‘সন্ত্ৰাসবাদ আৰু সহযোগিতা একেলগে চলিব নোৱাৰে’; ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

সিন্ধু জল চুক্তিক লৈ পুনৰ এবাৰ ৰাষ্ট্ৰসংঘত পাকিস্তানক ক্ষুৰধাৰ সমালোচনা কৰিছে ভাৰতে । চুবুৰীয়া দেশখনক ফ্ৰাংকেনষ্টাইন ৰাষ্ট্ৰ আখ্যা দি ভাৰতে কয় যে, পাকিস্তানে ভাৰতৰ ভূখণ্ডৰ প্ৰতি লোভ কৰাৰ পৰিৱৰ্তে নিজৰ ঘৰখন চম্ভালিলে দেশখনৰ জনসাধাৰণৰ অধিক মংগল হ’ব ।

ঐতিহাসিক সিন্ধু জল চুক্তিক বৰ্তমান সময়ৰ বাবে “অপ্ৰাসংগিক” আৰু অনুপযোগী আখ্যা দি ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদত পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে ভাৰতে । নতুন দিল্লীয়ে স্পষ্টকৈ জনাই দিছে যে যিখন দেশে ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি আহিছে, সেই দেশে সদিচ্ছা আৰু বন্ধুত্বৰ ভিত্তিত গঢ়ি উঠা সহযোগিতাৰ সুবিধা লাভ কৰাৰ আশা কৰিব নোৱাৰে ।

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ ৬২-তম অধিৱেশনত ভাৰতৰ উত্তৰ দিয়াৰ অধিকাৰ ব্যৱহাৰ কৰি পাকিস্তানৰ সকলো অভিযোগ প্ৰত্যাখ্যান কৰে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনৰ প্ৰথম সচিব অনুপমা সিঙে । আন্তঃৰাষ্ট্ৰীয় মঞ্চত দ্বিপাক্ষিক বিষয়সমূহ বাৰে বাৰে উত্থাপন কৰাৰ বাবে তেওঁ ইছলামাবাদৰ প্ৰচেষ্টাক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

১৯৬০ চনৰ চুক্তি চিৰস্থায়ী অধিকাৰ হ’ব নোৱাৰে

সিন্ধু জল চুক্তি সন্দৰ্ভত ভাৰতৰ স্থিতি স্পষ্ট কৰি কূটনীতিবিদ অনুপমা সিঙে কয়-

“যিখন দেশে নীতি হিচাপে সন্ত্ৰাসবাদ ৰপ্তানি কৰে, সেই দেশে সদিচ্ছা আৰু বন্ধুত্বৰ ওপৰত প্ৰতিষ্ঠিত সহযোগিতাৰ সুযোগ দাবী কৰাটো যুক্তিহীন । এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে এই চুক্তিখন এতিয়া পুৰণি হৈ পৰিছে । বিশ্বখন ইমান সলনি হৈ যোৱাৰ পিছত কোনো কাৰিকৰী ব্যৱস্থা চিৰকালৰ বাবে একেই থাকিব নোৱাৰে । ১৯৬০ চনত আলোচনা কৰা এখন চুক্তিক এক চিৰস্থায়ী অধিকাৰ হিচাপে গণ্য কৰিব নোৱাৰি, যাক জবাবদিহিতাৰ পৰা মুক্ত আৰু বৰ্তমানৰ বাস্তৱতাৰ পৰা আঁতৰত কৰি ৰখা হ’ব ।”

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হৈছিল । ইয়াৰ পিছতে ভাৰতে ১৯৬০ চনৰ সিন্ধু জল চুক্তিখন সাময়িকভাৱে স্থগিত ৰাখিছে । পাকিস্তানে আন্তঃসীমান্ত সন্ত্ৰাসবাদৰ প্ৰতি থকা নিজৰ সমৰ্থন বিশ্বাসযোগ্যভাৱে আৰু স্থায়ীভাৱে ত্যাগ নকৰা পৰ্যন্ত এই সিদ্ধান্ত বাহাল থাকিব বুলি ভাৰতে স্পষ্ট কৰি দিয়ে ।

সিন্ধু নদীৰ ওপৰত নিৰ্ভৰশীল পাকিস্তানৰ কৃষি

কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, পাকিস্তান নিজৰ অৰ্থনীতি আৰু কৃষিৰ বাবে সম্পূৰ্ণৰূপে সিন্ধু নদীৰ ওপৰত নিৰ্ভৰশীল । দেশখনে নিজৰ ১৬ নিযুত হেক্টৰ কৃষিপথাৰৰ ৮০ শতাংশ আৰু মুঠ পানী ব্যৱহাৰৰ ৯৩ শতাংশ কেৱল সিন্ধু নদী তন্ত্ৰৰ পৰাই লাভ কৰে । ইয়াৰ পিছতো ভাৰতবিৰোধী কাৰ্যকলাপ চলাই থকা কাৰ্যক ভাৰতে গৰিহণা দিছে ।

পাকিস্তান এক ‘ফ্ৰাংকেনষ্টাইন ৰাষ্ট্ৰ’

অনুপমা সিঙে লগতে মন্তব্য কৰে যে পাকিস্তানে ভাৰতৰ ভূখণ্ডৰ প্ৰতি লোভ কৰাৰ পৰিৱৰ্তে নিজৰ ঘৰখন চম্ভালিলে দেশখনৰ জনসাধাৰণৰ অধিক মংগল হ’ব । পাকিস্তানক এক “ফ্ৰাংকেনষ্টাইন ৰাষ্ট্ৰ” বুলি বৰ্ণনা কৰি তেওঁ কয়-

“এইখন এনে এখন দেশ য’ত প্ৰতিৰক্ষা মন্ত্ৰীয়ে নিজেই ৰাজ্যিক নীতি হিচাপে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া, প্ৰশিক্ষণ দিয়া আৰু মোতায়েন কৰাৰ অহংকাৰ কৰে, অথচ পাকিস্তানে নিজকে সন্ত্ৰাসবাদৰ বলি বুলি দাবী কৰে । এয়া এক ফ্ৰাংকেনষ্টাইন ৰাষ্ট্ৰৰ জীৱন্ত উদাহৰণ, যাৰ নিজৰ পোহনীয়া অসুৰটোৱে যেতিয়া নিজে কামুৰে, তেতিয়া তেওঁলোক আচৰিত হৈ পৰে ।”

জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ

ভাৰতীয় কূটনীতিবিদগৰাকীয়ে জম্মু-কাশ্মীৰ সন্দৰ্ভত পাকিস্তান আৰু ইছলামিক সহযোগিতা সংস্থা-ই কৰা মন্তব্যও দৃঢ়তাৰে প্ৰত্যাখ্যান কৰে । তেওঁ স্পষ্ট কৰি দিয়ে যে পাকিস্তানৰ এই প্ৰচাৰ কেৱল নিজৰ ঘৰুৱা ব্যৰ্থতা আৰু সন্ত্ৰাসবাদৰ সমৰ্থনক লুকুৱাবলৈ কৰা এক প্ৰয়াসহে । জম্মু-কাশ্মীৰ সদায় ভাৰতৰ এক অবিচ্ছেদ্য অংগ আছিল আৰু থাকিব । বৰ্তমান একমাত্ৰ সমাধান নোহোৱা বিষয়টো হ’ল ভাৰতীয় ভূখণ্ডৰ ওপৰত পাকিস্তানৰ অবৈধ দখলদাৰিত্বহে ।

লগতে পঢ়ক : ইৰাণৰ সৈতে যুদ্ধৰ অৱসান : ঐতিহাসিক বুজাবুজিৰ চুক্তিত ড’নাল্ড ট্ৰাম্পৰ স্বাক্ষৰ

সিন্ধু জলসন্ধি কেতিয়াও পুনৰ কাৰ্যকৰী নহয়… পাকিস্তানৰ আশাত চেঁচা পানী ঢালি ক’লে অমিত শ্বাহে

সিন্ধু জলসন্ধি কেতিয়াও পুনৰ কাৰ্যকৰী নহয়

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পাকিস্তানৰ সৈতে হোৱা সিন্ধু জলসন্ধি স্থগিত ৰাখে । ৰয়টাৰৰ মতে, এই চুক্তি পুনৰ বাহাল কৰিবলৈ ভাৰতৰ কোনো ইচ্ছা নাই । গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে স্পষ্ট কৰি দিয়ে যে ইছলামবাদৰ সৈতে কেতিয়াও সিন্ধু জলসন্ধি বাহাল ৰখা নহ’ব । টাইমছ এক সাক্ষাৎকাৰত এই মন্তব্য কৰে অমিত শ্বাহে । তেওঁ কয় যে পাকিস্তানলৈ বৈ যোৱা পানী আভ্যন্তৰীণ ব্যৱহাৰৰ বাবে ডাইভাৰ্ট কৰা হ’ব ।

পাকিস্তানৰ আশাত চেঁচা পানী-

অমিত শ্বাহে কয় যে ২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে ১৯৬০ চনৰ সিন্ধু নদী ব্যৱস্থাৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা সন্ধি “স্থগিত” কৰিছিল । এই সন্ধিৰ জৰিয়তে ভাৰতৰ মাজেৰে বৈ যোৱা তিনিখন নদীৰ পানী পাকিস্তানৰ ৮০% কৃষিভূমিৰ বাবে সুবিধাৰ নিশ্চয়তা দিয়া হৈছিল ।

বাহাল নহয় সিন্ধু জল সন্ধি-

উল্লেখ্য যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানে নিজৰ কোনো ভূমিকা অস্বীকাৰ কৰিছে । কিন্তু দুয়োখন দেশৰ মাজত উত্তেজনা সৃষ্টি হোৱাৰ পাছত যুদ্ধবিৰতিৰ চুক্তি হোৱাৰ পাছতো এই সন্ধি নিষ্ক্ৰিয় হৈ আছে । অমিত শ্বাহে স্পষ্ট কৰি দিছিল যে এই চুক্তি কেতিয়াও বাহাল নহয় । তেওঁ কয় যে পাকিস্তান অভিমুখে বৈ যোৱা পানীখিনি আমি খাল নিৰ্মাণ কৰি ৰাজস্থানলৈ লৈ যাম । পাকিস্তানে অনুচিতভাৱে পোৱা পানী নাপাব । অমিত শ্বাহৰ এই নতুন মন্তব্যই অদূৰ ভৱিষ্যতে সন্ধি সন্দৰ্ভত আলোচনাৰ বাবে পাকিস্তানৰ আশাক স্তব্ধ কৰি তুলিছে ।

লগতে পঢ়ক : ‘পাঞ্জা আৰু লালটেনে বিহাৰৰ আত্মসন্মানক আঘাত কৰিছে’; প্ৰধানমন্ত্ৰী মোদী

‘শুনা পাকিস্তান! কথা পাতিম কিন্তু…’; সিন্ধু চুক্তি আৰু PoK ক লৈ বৈদেশিক মন্ত্ৰালয়ে দিলে প্ৰত্যুত্তৰ

সিন্ধু জল চুক্তি আৰু PoK

বৃহস্পতিবাৰে বৈদেশিক মন্ত্ৰালয়ে এখন সংবাদমেল যোগে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত যিকোনো বিষয় দ্বিপাক্ষিক আৰু ইয়াত তৃতীয় পক্ষৰ কোনো হস্তক্ষেপ গ্ৰহণযোগ্য নহয়।

সংবাদমেল খনত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰা দাবী সন্দৰ্ভত এটা প্ৰশ্ন কৰা হৈছিল, য’ত তেওঁ কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি সন্দৰ্ভত তেওঁৰ প্ৰচেষ্টাই ফল দিলে আৰু তেওঁ দুয়োখন দেশৰ মাজত মধ্যস্থতাকাৰীৰ ক্ষেত্ৰতো ইতিবাচক আছিল।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালেও কয় যে ভাৰত পাকিস্তানৰ সৈতে আলোচনা কৰিবলৈ সাজু, কিন্তু ভাৰতে দিয়া সন্ত্ৰাসবাদীৰ তালিকা আৰু সন্ত্ৰাসবাদীক গতাই দিয়াৰ বিষয়ে আলোচনা হ’ব।

তেওঁ স্পষ্টকৈ কৈছিল যে কথা-বতৰা আৰু আতংক একেলগে যাব নোৱাৰে।পাকিস্তান দখল কাশ্মীৰ (পি অ’ কে) ঘূৰাই অনা আৰু ইয়াক খালী কৰাৰ সন্দৰ্ভত পাকিস্তানৰ সৈতে দ্বিপাক্ষিক আলোচনা হ’ব বুলিও তেওঁ কয়।

কিমান দিনলৈ স্থগিত থাকিব সিন্ধু জল সন্ধি? এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে যেতিয়ালৈকে পাকিস্তানে বিশ্বাসযোগ্যভাৱে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰে, তেতিয়া লৈকে সিন্ধু জল চুক্তি বাতিল হৈ থাকিব।

লগতে পঢ়ক ; কামত নাহিব পৰমাণু বোমাৰ ভাবুকি… পাকিস্তানক পুনৰ সকীয়নি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে !

‘সিন্ধু জল সন্ধিক লৈ পুনৰ বিবেচনা কৰক’; পানী শুকাই যোৱাত বিচলিত হৈ ভাৰতলৈ পাকিস্তানে লিখিলে চিঠি

সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ ভাৰতক আনুষ্ঠানিকভাৱে আহ্বান জনাইছে পাকিস্তানে।জানিব পৰা মতে, পাকিস্তানৰ জলসম্পদ মন্ত্ৰালয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়লৈ পত্ৰ লিখি তেওঁলোকক সতৰ্ক কৰি দিছে যে নতুন দিল্লীয়ে সন্ধি বন্ধ কৰাৰ পদক্ষেপে পাকিস্তানত সংকটৰ সৃষ্টি কৰিব পাৰে।

পাকিস্তান চৰকাৰে বুধবাৰে (১৪ মে’, ২০২৫) ভাৰতৰ জল শক্তি মন্ত্ৰালয়লৈ এখন পত্ৰ লিখি সিন্ধু জল সন্ধি স্থগিত ৰখাৰ বিষয়ে পুনৰ বিবেচনা কৰিবলৈ আবেদন জনায়।

পাকিস্তানৰ জলসম্পদ সচিবে লিখিছে এখন চিঠি

পাকিস্তানৰ জলসম্পদ সচিব চৈয়দ আলী মুৰ্তাজাই ভাৰতলৈ এখন চিঠি লিখিছে যে, “সিন্ধু জল সন্ধি স্থগিত ৰখাৰ বাবে পাকিস্তানত খাৰিফ শস্যৰ বাবে বৃহৎ জল সংকট হৈছে, গতিকে সিন্ধু জল সন্ধি পুনৰ বিবেচনা কৰক।”

পাকিস্তানে এই পত্ৰৰ প্ৰতিলিপি ভাৰতৰ বৈদেশিক মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে।অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে ভাৰতে পৰা কোনো প্ৰতিক্ৰিয়া দিয়া নাই।