পাকিস্তানক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে হকী এছিয়া কাপ জয় ভাৰতৰ; ৰছিলে ইতিহাস

ভাৰতীয় জুনিয়ৰ হকী দলে একেৰাহে তৃতীয়বাৰৰ বাবে পুৰুষৰ জুনিয়ৰ এছিয়া কাপৰ খিতাপ জয় কৰিছে।এইবাৰ প্ৰতিযোগিতাখনৰ অন্তিম খন খেলত ভাৰতীয় দলে পাকিস্তানক ৫-৩ গ’লত পৰাস্ত কৰে। এই বিজয়ত অৰিজিত সিং হুণ্ডালে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যিয়ে অতি সুন্দৰ ষ্টাইলত ৪ টা গ’ল দিয়ে।এই সহায়ত ডিফেণ্ডিং

ভাৰতীয় জুনিয়ৰ হকী দলে একেৰাহে তৃতীয়বাৰৰ বাবে পুৰুষৰ জুনিয়ৰ এছিয়া কাপৰ খিতাপ জয় কৰিছে।এইবাৰ প্ৰতিযোগিতাখনৰ অন্তিম খন খেলত ভাৰতীয় দলে পাকিস্তানক ৫-৩ গ’লত পৰাস্ত কৰে।

এই বিজয়ত অৰিজিত সিং হুণ্ডালে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যিয়ে অতি সুন্দৰ ষ্টাইলত ৪ টা গ’ল দিয়ে।এই সহায়ত ডিফেণ্ডিং চেম্পিয়ন ভাৰতে বুধবাৰে পুৰুষৰ জুনিয়ৰ এছিয়া কাপৰ ফাইনেলত বিজয়ী হয়।

মহাদেশীয় প্ৰতিযোগিতাখনত এইটো ভাৰতৰ পঞ্চম খিতাপ।ইয়াৰ পূৰ্বে, ভাৰতে২০০৪, ২০০৮, ২০১৫ আৰু ২০২৩ চনত এই খিতাপ জয় কৰিছিল।

হুণ্ডালে চতুৰ্থ, ১৮ আৰু ৫৪ মিনিটত তিনিটা পেনাল্টি কৰ্ণাৰক গ’ললৈ ৰূপান্তৰ কৰিছিল আৰু ৪৭ মিনিটত ফিল্ডত প্ৰথমটো গ’ল দিয়ে। দিলৰাজ সিঙে (১৯ মিনিট) ভাৰতৰ হৈ আনটো গ’ল কৰে।

পাকিস্তানৰ হৈ চুফিয়ান খানে (৩০আৰু ৩৯ মিনিট) দুটা পেনাল্টি কৰ্ণাৰক গ’ললৈ ৰূপান্তৰ কৰে আনহাতে হান্নান শ্বাহিদে তৃতীয় মিনিটত ফিল্ড গ’ল কৰে।    

শেহতীয়া প্ৰৱন্ধসমূহ