নতুন বছৰৰ প্ৰথম দিনাৰ পৰাই কাৰ্যকৰী হৈছে  এই ১০টা পৰিৱৰ্তন ! আপোনাৰ পকেটত পৰিব  ইয়াৰ প্ৰভাৱ

সময়ৰ সোঁতত বিলীন হ’ল ২০২৪ বৰ্ষ । নতুন আশা-প্ৰত্যাশাৰে দেশবাসীয়ে আদৰিলে আন এটা নতুন বছৰ । আজি নতুন বছৰ ২০২৫ৰ প্ৰথমটো দিন । আজিৰ পৰাই দেশত বহুকেইটা ডাঙৰ পৰিৱৰ্তন কাৰ্যকৰী হৈছে । যাৰ প্ৰভাৱ প্ৰতিখন ঘৰতে আৰু প্ৰতিটো পকেটত পৰা দেখা যাব । ইয়াৰে কিছুমান মানুহৰ পকেটত বোজা বুলি প্ৰমাণিত হ’ব, আনহাতে কিছু সকাহ প্ৰদানকাৰী পৰিৱৰ্তন কাৰ্যকৰী হৈছে । এই পৰিৱৰ্তনসমূহৰ ভিতৰত আছে পাকঘৰত ব্যৱহৃত এল পি জি চিলিণ্ডাৰৰ দাম, বেংক একাউণ্ট, ইউ পি আই পেমেণ্ট আৰু ই পি এফ অ’ৰ নিয়ম ।

প্ৰথম পৰিৱৰ্তন – এল পি জিৰ দাম

প্ৰতি মাহৰ প্ৰথম দিনৰ দৰেই ২০২৫ চনৰ ১ জানুৱাৰীত তেল বিপণন কোম্পানীসমূহে পাকঘৰ আৰু বাণিজ্যিক এল পি জি গেছৰ মূল্য সংশোধন কৰি নতুন হাৰ মুকলি কৰিব । শেহতীয়াকৈ কোম্পানীসমূহে ১৯ কেজিৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্যত কেইবাটাও পৰিৱৰ্তন সাধন কৰাৰ বিপৰীতে দেশত দীৰ্ঘদিন ধৰি ১৪ কেজিৰ ৰন্ধন চিলিণ্ডাৰৰ মূল্য সুস্থিৰ হৈ আছে । এনে পৰিস্থিতিত এইবাৰ ৰাইজে ইয়াৰ মূল্যৰ পৰিৱৰ্তন আশা কৰিছে ।

দ্বিতীয় পৰিৱৰ্তন – এ টি এফৰ হাৰ

তেল বিপণন কোম্পানীসমূহে প্ৰতি মাহৰ প্ৰথম দিনাই কেৱল এল পি জিৰ মূল্যই নহয়, বিমান ইন্ধনৰ এয়াৰ টাৰ্বাইন ইন্ধন (এ টি এফ)ৰ মূল্যও সংশোধন কৰে । এনে পৰিস্থিতিত যদি বছৰৰ প্ৰথম দিন অৰ্থাৎ ১ জানুৱাৰীত ইয়াৰ মূল্যৰ পৰিৱৰ্তন হয়, তেন্তে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ বিমান যাত্ৰীসকলৰ পকেটত পৰিব ।

তৃতীয় পৰিৱৰ্তন – ই পি  এফ অ’ৰ নতুন নিয়ম

২০২৫ চনৰ ১ জানুৱাৰীত ই পি এফ অ’ই পেঞ্চনাৰসকলৰ বাবে নতুন নিয়ম কাৰ্যকৰী কৰাৰ বাবে সাজু হৈছে, এই ডাঙৰ পৰিৱৰ্তনৰ অধীনত এতিয়া পেঞ্চনাৰসকলে দেশৰ যিকোনো বেংকৰ পৰা পেঞ্চনৰ ধন উলিয়াব পাৰিব আৰু ইয়াৰ বাবে তেওঁলোকক কোনো অতিৰিক্ত পৰীক্ষণৰ প্ৰয়োজন নাই ৷

