শুল্ক যুদ্ধৰ মাজতে অহা মাহত আমেৰিকা ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে

শুল্ক যুদ্ধৰ মাজতে অহা মাহত আমেৰিকা ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে

অহা মাহত আমেৰিকা ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা মাহত অৰ্থাৎ ছেপ্টেম্বৰ মাহত আমেৰিকা ভ্ৰমণ কৰিব পাৰে । তেওঁ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ (ইউ এন জি এ) বাৰ্ষিক উচ্চ পৰ্যায়ৰ অধিবেশনত ভাষণ দিব পাৰে । এই খবৰ আহিছে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা বক্তাৰ

অহা মাহত আমেৰিকা ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা মাহত অৰ্থাৎ ছেপ্টেম্বৰ মাহত আমেৰিকা ভ্ৰমণ কৰিব পাৰে । তেওঁ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ (ইউ এন জি এ) বাৰ্ষিক উচ্চ পৰ্যায়ৰ অধিবেশনত ভাষণ দিব পাৰে । এই খবৰ আহিছে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা বক্তাৰ খচৰা তালিকাৰ পৰা । ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ইউ এন জি এৰ ৮০ সংখ্যক অধিবেশন । উচ্চ পৰ্যায়ৰ সাধাৰণ অধিৱেশন ২৩ ছেপ্টেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ চলিব । ইয়াত পৰম্পৰাগতভাৱে ব্ৰাজিল অধিবেশনৰ প্ৰথম বক্তা হ’ব, তাৰ পিছত আমেৰিকা ।

২৬ ছেপ্টেম্বৰৰ পুৱা অধিবেশনত ভাষণ দিব পাৰে প্ৰধানমন্ত্ৰীয়ে-

২৩ ছেপ্টেম্বৰত ইউ এন জি এৰ মঞ্চৰ পৰা বিশ্বৰ নেতাসকলক সম্বোধন কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । হোৱাইট হাউছত দ্বিতীয়টো কাৰ্যকালত ৰাষ্ট্ৰসংঘৰ অধিৱেশনত তেওঁৰ এইটোৱেই হ’ব প্ৰথম ভাষণ । সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশনৰ উচ্চ পৰ্যায়ৰ বিতৰ্কৰ বাবে বক্তাৰ প্ৰাৰম্ভিক তালিকা অনুসৰি অহা ২৬ ছেপ্টেম্বৰৰ পুৱা ভাৰতৰ চৰকাৰৰ মুৰব্বীগৰাকীয়ে অধিৱেশনত ভাষণ দিব । ইজৰাইল, চীন, পাকিস্তান আৰু বাংলাদেশৰ চৰকাৰৰ মুৰব্বীসকলেও একেদিনাই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সাধাৰণ বিতৰ্কত ভাষণ দিব ।

ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডি চি ভ্ৰমণ কৰিছিল-

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৱাশ্বিংটন ডি চি ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে । এই সময়ত তেওঁ ট্ৰাম্পৰ সৈতে হোৱাইট হাউছত দ্বিপাক্ষিক বৈঠকত মিলিত হয় । বৈঠকৰ অন্তত জাৰি কৰা এক যৌথ বিবৃতিত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পে বহুখণ্ডীয় দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায়ৰ আলোচনাৰ পৰিকল্পনা ঘোষণা কৰে ।

লগতে পঢ়ক : জেলেনস্কিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ… শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে