শিক্ষকৰ বৃত্তিক সানিলে কালিমা ;শিক্ষক জুৱাহিৰ হুছেইনৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ

মৰিগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ত পুৱাই উত্তেজনা।বিদ্যালয়খনৰ এজন শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত শিক্ষকজনৰ নাম জুৱাহিৰ হুছেইন। তাৰ পাছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ৰাইজৰ অভিযোগ শিক্ষক হুছেইনে ছাত্ৰ- ছাত্ৰীসকলৰ গোপন স্থান স্পৰ্শ কৰাৰ উপৰি ছাত্ৰীৰ বস্ত্ৰ দাঙি গোপন অংশ প্ৰত্যক্ষ

মৰিগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ত পুৱাই উত্তেজনা।বিদ্যালয়খনৰ এজন শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত শিক্ষকজনৰ নাম জুৱাহিৰ হুছেইন।

তাৰ পাছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ৰাইজৰ অভিযোগ শিক্ষক হুছেইনে ছাত্ৰ- ছাত্ৰীসকলৰ গোপন স্থান স্পৰ্শ কৰাৰ উপৰি ছাত্ৰীৰ বস্ত্ৰ দাঙি গোপন অংশ প্ৰত্যক্ষ কৰে।

অভিভাৱক তথা স্থানীয় লোকে বিদ্যালয়ত উপস্থিত হৈ অভিযুক্ত শিক্ষক জুৱাহিৰ হুছেইনক জেৰা কৰাৰ লগতে শিক্ষক জনৰ প্ৰহাৰো কৰে। অভিভাৱকৰ এজাহাৰৰ ভিত্তিত জালুগুটি আৰক্ষী উপস্থিত হৈ শিক্ষক জনক আটক কৰা বুলি জানিব পৰা গৈছে ।

শেহতীয়া প্ৰৱন্ধসমূহ