

কপিল শৰ্মাক ভাবুকি লৰেন্স গেঙৰ

কমেডিয়ান কপিল শৰ্মাৰ কানাডাস্থিত ৰেষ্টুৰেণ্ট কেপছ কেফেত পুনৰ গুলীচালনা কৰা হৈছে।এতিয়া এই বিষয়ত এটা ডাঙৰ আপডেট আহিছে।

জানিব পৰা মতে, কেপছ কেফেত গেংষ্টাৰ লৰেন্স বিষ্ণই গেঙে গুলীচালনা কৰিছে।ছলমান খানৰ ঘনিষ্ঠ হোৱাটোৱেই কপিল শৰ্মাৰ জীৱনলৈ ভাবুকি হৈ পৰিছে।

লৰেন্স গ্ৰুপৰ গেংষ্টাৰ হেৰী বক্সাৰৰ এটা অডিঅ’ পোহৰলৈ আহিছে।য’ত দাবী কৰা হৈছে যে কমেডিয়ানগৰাকীয়ে নেটফ্লিক্সৰ শ্ব’ ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ৰ ছিজন ২ৰ প্ৰথম খণ্ডত ছলমানক আমন্ত্ৰণ জনাইছিল।

কপিলে নিজৰ শ্ব’ত অতিথি হিচাপে ছলমান খানক নিমন্ত্ৰণ কৰাত অসন্তুষ্ট বিষ্ণুই গেং।ইয়াৰ প্ৰতিশোধ ল’বলৈ কপিলৰ কেফেত গুলীচালনা কৰে। অডিঅ’টোত ভাবুকি দিছে যে – ‘যিয়ে ছলমানৰ সৈতে কাম কৰিব তেওঁ মৰিব।’

অডিঅ’টোত হেৰী বক্সাৰে সমগ্ৰ উদ্যোগটোক ভাবুকি দি কয় -“কপিল শৰ্মাৰ ৰেষ্টুৰেণ্টত দুবাৰকৈ এই কাৰণেই গুলীচালনা কৰা হৈছিল কিয়নো কপিল শৰ্মাই  ছলমান খানক তেওঁৰ শ্ব’ৰ উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছিল”।

“অহাবাৰ যিজন পৰিচালক, প্ৰযোজক, শিল্পী নহওক, আমি কাকো সতৰ্কবাণী নিদিওঁ।গুলীটো পোনে পোনে বুকুত নিক্ষেপ কৰা হ’ব”।

“সকলো শিল্পী আৰু প্ৰযোজকলৈ সতৰ্কবাণী।আমি মুম্বাইৰ পৰিৱেশ ইমানেই নষ্ট কৰিম যে আপোনালোকে কল্পনাও কৰিব নোৱাৰিব।”

”যদি কোনোবাই ছলমানৰ লগত কাম কৰে, সৰু অভিনেতা বা পৰিচালক যিয়েই নহওক, আমি কাকো ৰেহাই নিদিওঁ, আমি তেওঁক হত্যা কৰিম।হত্যা কৰিবৰ বাবে যিকোনো পৰিসৰলৈ গৈ হত্যা কৰিম। যদি কোনোবাই ছলমান খানৰ সৈতে কাম কৰে তেন্তে তেওঁৰ মৃত্যুৰ বাবে তেওঁ নিজেই দায়ী হ’ব।”

কপিলক দিয়া এই ভাবুকি দিয়াৰ পিছত উদ্যোগটোত শংকিত পৰিবেশে বিৰাজ কৰিছে। লৰেন্স বিষ্ণোই আৰু ছলমানৰ শত্ৰুতা বছৰ বছৰ পুৰণি।হৰিণ হত্যা কৰাৰ পিছৰে পৰাই ছলমান খানক লক্ষ্য কৰি লৈছিল বিষ্ণোই গেঙে।

অভিনেতা গৰাকীৰ ঘৰলৈ লক্ষ্য কৰি গুলিচালনাও কৰিছিল।ইমানবোৰ আক্ৰমণৰ চেষ্টাৰ পিছত ছলমানৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে।লৰেন্সে দাবী কৰে যে ছলমানে এই কাণ্ডৰ বাবে ক্ষমা বিচাৰিব লাগে।

লগতে পঢ়ক: কানাডাস্থিত কপিল শৰ্মাৰ কেফেত পুনৰ গুলীচালনা; এইজন গেংষ্টাৰে ল’লে দায়িত্ব