চতুৰ্থ পৰিৱৰ্তন- ইউ পি আই ১২৩পে নিয়ম

ফিচাৰ ফোনৰ জৰিয়তে অনলাইন পেমেণ্টৰ সুবিধাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে UPI 123Pay আৰম্ভ কৰিছিল । ইয়াৰ লেনদেনৰ সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে, যিটো ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব । এতিয়া ব্যৱহাৰকাৰীয়ে ১০ হাজাৰ টকা পৰ্যন্ত অনলাইন পেমেণ্ট কৰিব পাৰিব, যিটো মাত্ৰ ৫ হাজাৰ টকা পৰ্যন্ত আছিল ।

পঞ্চম পৰিৱৰ্তন- এই নিয়মটো ষ্টক মাৰ্কেটৰ সৈতে জড়িত

চেন্সেক্স, চেন্সেক্স-৫০ আৰু বেংকেক্সৰ মাহিলী ম্যাদ উকলি যোৱাৰ সময়সীমা সলনি কৰা হৈছে । এতিয়া ই প্ৰতি সপ্তাহত শুকুৰবাৰে নহয়, মঙলবাৰে হ’ব । আনহাতে ত্ৰিমাসিক আৰু ডেৰ বছৰীয়া চুক্তিৰ ম্যাদ শেষ মঙলবাৰে হ’ব । আনহাতে, এন এছ ই সূচকাংকে নিফটি ৫০ মাহিলী চুক্তিৰ বাবে বৃহস্পতিবাৰ নিৰ্ধাৰণ কৰা হৈছে ।

ষষ্ঠ পৰিৱৰ্তন- কৃষকক ঋণ

২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা হ’বলগীয়া পৰৱৰ্তী পৰিৱৰ্তনটো কৃষকৰ সৈতে জড়িত । বছৰৰ প্ৰথম দিনৰ পৰা কৃষকে আৰ বি আইৰ পৰা গেৰান্টি অবিহনে ২ লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব । শেহতীয়াকৈ আৰ বি আইয়ে কৃষকৰ বাবে অসুৰক্ষিত ঋণৰ সীমা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল । যাৰ বাবে এতিয়া তেওঁলোকে ১.৬ লাখ টকাৰ পৰিৱৰ্তে ২ লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব ।

সপ্তম পৰিৱৰ্তন- এই বেংক একাউণ্টবোৰ বন্ধ হৈ যাব!

ভাৰতীয় ৰিজাৰ্ভ বেংকে নতুন বছৰৰ পৰা কিছু নিয়ম সলনি কৰিবলৈ ওলাইছে । ইয়াৰ ফলত দেশৰ লাখ লাখ বেংক একাউণ্টত প্ৰভাৱ পৰিব । কাৰণ কেন্দ্ৰীয় বেংকে ৩ প্ৰকাৰৰ বেংক একাউণ্ট বন্ধ কৰিবলৈ গৈ আছে । আৰ বি আইৰ নতুন গাইডলাইনৰ অধীনত বন্ধ হ’ব ইনএক্টিভ একাউণ্ট, নিষ্ক্ৰিয় একাউণ্ট আৰু জিৰ’ বেলেঞ্চ একাউণ্ট ।

অষ্টম পৰিৱৰ্তন- গাড়ীৰ দাম বৃদ্ধি পাব

২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা বহু কোম্পানীৰ গাড়ী ক্ৰয় কৰাটো ব্যয়বহুল হ’বলৈ গৈ আছে । মাৰুতি চুজুকি, টাটা মটৰ্ছ, হুণ্ডাই, টয়োটাকে ধৰি বহু কোম্পানীয়ে নিজৰ বাহনৰ মূল্য ২ৰ পৰা ৪ শতাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে ।

