ৰাজধানী দিল্লীৰ ষ্টেচনত শনিবাৰে নিশা এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি হয়। মহাকুম্ভলৈ যাবৰ বাবে হাজাৰ হাজাৰ ভক্ত নতুন দিল্লী ষ্টেচনত ভিৰ কৰিছিল।
মহাকুম্ভলৈ যোৱা স্বাধীনতা সেনানী এক্সপ্ৰেছ আৰু ভুবনেশ্বৰ ৰাজধানী এক্সপ্ৰেছ দেৰিকৈ চলি আছিল আৰু এই ৰে’লৰ যাত্ৰীসকলো প্লেটফৰ্ম নম্বৰ ১২, ১৩ আৰু ১৪ ত উপস্থিত আছিল।
ৰে’লৱে বিভাগটোৱে প্ৰতি ঘণ্টাত ১৫০০ সাধাৰণ টিকট বিক্ৰী কৰি আছে, যাৰ বাবে ষ্টেচনত ভিৰ বাঢ়িছিল আৰু পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰিছিল।
হঠাৎ প্লেটফৰ্ম নম্বৰ ১৪ আৰু প্লেটফৰ্ম নম্বৰ ১৬ ৰ কাষত যাত্ৰীসকলৰ মাজত ভিৰ বাঢ়ি গৈছিল। সেই ভিৰৰ ফলত পদপৃষ্ট হৈ ১৮ জনকৈ যাত্ৰী মৃত্যু হয়।
মৃতসকলৰ ভিতৰত ৫ টা শিশু আৰু ৯ গৰাকী মহিলা আৰু ৪ জন পুৰুষ আছিল। এই ঘটনাটো শনিবাৰৰ নিশা প্ৰায় ১০ মান বজাত সংঘটিত হৈছিল।
ঘটনাটোৰ সময়ত, হাজাৰ হাজাৰ ভক্ত প্ৰয়াগৰাজৰ কুম্ভলৈ যাবৰ বাবে ষ্টেচনত সমবেত হৈছিল আৰু ৰে’লখনত উঠিবলৈ চেষ্টা কৰি আছিল।
পিছত ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আহতসকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়।
ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এটা পোষ্টত কৈছিল যে ষ্টেচনৰ পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে। দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) জোৱান ঘটনাস্থলীত উপস্থিত হৈছে।
এটা ঘোষণা তাৰ পিছতেই হাহাকাৰ; মহাকুম্ভলৈ যাবৰ বাবে ৰে’লত উঠিবলৈ লওতেই ১৮ জনকৈ যাত্ৰীৰ মৃত্যু
ৰাজধানী দিল্লীৰ ষ্টেচনত শনিবাৰে নিশা এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি হয়। মহাকুম্ভলৈ যাবৰ বাবে হাজাৰ হাজাৰ ভক্ত নতুন দিল্লী ষ্টেচনত ভিৰ কৰিছিল।মহাকুম্ভলৈ যোৱা স্বাধীনতা সেনানী এক্সপ্ৰেছ আৰু ভুবনেশ্বৰ ৰাজধানী এক্সপ্ৰেছ দেৰিকৈ চলি আছিল আৰু এই ৰে’লৰ যাত্ৰীসকলো প্লেটফৰ্ম নম্বৰ ১২, ১৩ আৰু ১৪ ত উপস্থিত আছিল।ৰে’লৱে
- Tags: দিল্লী ৰে'লৱে ষ্টেচন, নতুন দিল্লী, মহাকুম্ভ
শেহতীয়া প্ৰৱন্ধসমূহ

পুনৰ মমতা বেনাৰ্জীৰ মোক্ষম আঘাত; সাংসদ পদ ত্যাগ কোয়েল মল্লিকৰ
Time8
July 16, 2026


‘মই মমতা বেনাৰ্জীৰ দৰে দুৰ্বল মুখ্যমন্ত্ৰী নহয়’; শুভেন্দু অধিকাৰীৰ হুংকাৰ
Time8
July 10, 2026

তৃণমূল এৰি বিজেপিলৈ যোৱাৰ ডাঙৰ উপহাৰ! ২৪ ঘণ্টা নৌহওঁতেই ৩ নেতাক ৰাজ্যসভাৰ টিকট
Time8
July 10, 2026
Your Ad Here





