কাইলৈৰ পৰা ভাৰতত AI Impact Summit; Nvidia ৰ CEO ই নকৰে অংশগ্ৰহণ

ভাৰত AI Impact Summit ২০২৬ অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হ’ব।

কাইলৈৰ পৰা ভাৰতত আৰম্ভ হ’ব AI Impact Summit। এই অনুষ্ঠানটো নতুন দিল্লীত অনুষ্ঠিত হ’ব, য’ত ভাৰত আৰু বিশ্বৰ বহু বিশিষ্ট নেতা আৰু কোম্পানী সমূহৰ CEO ই অংশগ্ৰহণ কৰিব।কিন্তু Nvidia ৰ CEO জেনচেন হুয়াঙে এই অনুষ্ঠানত অংশগ্ৰহণ নকৰে। Nvidia এ এই তথ্য শ্বেয়াৰ কৰিছে।

Nvidia কোম্পানীটোয়ে এআই চিপছেট প্ৰস্তুত কৰে, যিবোৰ ডাটা চেণ্টাৰ আৰু ডিভাইচৰ বাবে অতি উপযোগী। এনে পৰিস্থিতিত ভাৰতত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোত Nvidia ৰ CEO ৰ অনুপস্থিতিও এক শ্বক বুলি বিবেচিত হৈছে। কাৰণ তেওঁ এই সন্মিলনৰ অন্যতম মূল বক্তা আছিল।

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে AI Impact Summit উদ্বোধন কৰিব। পুৰণি সূচী অনুসৰি বুধবাৰে নতুন দিল্লীত সংবাদ মাধ্যমৰ অনুষ্ঠানত হুয়াঙে অংশগ্ৰহণ কৰিব লাগিছিল।

ভাৰতত হ’বলগীয়া পাঁচদিনীয়া AI Impact Summit ৰ সন্দৰ্ভত এনভিডিয়াই কয় যে অভাৱনীয় পৰিস্থিতিৰ বাবে মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে যাত্ৰা কৰিব নোৱাৰিব।

কোম্পানীটোয়ে আৰু কয় যে, AI Impact Summit আৰু তীব্ৰবেগত বৃদ্ধি পোৱা ভাৰতৰ এআই পৰিৱেশ তন্ত্ৰৰ প্ৰতি তেওঁলোক প্ৰতিবদ্ধ।

হুয়াঙৰ অনুপস্থিতিৰ পিছতো কোম্পানীটোৱে কয় যে ভাৰতত হ’বলগীয়া অনুষ্ঠানৰ সময়ত তেওঁৰ উপস্থিতি চিহ্নিত কৰিব।

AI Impact Summit ত OpenAI ৰ CEO ছেম অল্টমেন, আলফাবেটৰ চিইঅ’ সুন্দৰ পিচাই, গুগল ডিপমাইণ্ডৰ চিইঅ’ ডেমিছ হাছাবিছ, এন্থ্ৰপিক চিইঅ’ ডাৰিয়া আমোদেইৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

লগতে পঢ়ক: ভাৰতৰ প্ৰথটো Rail cum Road tunnel হ’ব অসমত; অসমবাসীক কেইবাটাও ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে

দিল্লীত বায়ু প্ৰদূষণৰ বিপদঘণ্টা; চীনে আগবঢ়াইছে সহায়ৰ হাত  

দিল্লীত বায়ু প্ৰদূষণৰ বিপদঘণ্টা

সময়ৰ লগে লগে ৰাজধানী নতুন দিল্লীৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হৈছে ।সমগ্ৰ ৰাজধানী-এনচিআৰ প্ৰদূষণৰ এটা তৰপে যেন অঞ্চলটো আগুৰি ধৰিছে।ইফালে বায়ু প্ৰদূষণৰ সমস্যা সন্দৰ্ভত চীনে সহায়ৰ হাত আগবঢ়াইছে।

ভাৰতত থকা চীনৰ দূতাবাসৰ মুখপাত্ৰ ইউ জিঙে এক্সত কৈছে যে,’চীনেও এটা সময়ত প্ৰদূষণৰ সৈতে যুঁজি আছিল।আমি আমাৰ যাত্ৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো।আমি আশা কৰোঁ যে ভাৰতেও তাত উপনীত হ’ব পাৰে’।

এই মন্তব্য এনে সময়ত আহিছে যেতিয়া দিল্লী-এনচিআৰত বায়ুৰ গুণাগুণ সূচকাংক অৰ্থাৎ AQI বহু স্থানত ৪০০ অতিক্ৰম কৰিছে।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (CPCP)ৰ মতে ই গুৰুতৰ শ্ৰেণীত পৰে।চিপিচিবি আৰু উত্তৰ প্ৰদেশ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি,সোমবাৰে বহু ক্ষেত্ৰত প্ৰদূষণৰ মাত্ৰা যথেষ্ট বৃদ্ধি পায়।

লগতে পঢ়ক: বৰফৰ শুভ্ৰ আচ্ছাদনে ঢাকিছে গুলমাৰ্গ; দূৰ দিগন্তলৈ মাথো শুভ্ৰ দলিচা

এটা ঘোষণা তাৰ পিছতেই হাহাকাৰ;  মহাকুম্ভলৈ যাবৰ বাবে ৰে’লত উঠিবলৈ লওতেই ১৮ জনকৈ যাত্ৰীৰ মৃত্যু

ৰাজধানী দিল্লীৰ ষ্টেচনত শনিবাৰে নিশা এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি হয়। মহাকুম্ভলৈ যাবৰ বাবে হাজাৰ হাজাৰ ভক্ত নতুন দিল্লী ষ্টেচনত ভিৰ কৰিছিল।

