সিন্ধু জল চুক্তি আৰু PoK

‘শুনা পাকিস্তান! কথা পাতিম কিন্তু…’; সিন্ধু চুক্তি আৰু PoK ক লৈ বৈদেশিক মন্ত্ৰালয়ে দিলে প্ৰত্যুত্তৰ

সিন্ধু জল চুক্তি আৰু PoK বৃহস্পতিবাৰে বৈদেশিক মন্ত্ৰালয়ে এখন সংবাদমেল যোগে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত যিকোনো বিষয় দ্বিপাক্ষিক আৰু ইয়াত তৃতীয় পক্ষৰ কোনো হস্তক্ষেপ গ্ৰহণযোগ্য নহয়। সংবাদমেল খনত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰা দাবী সন্দৰ্ভত এটা প্ৰশ্ন কৰা

সিন্ধু জল চুক্তি আৰু PoK

বৃহস্পতিবাৰে বৈদেশিক মন্ত্ৰালয়ে এখন সংবাদমেল যোগে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত যিকোনো বিষয় দ্বিপাক্ষিক আৰু ইয়াত তৃতীয় পক্ষৰ কোনো হস্তক্ষেপ গ্ৰহণযোগ্য নহয়।

সংবাদমেল খনত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰা দাবী সন্দৰ্ভত এটা প্ৰশ্ন কৰা হৈছিল, য’ত তেওঁ কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি সন্দৰ্ভত তেওঁৰ প্ৰচেষ্টাই ফল দিলে আৰু তেওঁ দুয়োখন দেশৰ মাজত মধ্যস্থতাকাৰীৰ ক্ষেত্ৰতো ইতিবাচক আছিল।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালেও কয় যে ভাৰত পাকিস্তানৰ সৈতে আলোচনা কৰিবলৈ সাজু, কিন্তু ভাৰতে দিয়া সন্ত্ৰাসবাদীৰ তালিকা আৰু সন্ত্ৰাসবাদীক গতাই দিয়াৰ বিষয়ে আলোচনা হ’ব।

তেওঁ স্পষ্টকৈ কৈছিল যে কথা-বতৰা আৰু আতংক একেলগে যাব নোৱাৰে।পাকিস্তান দখল কাশ্মীৰ (পি অ’ কে) ঘূৰাই অনা আৰু ইয়াক খালী কৰাৰ সন্দৰ্ভত পাকিস্তানৰ সৈতে দ্বিপাক্ষিক আলোচনা হ’ব বুলিও তেওঁ কয়।

কিমান দিনলৈ স্থগিত থাকিব সিন্ধু জল সন্ধি? এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে যেতিয়ালৈকে পাকিস্তানে বিশ্বাসযোগ্যভাৱে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰে, তেতিয়া লৈকে সিন্ধু জল চুক্তি বাতিল হৈ থাকিব।

লগতে পঢ়ক ; কামত নাহিব পৰমাণু বোমাৰ ভাবুকি… পাকিস্তানক পুনৰ সকীয়নি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে !

শেহতীয়া প্ৰৱন্ধসমূহ