নতুন বছৰৰ পৰা নতুন নিয়ম… সহানুভূতি বা সহৃদয়তাই কাম নকৰিব, ভিক্ষা  দিলেই দাখিল হ’ব FIR

ভাৰতৰ এখন ৰাজ্যৰ এখন চহৰক ভিক্ষাৰী মুক্ত কৰিবলৈ জিলা প্ৰশাসনে ভিক্ষাৰীক দান দিয়াসকলৰ বিৰুদ্ধে ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা এফ আই আৰ পঞ্জীয়ন আৰম্ভ কৰিব । জিলা আয়ুক্ত আশীষ সিঙে কয় যে ইতিমধ্যে প্ৰশাসনে চহৰত ভিক্ষা নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে । আয়ুক্তগৰাকীয়ে কয়, “এই

ভাৰতৰ এখন ৰাজ্যৰ এখন চহৰক ভিক্ষাৰী মুক্ত কৰিবলৈ জিলা প্ৰশাসনে ভিক্ষাৰীক দান দিয়াসকলৰ বিৰুদ্ধে ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা এফ আই আৰ পঞ্জীয়ন আৰম্ভ কৰিব । জিলা আয়ুক্ত আশীষ সিঙে কয় যে ইতিমধ্যে প্ৰশাসনে চহৰত ভিক্ষা নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে ।

আয়ুক্তগৰাকীয়ে কয়, “এই মাহৰ শেষলৈকে (ডিচেম্বৰ) মহানগৰীত আমাৰ ভিক্ষাৰ বিৰুদ্ধে সজাগতা অভিযান চলিব । ১ জানুৱাৰীৰ পৰা যদি কোনো ব্যক্তিয়ে দান-বৰঙণি দিয়া দেখা যায় তেন্তে তেওঁৰ বিৰুদ্ধেও এফ আই আৰ ৰুজু কৰা হ’ব । মই সকলো বাসিন্দাকে অনুৰোধ জনাইছো যে মানুহক ভিক্ষা দি পাপৰ অংশীদাৰ নহ’ব ।”

তেওঁ কয় যে যোৱা কেইমাহমানত প্ৰশাসনে মানুহক ভিক্ষা কৰিবলৈ বাধ্য কৰা বহু গেং উৎখাত কৰাৰ লগতে ভিক্ষাৰ লগত জড়িত বহু লোকক পুনৰ সংস্থাপন দিয়া হৈছে । উল্লেখ্য যে, মধ্য প্ৰদেশৰ ইন্দোৰত এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে ।

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে দেশৰ ১০খন চহৰক ভিক্ষাৰী মুক্ত কৰাৰ বাবে এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰিছে, য’ত ইন্দোৰকো অন্তৰ্ভুক্ত কৰা হৈছে । জানিব পৰা মতে ইন্দোৰক ভিক্ষাৰী মুক্ত কৰাৰ স্বাৰ্থত আৰক্ষী আৰু প্ৰশাসনৰ দলে শেহতীয়াকৈ ১৪ জন ভিক্ষুক গ্ৰেপ্তাৰ কৰিছিল । এই অভিযানত ৰাজৱাড়াৰ শনি মন্দিৰৰ সমীপত ভিক্ষা খুজি থকা এগৰাকী মহিলাৰ পৰা উদ্ধাৰ কৰা হয় মাত্ৰ ১০-১২ দিনতে সংগ্ৰহ কৰা ৭৫ হাজাৰ টকা ।

প্ৰকল্প বিষয়াগৰাকীয়ে কয় যে মহানগৰীৰ কিছু পৰিয়াল বাৰে বাৰে ধৰা পৰাৰ পিছতো ভিক্ষা বৃত্তিত ব্যস্ত হৈ পৰিছে । এই অভিযানৰ অধীনত তেওঁলোককো কঠোৰ নিৰীক্ষণ কৰা হৈছে ।

শেহতীয়া প্ৰৱন্ধসমূহ