মহাকুম্ভলৈ যোৱা স্বাধীনতা সেনানী এক্সপ্ৰেছ আৰু ভুবনেশ্বৰ ৰাজধানী এক্সপ্ৰেছ দেৰিকৈ চলি আছিল আৰু এই ৰে’লৰ যাত্ৰীসকলো প্লেটফৰ্ম নম্বৰ ১২, ১৩ আৰু ১৪ ত উপস্থিত আছিল।

ৰে’লৱে বিভাগটোৱে প্ৰতি ঘণ্টাত ১৫০০ সাধাৰণ টিকট বিক্ৰী কৰি আছে, যাৰ বাবে ষ্টেচনত ভিৰ বাঢ়িছিল আৰু পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰিছিল।

হঠাৎ প্লেটফৰ্ম নম্বৰ ১৪ আৰু প্লেটফৰ্ম নম্বৰ ১৬ ৰ কাষত যাত্ৰীসকলৰ মাজত ভিৰ বাঢ়ি গৈছিল। সেই ভিৰৰ ফলত পদপৃষ্ট হৈ ১৮ জনকৈ যাত্ৰী মৃত্যু হয়।

মৃতসকলৰ ভিতৰত ৫ টা শিশু আৰু ৯ গৰাকী মহিলা আৰু ৪ জন পুৰুষ আছিল। এই ঘটনাটো শনিবাৰৰ নিশা প্ৰায় ১০ মান বজাত সংঘটিত হৈছিল।

ঘটনাটোৰ সময়ত, হাজাৰ হাজাৰ ভক্ত প্ৰয়াগৰাজৰ কুম্ভলৈ যাবৰ বাবে ষ্টেচনত সমবেত হৈছিল আৰু ৰে’লখনত উঠিবলৈ চেষ্টা কৰি আছিল।

পিছত ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আহতসকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়।

ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এটা পোষ্টত কৈছিল যে ষ্টেচনৰ পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে। দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) জোৱান ঘটনাস্থলীত উপস্থিত হৈছে।

নতুন দিল্লীৰ পৰা মুখ্যমন্ত্ৰীৰ ৯টা ডাঙৰ ঘোষাণা; আমেৰিকাৰ গাড়ীত থাকিব মেড ইন আছাম

বৃহস্পতিবাৰে দিল্লীত থকা অসমীয়াৰ সৈতে মত-বিনিময় কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।দিল্লীৰ ভোগালী বিশেষ অনুষ্ঠানত মত-বিনিময় কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে।

মত-বিনিময়ৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে –অসমত এতিয়া বিকাশৰ আন্দোলন আৰম্ভ হৈছে। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ বাবে অসমক যোগ্য ক্ষেত্ৰ হিচাপে বাচি লোৱা হৈছে।

ভাৰতৰ আটাইবোৰ ৰাজ্যৰ ভিতৰত বাচনি কৰিছে কেৱল অসমক। যিটো অসমৰ বাবে বহু সৌভাগ্যৰ কথা। ছেমি কণ্ডাক্টৰ উদ্যোগৰ দ্বাৰা ৪৮ নিযুত ছিপছ নিৰ্মাণ হ’ব জাগীৰোডত।

চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰাই আৰম্ভ হ’ব এই ছিপছ নিৰ্মাণৰ কাম। আমেৰিকাত যিমান গাড়ী চলিব সকলো গাড়ীতে এতিয়াৰে পৰা মেড ইন আছাম জাগীৰোড বুলি থাকিব।

ইফালে ঝুমুৰ নাচে ৰেকৰ্ডৰ কথা উল্লেখ কৰি তেওঁ কয় যে “২৪তাৰিখে গুৱাহাটীলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী গৰাকীৰ সন্মুখত ১২ হাজাৰ যুৱক-যুৱতীয়ে নাচিব ঝুমুৰ। সেইদিনাই বাগৰুম্বা নৃত্যৰো আন অভিলেখৰ বাবে চলি আছে প্ৰস্তুতি।

“নতুন দিল্লীত ১০% নতুন ভোট যোগ কৰা হৈছে”;বিজেপিৰ ওপৰত ভোট কেলেংকাৰীৰ অভিযোগ আতিশীৰ

দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে এটা ডাঙৰ অভিযোগ উত্থাপন কৰিছে। আতিশীয়ে কৈছিল যে বিজেপিয়ে দিল্লীত ভোট কেলেংকাৰী কৰি আছে।

নতুন দিল্লী বিধানসভা আসনত ভোটৰ এটা ডাঙৰ কেলেংকাৰী কৰিছে বিজেপিয়ে। নতুন দিল্লী বিধানসভাত ১০% নতুন ভোট যোগ কৰা হৈছে। নতুন ভোটাৰ তালিকাৰ সৈতে ফলাফল সলনি হ’ব।

তেওঁ কয় যে “যেতিয়া নিৰ্বাচন আয়োগৰ বুথ পৰ্যায়ৰ বিষয়াসকলে তালিকাখন সংশোধন কৰিবলৈ ঘৰে ঘৰে গৈ আছিল, তেতিয়া ভোটাৰ সলনি কৰাৰ কাম কিয় কৰা হোৱা নাছিল। এয়া স্পষ্ট যে অন্যায় উপায়েৰে ভোট কৰ্তন কৰাৰ ষড়যন্ত্ৰ চলি আছে”।

তেওঁ আৰু কয় যে”এয়া স্পষ্ট যে ভোট কটা আৰু যোগ কৰাৰ কাম এটা ষড়যন্ত্ৰৰ অধীনত কৰা হৈছে। ১০%  ভোট যোগ দিয়া আৰু ৫% ভোট বিলোপ কৰাৰ কাম চলি আছে আৰু এই গোটেই প্ৰক্ৰিয়াটো ভুলকৈ কৰা হৈছে”।