পৰকিয়া প্ৰেম; ৰাজ কুশৱাহা সৈতে সোনমৰ আছিল প্ৰেমৰ সম্পৰ্ক, চুপাৰী কিলাৰৰ সহযোগত হত্যা

ৰাজ কুশৱাহা সৈতে সোনমৰ আছিল প্ৰেমৰ সম্পৰ্ক

 ইন্দোৰৰ নৱবিবাহিত দম্পতী ৰাজা ৰঘুবংশীৰ হত্যা আৰু পত্নী সোণম ৰঘুবংশীৰ নিৰুদ্দেশৰ গোচৰত এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে।

উত্তৰ প্ৰদেশৰ গাজীপুৰৰ নন্দগঞ্জৰ এখন ধাবাৰ সমীপত সোনমক উদ্ধাৰ কৰি জিম্মাত লোৱা হয়।বিয়াৰ মাত্ৰ কেইদিনমান পিছতে কিয় স্বামীক এনে নৃশংসতাৰে হত্যা কৰিলে সোনমে, সেই প্ৰশ্ন এতিয়া প্ৰতিগৰাকী লোকৰ মনত উদয় হৈছে।

জানিব পৰা মতে, ৰাজ কুশৱাহা সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই সোনমে ৰাজাক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল।এই গোচৰত ইন্দোৰৰ পৰা ২ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে, আনহাতে উত্তৰ প্ৰদেশৰ এজন অভিযুক্ত এতিয়াও পলাতক হৈ আছে।

দেওবাৰে পুৱা ৩ৰ পৰা ৪ বজাৰ ভিতৰত গাজীপুৰৰ নন্দগঞ্জৰ এখন ধাবাত উপস্থিত হয় সোনম।তাৰ পৰাই তেওঁ ধাবাৰ মালিকৰ ফোনৰ পৰা ভায়েক গোবিন্দ ৰঘুবংশীলৈ ভিডিঅ’ কল কৰি গাজীপুৰত থকাৰ কথা সদৰি কয়।

লগে লগে গোবিন্দে ইন্দোৰ আৰক্ষীক খবৰ দিয়ে, যিয়ে গাজীপুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰে।তাৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সোনমক।

উল্লেখ্য যে যোৱা ২০ মে’ত মেঘালয়ৰ শ্বিলঙলৈ হনিমুনৰ বাবে যোৱা ৰাজা আৰু সোনম ২৩ মে’ত নংগ্ৰিয়াট গাঁৱৰ এটা হোমষ্টেৰ পৰা চেক আউট কৰাৰ পিছত নিৰুদ্দেশ হৈছিল।

আৰক্ষীয়ে কৰা তদন্তত ২ জুনত ভেইছাৱাডং জলপ্ৰপাতৰ সমীপৰ গভীৰ জংঘলৰ পৰা ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল, যিয়ে এইটো হত্যাকাণ্ড বুলি নিশ্চিত কৰিছিল।

আৰক্ষীয়ে তদন্ত কৰাৰ সময়ত চেৰাপুঞ্জীৰ দ খাৱৈতে উদ্ধাৰ হোৱা সোনমৰ জাকেটত  আৰক্ষীয়ে প্ৰত্যক্ষ কৰিছিল তেজৰ দাগ। তাৰ পিছতে মেঘালয় আৰক্ষীৰ মনত সন্দেহ উপজিছিল।

আৰু তদন্তৰ অন্তত সোনমে সদৰি কৰিছে যে বিবাহৰ পূৰ্বে ৰাজ কুশৱাহা নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল তেওঁ, যাৰ বাবে ৰাজাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল তেওঁলোকে।

সোনমে লগতে কয় যে,  এই ৩হত্যাকাৰীৰ ভিতৰত আছে সোনমৰ পৰকীয়া প্ৰেমিক ৰাজ কুশৱাহা।গ্ৰেপ্তাৰৰ সময়তো ধাবাখনত একেলগে আছিল ৰাজ কুশৱাহা আৰু সোনম।  

