নতুন আশা-প্ৰত্যাশাৰে দেশবাসীয়ে আদৰিলে নৱবৰ্ষক, প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা...

নতুন আশা-প্ৰত্যাশাৰে দেশবাসীয়ে আদৰিলে নৱবৰ্ষক, প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা…

আজি নৱবৰ্ষ ২০২৫ৰ প্ৰথমটো দিন । পুৰণিক বিদায় দি সকলোৱে আদৰিছে নতুন বৰ্ষটোক । সমগ্ৰ বিশ্বৰ লগতে ভাৰততো আনন্দ-উলাহেৰে সকলোৱে নৱবৰ্ষক আদৰণি জনাইছে । পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সময় জ’নৰ বাবে, প্ৰতিখন দেশৰ নতুন বছৰ বেলেগ বেলেগ সময়ত আৰম্ভ হয় । নৱবৰ্ষ প্ৰথমে কিৰিটমতী দ্বীপত

আজি নৱবৰ্ষ ২০২৫ৰ প্ৰথমটো দিন । পুৰণিক বিদায় দি সকলোৱে আদৰিছে নতুন বৰ্ষটোক । সমগ্ৰ বিশ্বৰ লগতে ভাৰততো আনন্দ-উলাহেৰে সকলোৱে নৱবৰ্ষক আদৰণি জনাইছে ।

পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সময় জ’নৰ বাবে, প্ৰতিখন দেশৰ নতুন বছৰ বেলেগ বেলেগ সময়ত আৰম্ভ হয় । নৱবৰ্ষ প্ৰথমে কিৰিটমতী দ্বীপত (খ্ৰীষ্টমাছ দ্বীপ) উদযাপন কৰা হয় । বিশ্বৰ ৪১ খন দেশৰ পিছত, ভাৰতেও নৱবৰ্ষ উদযাপন কৰে ।

এয়া উদযাপন কৰাৰ, অতীতক এৰি এক উজ্জ্বল ভৱিষ্যতৰ আশাৰে আগবাঢ়ি যোৱাৰ সময় । সেয়েহে আজিৰ দিনটোতে সকলোৱে নতুন উদ্যমৰে, নতুন পৰিকল্পনাৰে সংকল্প লৈছে আগবাঢ়ি যোৱাৰ । বছৰটো মংগলময় হৈ পৰাৰ কামনাৰে ইজনে সিজনক নৱবৰ্ষৰ শুভেচ্ছাৰে উপচাই পেলোৱা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰীকে ধৰি  দেশৰ ৰাজনৈতিক নেতাসকলেও ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জনাইছে ।

প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা-

নৱবৰ্ষ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত দেশবাসীক শুভেচ্ছা জনাইছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “২০২৫ চনৰ শুভেচ্ছা থাকিল । এই বছৰে সকলোৰে বাবে নতুন সুযোগ, সফলতা আৰু বহু সুখ কঢ়িয়াই আনক । সকলোৱে সুস্বাস্থ্য আৰু সমৃদ্ধিৰ আশীৰ্বাদ লাভ কৰক ।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে শুভেচ্ছা-

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত ৰাইজক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছে । তেওঁ কয়, “২০২৫ বৰ্ষৰ শুভেচ্ছা থাকিল । মা কামাখ্যাই আমাৰ সকলো সাধনাতে আমাক পথ প্ৰদৰ্শন কৰি যাওক ।“

আন এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “জয় শ্ৰী ৰাম ৷ ভগৱান ৰামৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে আপোনাৰ এই নতুন বছৰটো সুখ আৰু সমৃদ্ধিশালী হওক ।“

শেহতীয়া প্ৰৱন্ধসমূহ