নৱম পৰিৱৰ্তন- টেলিকম নিয়ম

টেলিকম কোম্পানীসমূহৰ বাবে ৰাইট অৱ ৱে নিয়ম নতুন বছৰৰ ১ জানুৱাৰী, ২০২৫ৰ পৰা কাৰ্যকৰী হ’ব । নতুন নিয়মৰ অধীনত কোম্পানীসমূহে অপটিকেল ফাইবাৰ লাইন আৰু নতুন ম’বাইল টাৱাৰ স্থাপনৰ ওপৰত গুৰুত্ব দিব লাগিব । এই নিয়ম কাৰ্যকৰী কৰিলে কোম্পানীসমূহে নিজৰ সেৱা উন্নত কৰাত সহায় কৰিব । নতুন নিয়ম অনুসৰি টেলিকম কোম্পানীসমূহে মোবাইল টাৱাৰ স্থাপনৰ বাবে বিশেষ কষ্ট কৰিব নালাগিব । জনসাধাৰণ আৰু কোম্পানীসমূহক মনত ৰাখি এই নিয়মসমূহ প্ৰস্তুত কৰা হৈছে ।

দশম পৰিৱৰ্তন – জি এছ টিৰ নিয়ম কঠোৰ

২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা কৰদাতাৰ বাবে কম্প্লাইয়েন্স নিয়ম কঠোৰ হ’ব । ইয়াৰ ভিতৰত মাল্টি ফেক্টৰ অথেন্টিকেচন (এম এফ এ) অন্তৰ্ভুক্ত, যিটো আগতে কেৱল সেই ব্যৱসায়ৰ ক্ষেত্ৰতহে প্ৰযোজ্য আছিল, যাৰ বাৰ্ষিক ব্যৱসায় ২০ কোটি টকা বা তাতকৈ অধিক আছিল, কিন্তু এতিয়া জি এছ টি পৰ্টেলত প্ৰৱেশ কৰা সকলো কৰদাতাৰ বাবে ইয়াক কাৰ্যকৰী কৰিব পৰা যাব ।

নতুন আশা-প্ৰত্যাশাৰে দেশবাসীয়ে আদৰিলে নৱবৰ্ষক, প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা…

আজি নৱবৰ্ষ ২০২৫ৰ প্ৰথমটো দিন । পুৰণিক বিদায় দি সকলোৱে আদৰিছে নতুন বৰ্ষটোক । সমগ্ৰ বিশ্বৰ লগতে ভাৰততো আনন্দ-উলাহেৰে সকলোৱে নৱবৰ্ষক আদৰণি জনাইছে ।

পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সময় জ’নৰ বাবে, প্ৰতিখন দেশৰ নতুন বছৰ বেলেগ বেলেগ সময়ত আৰম্ভ হয় । নৱবৰ্ষ প্ৰথমে কিৰিটমতী দ্বীপত (খ্ৰীষ্টমাছ দ্বীপ) উদযাপন কৰা হয় । বিশ্বৰ ৪১ খন দেশৰ পিছত, ভাৰতেও নৱবৰ্ষ উদযাপন কৰে ।

এয়া উদযাপন কৰাৰ, অতীতক এৰি এক উজ্জ্বল ভৱিষ্যতৰ আশাৰে আগবাঢ়ি যোৱাৰ সময় । সেয়েহে আজিৰ দিনটোতে সকলোৱে নতুন উদ্যমৰে, নতুন পৰিকল্পনাৰে সংকল্প লৈছে আগবাঢ়ি যোৱাৰ । বছৰটো মংগলময় হৈ পৰাৰ কামনাৰে ইজনে সিজনক নৱবৰ্ষৰ শুভেচ্ছাৰে উপচাই পেলোৱা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰীকে ধৰি  দেশৰ ৰাজনৈতিক নেতাসকলেও ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জনাইছে ।