ইফালে সোমনৰ পৰিয়ালে এই সমগ্ৰ কাণ্ডত তৃতীয় পক্ষৰ হাত আছে বুলি কৈছে । সোনমৰ পিতৃৰ মতে সকলোৰে অনুমতিৰ পিছত হে সম্পন্ন হৈছিল বিয়াখন। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান সোধা-পোচা অৱ্যাহত ৰাখিছে।

লগতে পঢ়ক: স্পেইনক পৰাস্ত কৰি নেচনছ লীগৰ চেম্পিয়ন পৰ্তুগাল; উচুপি উঠিল ৰোনাল্ডো

নতুন বছৰৰ পৰা নতুন নিয়ম… সহানুভূতি বা সহৃদয়তাই কাম নকৰিব, ভিক্ষা  দিলেই দাখিল হ’ব FIR

ভাৰতৰ এখন ৰাজ্যৰ এখন চহৰক ভিক্ষাৰী মুক্ত কৰিবলৈ জিলা প্ৰশাসনে ভিক্ষাৰীক দান দিয়াসকলৰ বিৰুদ্ধে ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা এফ আই আৰ পঞ্জীয়ন আৰম্ভ কৰিব । জিলা আয়ুক্ত আশীষ সিঙে কয় যে ইতিমধ্যে প্ৰশাসনে চহৰত ভিক্ষা নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে ।

আয়ুক্তগৰাকীয়ে কয়, “এই মাহৰ শেষলৈকে (ডিচেম্বৰ) মহানগৰীত আমাৰ ভিক্ষাৰ বিৰুদ্ধে সজাগতা অভিযান চলিব । ১ জানুৱাৰীৰ পৰা যদি কোনো ব্যক্তিয়ে দান-বৰঙণি দিয়া দেখা যায় তেন্তে তেওঁৰ বিৰুদ্ধেও এফ আই আৰ ৰুজু কৰা হ’ব । মই সকলো বাসিন্দাকে অনুৰোধ জনাইছো যে মানুহক ভিক্ষা দি পাপৰ অংশীদাৰ নহ’ব ।”

তেওঁ কয় যে যোৱা কেইমাহমানত প্ৰশাসনে মানুহক ভিক্ষা কৰিবলৈ বাধ্য কৰা বহু গেং উৎখাত কৰাৰ লগতে ভিক্ষাৰ লগত জড়িত বহু লোকক পুনৰ সংস্থাপন দিয়া হৈছে । উল্লেখ্য যে, মধ্য প্ৰদেশৰ ইন্দোৰত এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে ।

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে দেশৰ ১০খন চহৰক ভিক্ষাৰী মুক্ত কৰাৰ বাবে এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰিছে, য’ত ইন্দোৰকো অন্তৰ্ভুক্ত কৰা হৈছে । জানিব পৰা মতে ইন্দোৰক ভিক্ষাৰী মুক্ত কৰাৰ স্বাৰ্থত আৰক্ষী আৰু প্ৰশাসনৰ দলে শেহতীয়াকৈ ১৪ জন ভিক্ষুক গ্ৰেপ্তাৰ কৰিছিল । এই অভিযানত ৰাজৱাড়াৰ শনি মন্দিৰৰ সমীপত ভিক্ষা খুজি থকা এগৰাকী মহিলাৰ পৰা উদ্ধাৰ কৰা হয় মাত্ৰ ১০-১২ দিনতে সংগ্ৰহ কৰা ৭৫ হাজাৰ টকা ।

প্ৰকল্প বিষয়াগৰাকীয়ে কয় যে মহানগৰীৰ কিছু পৰিয়াল বাৰে বাৰে ধৰা পৰাৰ পিছতো ভিক্ষা বৃত্তিত ব্যস্ত হৈ পৰিছে । এই অভিযানৰ অধীনত তেওঁলোককো কঠোৰ নিৰীক্ষণ কৰা হৈছে ।