দিলজিৎ দোসাঞ্জ

দিলজিৎ দোসাঞ্জৰ ‘চৰ্দাৰ জী ৩’ ত স্থগিতাদেশ; পাক অভিনেত্ৰীৰ বাবে আহিছে বাধা

দিলজিৎ দোসাঞ্জৰ ছবিত পাক অভিনেত্ৰী দেওবাৰে গভীৰ নিশা অভিনেতা তথা গায়ক দিলজিৎ দোসাঞ্জে ‘চৰ্দাৰ জী ৩’ ছবিখনৰ ট্ৰেইলাৰ মুক্তি দিয়ে। ২৭ জুনত মুক্তি পাবলগীয়া এই ছবিখনত পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰেও অভিনয় কৰিছিল। ভাৰতত পাকিস্তানী তাৰকাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো হানিয়াৰ পাঞ্জাবী ছবিত অভিনয়ে বহুতকে

দিলজিৎ দোসাঞ্জৰ ছবিত পাক অভিনেত্ৰী

দেওবাৰে গভীৰ নিশা অভিনেতা তথা গায়ক দিলজিৎ দোসাঞ্জে ‘চৰ্দাৰ জী ৩’ ছবিখনৰ ট্ৰেইলাৰ মুক্তি দিয়ে। ২৭ জুনত মুক্তি পাবলগীয়া এই ছবিখনত পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰেও অভিনয় কৰিছিল।

ভাৰতত পাকিস্তানী তাৰকাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো হানিয়াৰ পাঞ্জাবী ছবিত অভিনয়ে বহুতকে বিচলিত কৰিছে।

 উল্লেখযোগ্য যে ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত যথেষ্ট উত্তেজনা সৃষ্টি হৈছিল আৰু ভাৰতত সকলো পাকিস্তানী শিল্পীক নিষিদ্ধ কৰা হৈছিল।

সেয়ে ‘চৰ্দাৰ জী ৩’ত হানিয়াই অভিনয় কৰাৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছে। কিন্তু এই বিতৰ্ক তীব্ৰতৰ হোৱাৰ পূৰ্বে নিৰ্মাতাসকলে স্পষ্ট কৰি দিছে যে এই ছবিখন ভাৰতত মুক্তি নাপাব।

বিষয়টো কেৱল হানিয়া আমিৰৰ মাজতে সীমাবদ্ধ নহয়। আন আন পাকিস্তানী অভিনেতা যেনে নাছিৰ চিন্যোতি, ডানিয়াল খোৱাৰ, চেলিম আলবেলাও ছবিখনত উপস্থিত আছে। ইয়াৰ বাবেই ছবিখন আৰু ভাৰতত মুক্তি নাপাব।

আমোদজনক কথাটো হ’ল ছবিখনৰ ট্ৰেইলাৰ ইউটিউবত উপলব্ধ নহয়। দিলজিৎ দোসাঞ্জে নিজৰ ব্যক্তিগত ছ’চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰিছে। এই কাৰণেই ট্ৰেইলাৰটোৰ প্ৰৱেশ সীমিত হৈ পৰিছে আৰু মানুহে ইয়াক সাধাৰণতে বিচাৰিব পৰা নাই।

‘চৰ্দাৰ জী ৩’ ছবিৰ সহ-প্ৰযোজক গুণবীৰ সিং সিদ্ধুৱে কয় যে, ‘আমাৰ ছবিখনৰ দৃশ্যগ্ৰহণ ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বহু আগতেই হৈছিল, কিন্তু সাম্প্ৰতিক পৰিস্থিতি আৰু ভাৰতীয় জনসাধাৰণৰ আৱেগক মনত ৰাখি আমি ছবিখন ভাৰতত মুক্তি দিয়া নাই। গুণবীৰে আৰু কয় যে তেওঁলোকে ভাৰতত ছবিখন মুক্তিৰ বাবে উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰিব।

অহা ২৭ জুনত বাহিৰাদেশ অৰ্থাৎ ভাৰতৰ বাহিৰত মুক্তি পাব ‘চৰ্দাৰ জী ৩’। ছবিখনত ৰোমাঞ্চ, একচন, কমেডী আৰু থ্ৰিলৰ এক সুন্দৰ মিশ্ৰণ আছে, যিয়ে ইয়াক সম্পূৰ্ণ মনোৰঞ্জনৰ পেকেজ কৰি তোলিছে।

লগতে পঢ়ক: ‘অনুপমা’ৰ শ্বুটিং স্থলীত ভয়ংকৰ অগ্নিকাণ্ড; জ্বলি ছাই হ’ল ষ্টুডিঅ’

শেহতীয়া প্ৰৱন্ধসমূহ