প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা-

নৱবৰ্ষ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত দেশবাসীক শুভেচ্ছা জনাইছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “২০২৫ চনৰ শুভেচ্ছা থাকিল । এই বছৰে সকলোৰে বাবে নতুন সুযোগ, সফলতা আৰু বহু সুখ কঢ়িয়াই আনক । সকলোৱে সুস্বাস্থ্য আৰু সমৃদ্ধিৰ আশীৰ্বাদ লাভ কৰক ।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে শুভেচ্ছা-

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত ৰাইজক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছে । তেওঁ কয়, “২০২৫ বৰ্ষৰ শুভেচ্ছা থাকিল । মা কামাখ্যাই আমাৰ সকলো সাধনাতে আমাক পথ প্ৰদৰ্শন কৰি যাওক ।“

আন এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “জয় শ্ৰী ৰাম ৷ ভগৱান ৰামৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে আপোনাৰ এই নতুন বছৰটো সুখ আৰু সমৃদ্ধিশালী হওক ।“

নৱবৰ্ষৰ প্ৰথমটো পুৱাতেই ৰাজ্যবাসীৰ বাবে ৫টা ডাঙৰ উপহাৰ

-নৱবৰ্ষৰ প্ৰথমটো পুৱাতেই ৰাজ্যবাসীৰ বাবে ৫টা ডাঙৰ উপহাৰ
-আজি ১ জানুৱাৰীৰ দিনাই ৰাজ্যবাসীয়ে পাব এই উপহাৰ
-পুৱা ৯.৪৫ বজাত উচৰ্গা হ’ব পল্টনবজাৰৰ ফুট অভাৰ ব্ৰীজ
-১০.১৫ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতিৰ নৱনিৰ্মাণৰ কাম
-১০.৫০ বজাত ৰাজ্যবাসীৰ বাবে উচৰ্গিত হ’ব খানাপাৰাৰ মিনি ISBT
-৫৬খন ইলেকট্ৰিক বাছৰ জড়িয়তে ফ্লেগ অফ কৰা হ’ব
-৩.৩০ বজাত অসম ৰাজ্যিক চিৰিয়াখানাৰ আধুনিকীকৰণৰ শিলান্যাস কৰা হ’ব
-৪.৪৫ বজাত জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰা হ’ব
-বিকাশৰ দিশত আজি পহিলা জানুৱাৰী হ’ব বিশেষ দিন
-ৰাজ্যবাসীৰ বাবে ৫টাকৈ উপহাৰ দি বছৰৰ আৰম্ভ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে

ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি ইছৰোৰ মহাকাশ অভিযানলৈকে…২০২৪ বৰ্ষ সাক্ষী হৈ ৰ’ল এই মুহূৰ্তবোৰৰ

কেইটামান ঘন্টাৰ পাছতেই সময়ৰ সোঁতত বিলীন হ’ব অনেক ঘটনা-পৰিঘটনাৰ সাক্ষী হৈ ৰোৱা ২০২৪ বৰ্ষ । লগে লগে ২০২৫ চনে দুৱাৰত টোকৰ মাৰিবলৈ সাজু হৈছে । নতুন বছৰত বহু নতুন ঘটনা, অভিলেখ হ’বলৈ গৈ আছে যদিও ২০২৪ বৰ্ষটোৱে বহু গুৰুত্বপূৰ্ণ ঘটনাৰে ইতিহাস ৰচনা কৰিছে । এই বছৰ বহু ডাঙৰ ডাঙৰ ঘটনা সংঘটিত হৈছে, যিবোৰ ইতিহাসত স্মৰণীয় হৈ থাকিব । অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাই হওক বা জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ কথাই হওক বা ইছৰোৱে মহাকাশলৈ আন এক জাঁপ দিয়াৰ কথাই হওক । আজি আমি আপোনালোকক সোঁৱৰাই দিছো ২০২৪ চনৰ সেই মুহূৰ্তবোৰৰ কথা যিয়ে ইতিহাসৰ সৃষ্টি কৰিছিল ।

ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা-

২০২৪ বৰ্ষটো ৰাম নগৰী অযোধ্যাৰ বাবে সোণালী ইতিহাসৰ সাক্ষী হৈ পৰিল । ২০২৪ চনৰ ২২ জানুৱাৰীত ৫০০ বছৰীয়া দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত ভগৱান শ্ৰীৰামক তেওঁৰ ভব্য মন্দিৰত প্ৰতিষ্ঠা কৰা হয় । এই ঐতিহাসিক মুহূৰ্তটোৱে অযোধ্যাৰ পৰিৱেশ সলনি কৰি দিলে আৰু ৰাম নাগৰী গোটেই বছৰটো আনন্দত নিমগ্ন হৈ থাকিল । ২০২৪ বৰ্ষই অযোধ্যাক দিলে এক বিশ্বব্যাপী পৰিচয় ।

২০২৪ চনৰ পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰাই লাভ কৰে ৰূপৰ পদক-

২০২৪ চনৰ পেৰিছ অলিম্পিকত জেভেলিন থ্ৰ’ত ৰূপৰ পদক লাভ কৰি এথলীট নীৰজ চোপ্ৰাই দেশলৈ গৌৰৱ কঢ়িয়াই আনে । ২০২৪ চনৰ পেৰিছ অলিম্পিকত ৮ আগষ্টত তেওঁ ৮৯.৪৫ মিটাৰ জেভেলিন থ্ৰ’ কৰি এই পদক লাভ কৰে । একেৰাহে দ্বিতীয়বাৰৰ বাবে অলিম্পিক গেমছত পদক লাভ কৰিবলৈ সক্ষম হৈছে নীৰজে । অলিম্পিকৰ ব্যক্তিগত ইভেণ্টত স্বৰ্ণ জয় কৰি আন এক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে নীৰজ । এটা সোণ আৰু এটা ৰূপৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ নীৰজ ।

জম্মু-কাশ্মীৰত অনুষ্ঠিত বিধানসভা নিৰ্বাচন-

২০১৯ চনত ৩৭০ অনুচ্ছেদ বাতিল কৰি জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰা হয় । ইয়াৰ পিছত ৰাজ্যখনক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হয় । জম্মু-কাশ্মীৰ আৰু লাডাখ । জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় ।

মুম্বাইত দেশৰ আটাইতকৈ দীঘল সাগৰীয় দলং ‘অটল সেতু’ উদ্বোধন-

২০২৪ বৰ্ষটো বিশেষ আছিল কাৰণ এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১২ জানুৱাৰীত মুম্বাইত দেশৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং ‘অটল সেতু’ উদ্বোধন কৰে । এই দলংখন প্ৰায় ২১.৮ কিলোমিটাৰ দীঘল আৰু ৬ লেনযুক্ত । সমুদ্ৰৰ ওপৰত ১৬.৫ কিলোমিটাৰ দৈৰ্ঘ্য আৰু প্ৰায় ৫.৫ কিলোমিটাৰ স্থলভাগত নিৰ্মিত । এইখন দেশৰ আটাইতকৈ দীঘল দলং। এই দলংখনে মুম্বাইৰ পৰা পুনে, গোৱা আৰু দক্ষিণ ভাৰতলৈ যাতায়তৰ সময়ো হ্ৰাস কৰে । প্ৰায় ১৮ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই দলং ।

একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হয় নৰেন্দ্ৰ মোদী-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে পুনৰবাৰ ২০২৪ চনত চৰকাৰ গঠন কৰে । ৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ লগে লগে তেওঁ একেৰাহে তিনিবাৰকৈ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱা দেশৰ দ্বিতীয়জন প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় ।

