এয়াই প্ৰথম এয়াই শেষ ; ৰণবীৰ এলাহাবাদীয়া আৰু অপূৰ্বা মাখিজই বিচাৰিলে ক্ষমা

ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া আৰু অপূৰ্ব মাখিজাৰ সমস্যা শেষ হোৱাৰ কোনো লক্ষণ দেখা নাই।ৰাষ্ট্ৰীয় মহিলা আয়োগে সময় ৰাইনাৰ অনুষ্ঠান ‘ইণ্ডিয়াজ গট লেটেণ্ট’ত কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত দুয়োজন ইউটিউবাৰক কাৰ্যালয়লৈ মাতি পঠিয়াইছিল। এতিয়া খবৰ পোৱা গৈছে যে দুয়োজনে তেওঁলোকৰ মন্তব্যৰ বাবে লিখিতভাৱে ক্ষমা বিচাৰিছে। তেওঁলোকে কৈছে যে

ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া আৰু অপূৰ্ব মাখিজাৰ সমস্যা শেষ হোৱাৰ কোনো লক্ষণ দেখা নাই।ৰাষ্ট্ৰীয় মহিলা আয়োগে সময় ৰাইনাৰ অনুষ্ঠান ‘ইণ্ডিয়াজ গট লেটেণ্ট’ত কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত দুয়োজন ইউটিউবাৰক কাৰ্যালয়লৈ মাতি পঠিয়াইছিল।

এতিয়া খবৰ পোৱা গৈছে যে দুয়োজনে তেওঁলোকৰ মন্তব্যৰ বাবে লিখিতভাৱে ক্ষমা বিচাৰিছে। তেওঁলোকে কৈছে যে ভৱিষ্যতে তেওঁলোক সাৱধান হ’ব।  আয়োগৰ অধ্যক্ষ বিজয়া ৰাহাতকাৰে এই তথ্য প্ৰদান কৰিছিল।

অধ্যক্ষ বিজয়া ৰাহাতকাৰে কৈছিল যে অনুষ্ঠানটোত কোৱা এই অশ্লীল মন্তব্য কোনো ধৰণে গ্ৰহণ কৰা নহ’ব।ৰণবীৰ এলাহাবাদিয়া, অপূৰ্বা মাখিজা আৰু অনুষ্ঠানটোৰ নিৰ্মাতা সৌৰভ বোথ্ৰা আৰু তুষাৰ পূজাৰী বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ (এনচিডব্লিউ) সন্মুখত উপস্থিত হৈছিল।দুয়োজন ইউটিউবাৰক কেইবা ঘণ্টাধৰি জেৰা কৰা হৈছিল।

এটা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল, ‘তুষাৰ পূজাৰী, সৌৰভ বোথ্ৰা, অপূৰ্বা মাখিজা আৰু ৰণবীৰ এলাহাবাদীয়া চাৰিওজন লোক আয়োগৰ সন্মুখত উপস্থিত হৈছিল।

বিজয়া ৰাহাতকাৰে কৈছিল যে ‘আয়োগে কোনো ধৰণৰ বিতৰ্কিত ভাষাৰ ব্যৱহাৰ সহ্য নকৰিব। এনে মন্তব্য সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়।

ৰাহাটকাৰে আৰু কৈছিল যে এই ব্যক্তিসকলে তেওঁলোকৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে। সামাজিক প্ৰভাৱৰ কথা বিবেচনা কৰি তেওঁলোকক জাননী জাৰি কৰা হৈছিল।

শেহতীয়া প্ৰৱন্ধসমূহ