২০২৬ৰ ভিতৰত নক্সালবাদ নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি অমিত শ্বাহৰ, ক’লে- কোনো ভাৰতীয়ই প্ৰাণ হেৰুৱাব নালাগে

২০২৬ৰ ভিতৰত নক্সালবাদ নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি অমিত শ্বাহৰ, ক’লে- কোনো ভাৰতীয়ই প্ৰাণ হেৰুৱাব নালাগে

দেশত বৃদ্ধি পোৱা নক্সালবাদ সন্দৰ্ভত দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এক বিবৃতি প্ৰকাশ পাইছে । তেওঁ কয় যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল হ’ব । তাৰ পিছত ইয়াৰ বাবে দেশৰ কোনো নাগৰিকেই প্ৰাণ হেৰুৱাব নালাগে । উল্লেখ্য যে ছত্তীশগড়ত নিৰাপত্তা বাহিনীয়ে ৩১

দেশত বৃদ্ধি পোৱা নক্সালবাদ সন্দৰ্ভত দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এক বিবৃতি প্ৰকাশ পাইছে । তেওঁ কয় যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল হ’ব । তাৰ পিছত ইয়াৰ বাবে দেশৰ কোনো নাগৰিকেই প্ৰাণ হেৰুৱাব নালাগে । উল্লেখ্য যে ছত্তীশগড়ত নিৰাপত্তা বাহিনীয়ে ৩১ নক্সালবাদীক হত্যা কৰাৰ পিছত এই মন্তব্য কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে ।

অমিত শ্বাহে ল’লে এই সংকল্প-

অমিত শ্বাহে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে যে মই মোৰ সংকল্প দোহাৰিছো যে ২০২৬ চনৰ ৩১ মাৰ্চৰ পূৰ্বে আমি নক্সালবাদক দেশৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিম যাতে দেশৰ কোনো নাগৰিকে ইয়াৰ বাবে নিজৰ প্ৰাণ হেৰুৱাব নালাগে ।

ভাৰত নক্সাল মুক্ত হ’ব-

গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ভাৰতক নক্সাল মুক্ত কৰাৰ দিশত ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তা বাহিনীয়ে ডাঙৰ সফলতা লাভ কৰিছে । তেওঁ কয় যে এই অভিযানত ৩১ নক্সালবাদী নিহত হোৱাৰ লগতে বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ কৰা হৈছে ।

জোৱানৰ শ্বহীদ সন্দৰ্ভতো কয় শ্বাহে-

অমিত শ্বাহে আৰু কয় যে নিৰাপত্তা বাহিনীয়েও মানৱবিৰোধী নক্সালবাদ নিৰ্মূল কৰাৰ প্ৰয়াসত তেওঁলোকৰ দুজন বীৰ জোৱানক হেৰুৱাইছে আৰু এই বীৰসকলৰ ওচৰত দেশ সদায় ঋণী হৈ থাকিব । লগতে তেওঁ কয় যে শ্বহীদ জোৱানসকলৰ পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো ।

শেহতীয়া প্ৰৱন্ধসমূহ