বিৰোধী দলৰ নেতা নিৰ্বাচিত ৰাহুল-

ৰায়েবৰেলীৰ সাংসদ তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধী প্ৰথমবাৰৰ বাবে লোকসভাত বিৰোধী দলৰ নেতা নিৰ্বাচিত হয় । প্ৰায় ১০ বছৰৰ পাছত লোকসভাত বিৰোধী দলৰ নেতা পোৱা গৈছে । যোৱা দুটা নিৰ্বাচনত কংগ্ৰেছৰ হাতত প্ৰয়োজনীয় ১০ শতাংশ আসনৰ অংশীদাৰিত্ব নাছিল, গতিকে বিৰোধী দলৰ নেতাৰ বাবে দলটোৱে দাবী উত্থাপন কৰিব পৰা নাছিল । বিগত ১০ বছৰ ধৰি বিৰোধী দলৰ নেতাৰ পদ খালী আছিল ।

ইছৰোৰ আশ্চৰ্যকৰ মহাকাশ অভিযান-

১. XPoSat (PSLV-C58) – January 1, 2024

২. INSAT-3DS (GSLV-F14) – February 17, 2024

৩. RLV LEX-03 – June 23, 2024

৪. EOS-08 (SSLV-D3) – August 16, 2024

৫. Proba-3 (PSLV-C59) – December 5, 2024

এইবোৰৰ বাহিৰেও ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ২০২৪ চনত বহুতো ভিন্ন অভিযান সম্পূৰ্ণ কৰিছে । বছৰৰ শেষৰ ফালে অৰ্থাৎ ৩০ ডিচেম্বৰত ইছৰোৱে স্পেডএক্স ডকিং এক্সপেৰিমেণ্ট আৰম্ভ কৰে

২০২৪ চনৰ পেৰিছ অলিম্পিকত মনু ভাকৰে ব্ৰঞ্জৰ পদক লাভ কৰে-

মনু ভাকৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত পেৰিছ অলিম্পিকত শ্বুটিঙত ব্ৰঞ্জৰ পদক লাভ কৰে । অলিম্পিকত শ্বুটিঙত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয় তেওঁ ।

ডি গুকেশে কৰিলে বিশ্ব জয়-

শেহতীয়াকৈ ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশে এনে এক কৃতিত্ব কৰিছিল যিটো আজিলৈকে কোনেও কৰিব পৰা নাই । ১৮ বছৰীয়া ডি গুকেশে বিশ্ব দবা চেম্পিয়নশ্বিপত জয়লাভ কৰি বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হিচাপে পৰিগণিত হয় ।

নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত লওক স্বাস্থ্য সম্পৰ্কীয় এই ৬টা সংকল্প, সমগ্ৰ বছৰটো সুস্থ হৈ থাকিব আপুনি !

নতুন বছৰৰ আৰম্ভণিতে সুস্থ জীৱনশৈলীৰ পৰিৱৰ্তন, বেয়া অভ্যাস ত্যাগ আৰু স্বাস্থ্য উন্নত কৰাৰ এক উত্তম সময় । নৱবৰ্ষৰ আটাইতকৈ জনপ্ৰিয় সংকল্পসমূহৰ ভিতৰত আছে অধিক ব্যায়াম কৰা, ওজন কমোৱা, স্বাস্থ্যসন্মত খাদ্য খোৱা । যদিও অতি কম সংখ্যক লোকে নিজৰ সংকল্প ৰাখে, তথাপিও আগন্তুক বছৰত সুস্থ হৈ থাকিবলৈ আৰু আপোনাৰ স্বাস্থ্য সংকল্পৰ লক্ষ্যত উপনীত হ’বলৈ আপুনি ল’ব পৰা কিছুমান টিপছ আগবঢ়োৱা হ’ল ।

