নৃশংস হত্যাকাণ্ড; শিৱৰাত্ৰিৰ দিনাই স্বামীয়ে হত্যা কৰিলে পত্নীক

শিৱৰাত্ৰিৰ দিনাই মৰিগাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।স্বামী সুভাষ বড়োৰ আক্ৰমণত কৰুণভাৱে মৃত্যুক আকোঁৱালি ললে ছয় সন্তানৰ মাতৃ ভানু দেৱী নামৰ মহিলা গৰাকীয়ে।

মৰিগাঁৱৰ সাপমাৰীস্থিত ভিনিহিয়েকৰ ঘৰত আলহী হিচাপে কিছুদিন ধৰি পত্নীৰ সৈতে আছিল স্বামী সুভাষ বড়ো। কিন্তু আজি গোৱালপাৰাস্থিত কৰ্মস্থলীলৈ উভতি যোৱাৰ সময়তে কোঠাৰ ভিতৰতে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহ প্ৰকাশ আত্মীয়ৰ।

হত্যাকাণ্ডটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে সুভাষ বড়োৰ। ভিনিহিয়েকে জানিব দিয়া অনুসৰি শহুৰেকৰ মাটিত ঘৰ সাজিবলৈ লোৱাক কেন্দ্ৰ কৰি কিছুদিন পূৰ্বে শাহুৱেকৰ সৈতে জোৱায়েক সুভাষ বড়োৰ কাজিয়াৰ সূত্ৰপাত হৈছিল ।

জানিব পৰা মতে হত্যাকাৰী সুভাষ বড়োৰ ঘৰ ৰঙিয়াত। ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে ঘাটক স্বামী সুভাষ বড়োক বিছাৰি আৰম্ভ কৰিছে অভিযান।

শিক্ষকৰ বৃত্তিক সানিলে কালিমা ;শিক্ষক জুৱাহিৰ হুছেইনৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ

মৰিগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ত পুৱাই উত্তেজনা।বিদ্যালয়খনৰ এজন শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত শিক্ষকজনৰ নাম জুৱাহিৰ হুছেইন।

তাৰ পাছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ৰাইজৰ অভিযোগ শিক্ষক হুছেইনে ছাত্ৰ- ছাত্ৰীসকলৰ গোপন স্থান স্পৰ্শ কৰাৰ উপৰি ছাত্ৰীৰ বস্ত্ৰ দাঙি গোপন অংশ প্ৰত্যক্ষ কৰে।

অভিভাৱক তথা স্থানীয় লোকে বিদ্যালয়ত উপস্থিত হৈ অভিযুক্ত শিক্ষক জুৱাহিৰ হুছেইনক জেৰা কৰাৰ লগতে শিক্ষক জনৰ প্ৰহাৰো কৰে। অভিভাৱকৰ এজাহাৰৰ ভিত্তিত জালুগুটি আৰক্ষী উপস্থিত হৈ শিক্ষক জনক আটক কৰা বুলি জানিব পৰা গৈছে ।