১২ টা দিনৰ ভিতৰত চতুৰ্থটো দুৰ্ঘটনা ; ৰানৱেত ৰৈ থকা বিমানত খুন্দা ব্যক্তিগত জেটৰ

আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। যোৱা ১২ দিনত এইটো চতুৰ্থটো বিমান দুৰ্ঘটনা। বিমান বন্দৰৰ বিষয়াসকলে কৈছিল যে এৰিজোনাৰ স্কটছডেল বিমানবন্দৰত এখন বিমানৰ সৈতে ব্যক্তিগত জেটৰ সংঘৰ্ষ হয়। য’ত এজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন আহত হৈছে।দুৰ্ঘটনাটোৰ পিছত ৰানৱে বন্ধ কৰি দিয়া

আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। যোৱা ১২ দিনত এইটো চতুৰ্থটো বিমান দুৰ্ঘটনা।

বিমান বন্দৰৰ বিষয়াসকলে কৈছিল যে এৰিজোনাৰ স্কটছডেল বিমানবন্দৰত এখন বিমানৰ সৈতে ব্যক্তিগত জেটৰ সংঘৰ্ষ হয়। য’ত এজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন আহত হৈছে।দুৰ্ঘটনাটোৰ পিছত ৰানৱে বন্ধ কৰি দিয়া হয়।

জানিব পৰা মতে এখন ব্যক্তিগত জেট ৰানৱেত অৱতৰণ কৰাৰ সময়তেই ৰখাই থোৱা গাল্ফষ্ট্ৰীম ২০০ জেটৰ সৈতে সংঘৰ্ষ হৈছিল।

সন্দেহ কৰা হৈছে যে আহি থকা জেটখনৰ প্ৰাথমিক লেণ্ডিং গিয়েৰ বিফল হোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হৈছিল।জানিব পৰা মতে জেটখন টেক্সাচৰ পৰা আহিছিল আৰু  বিমানখনত চাৰিজন লোক আছিল।

শেহতীয়া প্ৰৱন্ধসমূহ