এই ৪১খন দেশৰ নাগৰিকক আমেৰিকাত দিয়া নহ’ব প্ৰৱেশৰ অনুমতি!

এই ৪১খন দেশৰ নাগৰিকক আমেৰিকাত দিয়া নহ’ব প্ৰৱেশৰ অনুমতি! নিষেধাজ্ঞা আৰোপ কৰিব পাৰে ড’নাল্ড ট্ৰাম্পে

ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত ধাৰাবাহিকভাৱে কিছু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । শেহতীয়া পৰিঘটনাই প্ৰকাশ কৰিছে যে ট্ৰাম্প প্ৰশাসনে কেইবা ডজন দেশৰ নাগৰিকক আমেৰিকাত প্ৰৱেশ নিষিদ্ধ কৰিব পাৰে । বিষয়টো বিবেচনা কৰি থকা হৈছে আৰু এখন মেমো প্ৰকাশ পাইছে য’ত মুঠ ৪১খন দেশক অন্তৰ্ভুক্ত

ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত ধাৰাবাহিকভাৱে কিছু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । শেহতীয়া পৰিঘটনাই প্ৰকাশ কৰিছে যে ট্ৰাম্প প্ৰশাসনে কেইবা ডজন দেশৰ নাগৰিকক আমেৰিকাত প্ৰৱেশ নিষিদ্ধ কৰিব পাৰে । বিষয়টো বিবেচনা কৰি থকা হৈছে আৰু এখন মেমো প্ৰকাশ পাইছে য’ত মুঠ ৪১খন দেশক অন্তৰ্ভুক্ত কৰা হৈছে ।

প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে এই পত্ৰত ৪১খন দেশৰ তালিকা আছে আৰু ইয়াক তিনিটা ভিন্ন গোটত বিভক্ত কৰা হৈছে । ১০খন দেশৰ প্ৰথম গ্ৰুপত আফগানিস্তান, ইৰাণ, ছিৰিয়া, কিউবা আৰু উত্তৰ কোৰিয়া আদি দেশক অন্তৰ্ভুক্ত কৰা হৈছে, এই দেশসমূহৰ ভিছা সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব ।

আন কোন কোন দেশ অন্তৰ্ভুক্ত হৈছে ?

ইৰিত্ৰিয়া, হাইটি, লাওছ, ম্যানমাৰ আৰু দক্ষিণ চুডানকে ধৰি পাঁচখন দেশৰ দ্বিতীয়টো গোটে আংশিকভাৱে নিলম্বনৰ সন্মুখীন হ’ব, যাৰ ফলত কিছুমান ব্যতিক্ৰম বাদ দি পৰ্যটক আৰু ছাত্ৰ ভিছাৰ লগতে অন্যান্য অপ্ৰৱাশী ভিছাতো প্ৰভাৱ পৰিব ।

পত্ৰখনত কোৱা হৈছে যে তৃতীয় গোটত পাকিস্তান, ভূটান, ম্যানমাৰকে ধৰি মুঠ ২৬খন দেশলৈ আমেৰিকাৰ ভিছা প্ৰদানৰ আংশিক নিষেধাজ্ঞাৰ কথা বিবেচনা কৰা হ’ব যদিহে তেওঁলোকৰ চৰকাৰে ৬০ দিনৰ ভিতৰত অভাৱ দূৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ নকৰে । নিউয়ৰ্ক টাইমছে প্ৰথমে এই কথা প্ৰকাশ কৰিছিল ।

জানুৱাৰী মাহত ড’নাল্ড ট্ৰাম্পে এই নিৰ্দেশ জাৰি কৰিছিল-

২০ জানুৱাৰীত ট্ৰাম্পে এক কাৰ্যবাহী আদেশ জাৰি কৰিছিল যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ভাবুকি ধৰা পেলাবলৈ আমেৰিকাত প্ৰৱেশ কৰিব বিচৰা যিকোনো বিদেশীৰ ওপৰত কঠোৰ নিৰাপত্তা পৰীক্ষাৰ প্ৰয়োজন আছে । সেই ক্ৰমত কেইবাজনো কেবিনেট সদস্যক ২১ মাৰ্চৰ ভিতৰত এনে দেশৰ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল, য’ৰ পৰা যাত্ৰা আংশিকভাৱে বা সম্পূৰ্ণৰূপে স্থগিত ৰখা উচিত ।

শেহতীয়া প্ৰৱন্ধসমূহ