নতুন বছৰৰ বাবে ৬টা স্বাস্থ্য সংকল্প-

সন্তুলিত আহাৰ-

সন্তুলিত আহাৰৰ দ্বাৰা নতুন বছৰটো আৰম্ভ কৰিব পাৰে । শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টিকৰ উপাদান আপোনাৰ প্লেটত অন্তৰ্ভুক্ত কৰক । দিনটোত কমেও ৭ৰ পৰা ৮ গিলাচ পানী খাব লাগে । গোটেই দিনটো কম কমকৈ আহাৰ গ্ৰহণ কৰক । ইয়াৰ উপৰিও জাংক, ফাষ্ট আৰু প্ৰচেছড ফুডৰ পৰা আঁতৰি থাকক ।

প্ৰতিদিনে ৱৰ্কআউট কৰক-

প্ৰতিদিনে কমেও ৩০ মিনিট শাৰীৰিক ক্ৰিয়া-কলাপ কৰক । ইয়াৰ ভিতৰত যোগাসন, খোজ কঢ়া, দৌৰা, চাইকেল চলোৱা বা যিকোনো প্ৰিয় ব্যায়াম আদি থাকিব পাৰে । প্ৰতিদিনে ৩০ মিনিট খোজ কাঢ়িলে আপোনাৰ পেশী আৰু হৃদযন্ত্ৰ শক্তিশালী হৈ থাকিব ।

মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক-

এই নতুন বছৰত আপোনাৰ মানসিক স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়ক । নিয়মিতভাৱে ধ্যান, উশাহ-নিশাহৰ অনুশীলন, চিত্ৰ অংকন বা সংগীত শুনা আদি সৃষ্টিশীল কাৰ্যকলাপত মনোনিৱেশ কৰক । মানসিক চাপৰ পৰা হাত সাৰিবলৈ বিৰতি লওক আৰু নিজকে সময় দিয়ক । যদি আপোনাৰ মানসিক স্বাস্থ্য ভাল হয় তেন্তে আপুনি শাৰীৰিকভাৱেও সুস্থ হৈ উঠিব ।

পৰ্যাপ্ত টোপনি লওক-

এই নতুন বছৰত আপোনাৰ টোপনিকো অগ্ৰাধিকাৰ দিয়ক । শুই উঠাৰ সময় এটা ঠিক কৰক । শুই উঠাৰ আগতে একেবাৰেই গেজেট ব্যৱহাৰ নকৰিব । ৮ ঘণ্টা ভাল আৰু গভীৰ টোপনি অতি প্ৰয়োজনীয় ।

ধূমপান আৰু সুৰাৰ পৰা আঁতৰি থাকক-

যদি আপুনি ধূমপান কৰে তেন্তে এৰিবলৈ চেষ্টা কৰক । এই অভ্যাস সম্পূৰ্ণ নাইকীয়া কৰিবলৈ চেষ্টা কৰক । ইয়াৰ ফলত হৃদযন্ত্ৰ আৰু যকৃত সুস্থ কৰি ৰখাত সহায়ক হয় আৰু কেন্সাৰ আৰু অন্যান্য গুৰুতৰ ৰোগৰ সম্ভাৱনা কম হয় ।

নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰক-

বছৰত এবাৰ হ’লেও স্বাস্থ্য পৰীক্ষা কৰক, যেনে তেজৰ পৰীক্ষা, তেজৰ শৰ্কৰাৰ মাত্ৰা, ৰক্তচাপ আৰু কলেষ্টেৰল । ইয়াৰ দ্বাৰা আপুনি সহজেই গম পাব যে আপোনাৰ কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যা আছে নে নাই ।

এই নতুন বছৰটোত এই অভ্যাসবোৰ যদি আপুনি আপোনাৰ জীৱনৰ অংগ কৰি লয় তেন্তে আপুনি কেৱল ৰোগৰ পৰা সুৰক্ষিত হোৱাই নহয়, দীৰ্ঘদিনীয়া আৰু সুখী জীৱন যাপন কৰিবলৈও সক্ষম হ’ব ।